--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় জনতা পাৰ্টীৰ ওপৰত ক্ষুব্ধ হৈ পৰা কোলাৰাছৰ বিধায়ক বীৰেন্দ্ৰ ৰঘুবংশীয়ে অৱশেষত দলৰ সকলো পদৰ পৰা পদত্যাগ কৰে। পদত্যাগ কৰাৰ সমান্তৰালকৈ তেওঁ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু তেওঁৰ সমৰ্থক মন্ত্ৰী প্ৰদ্যুমান সিং টোমাৰ আৰু মহেন্দ্ৰ সিং ছিছোদিয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে। ৰক্ষাবন্ধন উৎসৱ শেষ হোৱাৰ লগে লগে মধ্যপ্ৰদেশৰ ৰাজনীতি আকৌ এবাৰ উত্তপ্ত হৈ পৰিছে।

কোলাৰাছৰ বিধায়ক বীৰেন্দ্ৰ ৰঘুবংশীয়ে বিজেপিৰ পৰা পদত্যাগ কৰি চৰকাৰৰ তিনি বছৰীয়া কাৰ্যকালক লৈ অসন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে বিজেপিৰ ৩ বছৰীয়া কাৰ্যকালত কোলাৰাছত দুৰ্নীতিগ্ৰস্ত বিষয়া নিযুক্তি দিয়া হৈছিল। এই সন্দৰ্ভত তেওঁ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু দলৰ জ্যেষ্ঠ নেতাসকলৰ ওচৰত অহৰহ অভিযোগ তুলিছিল যদিও কোনেও গুৰুত্ব নিদিলে। কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ বিৰুদ্ধেও বীৰেন্দ্ৰ ৰঘুবংশীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰে।

বিধায়ক বীৰেন্দ্ৰ ৰঘুবংশীয়ে কয় যে তেওঁ কংগ্ৰেছত আছিল যদিও জ্যোতিৰাদিত্য সিন্ধিয়াক লৈ অসন্তুষ্ট হৈ বিজেপিত যোগদান কৰে। সিন্ধিয়ায়ো বিজেপিত যোগদান কৰে, যাৰ বাবে তেওঁ বিজেপি ত্যাগ কৰিবলগীয়া হয়। ৰঘুবংশীয়ে কয় যে ডেৰ-দুবছৰ ধৰি তেওঁ জনসাধাৰণৰ বাবে কাম কৰি উন্নয়নৰ বাবে প্ৰচেষ্টা চলাইছিল যদিও সিন্ধিয়া সমৰ্থক মন্ত্ৰীসকলে তেওঁৰ প্ৰতিটো উন্নয়নমূলক কামত বাধাৰ সৃষ্টি কৰি থাকিল। আনকি তেওঁৰ বিৰুদ্ধে ভুৱা এফআইআৰ দাখিল কৰাৰ চেষ্টাও কৰা হৈছিল। এই সকলোবোৰ কাৰণতে তেওঁ বিজেপিৰ প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰিছে।













FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু