--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গোটেই ৰাতি পাৰ্টি কৰিলে। ইয়াৰ পিছত গ্লেন মেক্সৱেলক এম্বুলেন্সত চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হয়। এই খবৰ অষ্ট্ৰেলিয়াৰ প্ৰেছত প্ৰকাশ পাইছিল। যোৱা সপ্তাহত ঘটিলেও সোমবাৰে পোহৰলৈ আহিছিল। মেক্সৱেলক কিহৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল সেয়া সঠিকভাৱে জনা হোৱা নাই। খবৰ অনুসৰি শাৰীৰিক অসুস্থতাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কিন্তু ক্ৰিকেট অষ্ট্ৰেলিয়াই এই ঘটনাক সহজভাৱে লোৱা নাই। কোৱা হৈছে যে তেওঁলোকে তদন্ত আৰম্ভ কৰিছে।

অষ্ট্ৰেলিয়াৰ এখন দৈনিক কাকতৰ মতে, মেক্সৱেলে এডিলেইডত কনচাৰ্টলৈ গৈ মদ খাইছিল। গভীৰ নিশা এম্বুলেন্সত ভৰ্তি কৰোৱা হয় তেওঁক চিকিৎসালয়ত। কিছুদিন চিকিৎসা চলি আছিল। অৱশ্যে সেই নিশা চিকিৎসালয়ত নাথাকিল।

প্ৰতিবেদন অনুসৰি অষ্ট্ৰেলিয়া আৰু ৱেষ্ট ইণ্ডিজৰ বাকী ক্ৰিকেটাৰসকলকো এই কনচাৰ্টলৈ আমন্ত্ৰণ জনোৱা হৈছিল। কিন্তু মেক্সৱেল তেওঁলোকৰ লগত যোৱা নাছিল। অকলে গ’ল। অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ ব্ৰেট লীৰ বেণ্ড ‘ছিক্স এণ্ড আউট’ই তাত অনুষ্ঠান পৰিৱেশন কৰে। পিছত মেক্সৱেলক ৰয়েল এডিলেইড হাস্পতালত ভৰ্তি কৰোৱা হয়।

ক্ৰিকেট অষ্ট্ৰেলিয়াই এক বিবৃতিত কয় যে মেক্সৱেলৰ সৈতে ঘটা ঘটনাৰ বিষয়ে ব’ৰ্ডে অৱগত। অধিক তথ্যৰ বাবে সন্ধান কৰি আছে। কিন্তু এদিনীয়া শৃংখলাত বাদ পৰাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। বিবিএলৰ প্ৰদৰ্শনৰ কথা মনত ৰাখি আৰু ভৱিষ্যতৰ তাৰকাক আনি মেক্সৱেলক ৰখা নহ’ল। জনা গৈছে যে তেওঁ টি-২০ ছিৰিজত ঘূৰি আহিব পাৰে।

১৫ জানুৱাৰীত মেক্সৱেলে শেষৰখন প্ৰতিযোগিতামূলক মেচ খেলিছিল। কিছুদিন পূৰ্বে তেওঁ মেলবৰ্ণ ষ্টাৰছৰ অধিনায়কৰ পদ এৰিছিল। হোবাৰ্টে হাৰিকনেছৰ বিৰুদ্ধে খেলিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক