--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশত সংঘটিত হৈছে এটা ভংকৰ বাছ দুৰ্ঘটনা। ৰাজ্যখনৰ খাৰগোণ নামৰ ঠাইখনৰ পৰা ইন্দোৰলৈ গৈ থকা এখন যাত্ৰীবাহী বাছ দলঙৰ পৰা বাগৰি পৰে। এই দুৰ্ঘটনাত ১৫ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২৫ জন লোক আহত হৈছে।

 মঙলবাৰে পুৱা প্ৰায় ৯:৩০ বজাত অঞ্চলটোৰ উন থানা এলেকাৰ দাসংগা দলঙত সংঘটিত হৈছে এই দুৰ্ঘটনা। আহতসকলক ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। জানিব পৰা মতে, দলঙৰ পৰা অনিয়ন্ত্ৰিত বাছখন বাগৰি পৰে। বাছখন দলঙৰ পৰা বাগৰি পৰাৰ পাছত, তীব্ৰ শব্দ শুনি ওচৰৰ গাঁওবাসীয়ে সেই স্থানৰ ফালে দৌৰি আহে।

গাঁওবাসীয়ে বাছখনত আৱদ্ধ হৈ থকা যাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ আৰম্ভ কৰে আৰু দুৰ্ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰে। তথ্য পোৱাৰ পাছতে আৰক্ষী অধীক্ষক, কালেক্টৰ আৰু স্থানীয় বিধায়ক সেই স্থানত উপস্থিত হয়।

খাৰগোণৰ আৰক্ষীয়ে কয়, ‘বাছখন দলঙৰ পৰা বাগৰি পৰাত ১৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৫ জন আহত হয়। উদ্ধাৰ অভিযান চলি আছে।‘

মধ্যপ্ৰদেশ চৰকাৰে খাৰগোনে বাছ দুৰ্ঘটনাত মৃতকৰ পৰিয়াললৈ ৪ লাখকৈ টকা, গুৰুতৰভাৱে আহতসকলক ৫০ হাজাৰকৈ আৰু সামান্য আহতসকলক ২৫ হাজাৰ টকাৰ তাৎক্ষণিক আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।

মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰই কয়, ‘বাছখনে ৰেলিং ভাঙি বৈৰাড় নদীত বাগৰি পৰে। ১৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২০-২৫ জন লোক আহত হৈছে যিসকলক জিলা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ঘটনা সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।’’









FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে