--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত এতিয়া যেন ক’তোৱেই সুৰক্ষিত নহয় সাধাৰণ জনতা। চলন্ত ৰে’লতে সংঘটিত  এক লোমহৰ্ষক  ডকাইতিৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশকে । ঝাৰখণ্ডৰ লাতেহাৰত ডকাইতৰ এটা দলে জম্মু তাৱী অভিমুখী মুৰি এক্সপ্ৰেছ  ৰে’লত শনিবাৰে নিশা লুটপাত চলায়। 

 ৰে'লসুৰক্ষা কৰ্মী আৰু যাত্ৰীসকলক আচৰিত কৰি ডকাইতৰ দলটোৱে ৮-১০ ৰাউণ্ড গুলীচালনাও কৰে। ডকাইতৰ দলটোৱে  যাত্ৰীসকলক আনকি মাৰপিট কৰাৰো খবৰ আহিছে। ফলস্বৰূপে কেইবাজনো যাত্ৰী আহত হয়। ৰে'ল আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি আছে যদিও অপৰাধীক ধৰিবলৈ সক্ষম হোৱা নাই।  

জানিব পৰা মতে শনিবাৰে নিশা ১২ ৰ পৰা ১৫ জনীয়া ডকাইতৰ এটা দল ৰে’লখনত উঠিছিল। যেতিয়া ৰে’লখন লাতেহাৰ এৰিছিল আৰু বৰৱাড়ী তথা চিপাদোহাৰ ষ্টেচনৰ মাজত আছিল সেই সময়তে  দুৰ্বৃত্তৰ দলটোৱে লুণ্ঠন  আৰম্ভ কৰিছিল। ডকাইতিৰ ঘটনাটো  নিশা ১২ বজাৰ পৰা ১ বজাৰ ভিতৰত সংঘটিত হৈছিল। ৰে’ল খনৰ এছ ৮ কম্পাৰ্টমেণ্টত বন্দুক দেখুৱাই ডকাইতৰ দলটোৱে  যাত্ৰীসকলে অবাধে  লুণ্ঠন আৰম্ভ কৰিছিল। দলটোৱে যাত্ৰীসকলৰ পৰা নগদ ধন আৰু গহনা কাঢ়ি নিয়ে। এই কাৰ্যত বাধা দিয়া যাত্ৰীসকলক ডকাইতে প্ৰহাৰ কৰে। 

ডকাইতৰ দলটোৱে মহিলাসকলৰ সৈতে অশালীন আচৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। লুণ্ঠন চলোৱাৰ পিছত মাজবাটতে চকাইতৰ দলটোৱে চেইন টানি ৰে’লখন ৰখায় আৰু ৰে’লৰ পৰা  নামি যায়। ঘটনাৰ পিছতে আহত যাত্ৰীসকলক উদ্ধাৰ কৰি  এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ৰে’লখন আহি ডাল্টনগঞ্জত ৰোৱাৰ পিছতে  যাত্ৰীসকলে ৰে’ল আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে। ঘটনাটোৰ তদন্ত আৰম্ভ  হৈছে যদিও কাকো ধৰিব পৰা নাই। যাত্ৰীসকলৰ মতে চকাইতৰ দলটোৱে নগদ ধন আৰু গহনাকে ধৰি কেইবা লাখ টকা লুটি লৈ পলাই যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক