--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত এতিয়া যেন ক’তোৱেই সুৰক্ষিত নহয় সাধাৰণ জনতা। চলন্ত ৰে’লতে সংঘটিত  এক লোমহৰ্ষক  ডকাইতিৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশকে । ঝাৰখণ্ডৰ লাতেহাৰত ডকাইতৰ এটা দলে জম্মু তাৱী অভিমুখী মুৰি এক্সপ্ৰেছ  ৰে’লত শনিবাৰে নিশা লুটপাত চলায়। 

 ৰে'লসুৰক্ষা কৰ্মী আৰু যাত্ৰীসকলক আচৰিত কৰি ডকাইতৰ দলটোৱে ৮-১০ ৰাউণ্ড গুলীচালনাও কৰে। ডকাইতৰ দলটোৱে  যাত্ৰীসকলক আনকি মাৰপিট কৰাৰো খবৰ আহিছে। ফলস্বৰূপে কেইবাজনো যাত্ৰী আহত হয়। ৰে'ল আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি আছে যদিও অপৰাধীক ধৰিবলৈ সক্ষম হোৱা নাই।  

জানিব পৰা মতে শনিবাৰে নিশা ১২ ৰ পৰা ১৫ জনীয়া ডকাইতৰ এটা দল ৰে’লখনত উঠিছিল। যেতিয়া ৰে’লখন লাতেহাৰ এৰিছিল আৰু বৰৱাড়ী তথা চিপাদোহাৰ ষ্টেচনৰ মাজত আছিল সেই সময়তে  দুৰ্বৃত্তৰ দলটোৱে লুণ্ঠন  আৰম্ভ কৰিছিল। ডকাইতিৰ ঘটনাটো  নিশা ১২ বজাৰ পৰা ১ বজাৰ ভিতৰত সংঘটিত হৈছিল। ৰে’ল খনৰ এছ ৮ কম্পাৰ্টমেণ্টত বন্দুক দেখুৱাই ডকাইতৰ দলটোৱে  যাত্ৰীসকলে অবাধে  লুণ্ঠন আৰম্ভ কৰিছিল। দলটোৱে যাত্ৰীসকলৰ পৰা নগদ ধন আৰু গহনা কাঢ়ি নিয়ে। এই কাৰ্যত বাধা দিয়া যাত্ৰীসকলক ডকাইতে প্ৰহাৰ কৰে। 

ডকাইতৰ দলটোৱে মহিলাসকলৰ সৈতে অশালীন আচৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। লুণ্ঠন চলোৱাৰ পিছত মাজবাটতে চকাইতৰ দলটোৱে চেইন টানি ৰে’লখন ৰখায় আৰু ৰে’লৰ পৰা  নামি যায়। ঘটনাৰ পিছতে আহত যাত্ৰীসকলক উদ্ধাৰ কৰি  এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ৰে’লখন আহি ডাল্টনগঞ্জত ৰোৱাৰ পিছতে  যাত্ৰীসকলে ৰে’ল আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে। ঘটনাটোৰ তদন্ত আৰম্ভ  হৈছে যদিও কাকো ধৰিব পৰা নাই। যাত্ৰীসকলৰ মতে চকাইতৰ দলটোৱে নগদ ধন আৰু গহনাকে ধৰি কেইবা লাখ টকা লুটি লৈ পলাই যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু