--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰকাৰী বিভাগৰ গাফিলতিৰ বহু কাহিনী আমি শুনিছোঁ৷শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ কানপুৰৰ বিকাশ ভৱনত সংঘটিত অনুৰূপ ঘটনা পোহৰলৈ আহিছে। য'ত এজন কৰ্মচাৰীৰ কু-কৰ্মৰ বাবে বৃহৎ সংখ্যক চৰকাৰী ফাইল জাৱৰ হৈ পৰিল, সেইটোও কেৱল কৰ্মচাৰীজনে মদ খাবলৈ টকা নথকাৰ বাবেই। বিষয়টো লোকচক্ষুলৈ অহাৰ পাছত চিডিঅ’ই তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি অভিযুক্ত ছুইপাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

বিষয়টো পোহৰলৈ আহে যেতিয়া বিভাগটোৰ এজন কৰ্মচাৰীয়ে মোহন নামৰ এজন ছুইপাৰে বস্তাত কেইবাটাও ফাইল ভৰাই থকা দেখি সন্দেহ ব্যক্ত কৰে। বস্তাটোত চোৱাৰ পাছত যেতিয়া কৰ্মচাৰীজনৰ পৰা তথ্য লোৱা হ’ল, তেতিয়া গম পোৱা গ’ল যে তেওঁ সেই চৰকাৰী ফাইলবোৰ মদ খাবলৈ স্ক্ৰেপ হিচাপে বিক্ৰী কৰিবলৈ ওলাইছে আৰু ইয়াৰ আগতেও ছুইপাৰজনে এই কাণ্ড সংঘটিত কৰিছিল।

ইয়াৰ পাছতো পোহৰলৈ আহিল যে সমাজ কল্যাণ বিভাগৰ কম্পিউটাৰ ৰুমত দীৰ্ঘদিন ধৰি বৃদ্ধ পেঞ্চনৰ আৱেদনৰ বাণ্ডিল ফাইল পোৱা নাছিল। ইয়াৰ পৰৱৰ্তী সময়ত বিভাগীয় বিষয়াসকলে ছুইপাৰজনক লৈ গ’ল এখন জাংক শ্বপলৈ য’ত তেওঁ আগতেও ফাইল বিক্ৰী কৰিছিল। য’ৰ পৰা বিভাগটোৰ বহু ফাইল আৰু ইয়াৰ বাণ্ডিল পোৱা গৈছিল, যিবোৰ পুনৰ বিভাগটোলৈ অনা হৈছিল। আৰু এই কথাটো উন্মোচিত হোৱা দেখি ছুইপাৰ মোহনে সেই ঠাইৰ পৰা পলায়ন কৰে।

বৰ্তমান CDO সুধীৰ কুমাৰে এই সমগ্ৰ বিষয়টো গুৰুত্বসহকাৰে লৈ অভিযুক্ত ছুইপাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি কামৰ পৰা আঁতৰাই দিছে, ইয়াৰ লগতে গাফিলতিৰ বাবে সংশ্লিষ্ট বিভাগৰ পৰাও স্পষ্টীকৰণ বিচৰা হৈছে। ছুইপাৰৰ এনে কাৰ্যৰ খবৰ পাই আন কৰ্মচাৰীৰ লগতে বিষয়াসকলৰ মাজত আলোড়নৰ সৃষ্টি হয়।ইতিমধ্যে প্ৰায়বোৰ বিভাগে নিজৰ পুৰণি ফাইল পৰীক্ষা কৰিবলৈ আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক