--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশত সংঘটিত হৈছে এটা ভংকৰ বাছ দুৰ্ঘটনা। ৰাজ্যখনৰ খাৰগোণ নামৰ ঠাইখনৰ পৰা ইন্দোৰলৈ গৈ থকা এখন যাত্ৰীবাহী বাছ দলঙৰ পৰা বাগৰি পৰে। এই দুৰ্ঘটনাত ১৫ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২৫ জন লোক আহত হৈছে।

 মঙলবাৰে পুৱা প্ৰায় ৯:৩০ বজাত অঞ্চলটোৰ উন থানা এলেকাৰ দাসংগা দলঙত সংঘটিত হৈছে এই দুৰ্ঘটনা। আহতসকলক ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। জানিব পৰা মতে, দলঙৰ পৰা অনিয়ন্ত্ৰিত বাছখন বাগৰি পৰে। বাছখন দলঙৰ পৰা বাগৰি পৰাৰ পাছত, তীব্ৰ শব্দ শুনি ওচৰৰ গাঁওবাসীয়ে সেই স্থানৰ ফালে দৌৰি আহে।

গাঁওবাসীয়ে বাছখনত আৱদ্ধ হৈ থকা যাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ আৰম্ভ কৰে আৰু দুৰ্ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰে। তথ্য পোৱাৰ পাছতে আৰক্ষী অধীক্ষক, কালেক্টৰ আৰু স্থানীয় বিধায়ক সেই স্থানত উপস্থিত হয়।

খাৰগোণৰ আৰক্ষীয়ে কয়, ‘বাছখন দলঙৰ পৰা বাগৰি পৰাত ১৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৫ জন আহত হয়। উদ্ধাৰ অভিযান চলি আছে।‘

মধ্যপ্ৰদেশ চৰকাৰে খাৰগোনে বাছ দুৰ্ঘটনাত মৃতকৰ পৰিয়াললৈ ৪ লাখকৈ টকা, গুৰুতৰভাৱে আহতসকলক ৫০ হাজাৰকৈ আৰু সামান্য আহতসকলক ২৫ হাজাৰ টকাৰ তাৎক্ষণিক আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।

মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰই কয়, ‘বাছখনে ৰেলিং ভাঙি বৈৰাড় নদীত বাগৰি পৰে। ১৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২০-২৫ জন লোক আহত হৈছে যিসকলক জিলা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ঘটনা সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।’’









FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ