--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গোটেই ৰাতি পাৰ্টি কৰিলে। ইয়াৰ পিছত গ্লেন মেক্সৱেলক এম্বুলেন্সত চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হয়। এই খবৰ অষ্ট্ৰেলিয়াৰ প্ৰেছত প্ৰকাশ পাইছিল। যোৱা সপ্তাহত ঘটিলেও সোমবাৰে পোহৰলৈ আহিছিল। মেক্সৱেলক কিহৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল সেয়া সঠিকভাৱে জনা হোৱা নাই। খবৰ অনুসৰি শাৰীৰিক অসুস্থতাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কিন্তু ক্ৰিকেট অষ্ট্ৰেলিয়াই এই ঘটনাক সহজভাৱে লোৱা নাই। কোৱা হৈছে যে তেওঁলোকে তদন্ত আৰম্ভ কৰিছে।

অষ্ট্ৰেলিয়াৰ এখন দৈনিক কাকতৰ মতে, মেক্সৱেলে এডিলেইডত কনচাৰ্টলৈ গৈ মদ খাইছিল। গভীৰ নিশা এম্বুলেন্সত ভৰ্তি কৰোৱা হয় তেওঁক চিকিৎসালয়ত। কিছুদিন চিকিৎসা চলি আছিল। অৱশ্যে সেই নিশা চিকিৎসালয়ত নাথাকিল।

প্ৰতিবেদন অনুসৰি অষ্ট্ৰেলিয়া আৰু ৱেষ্ট ইণ্ডিজৰ বাকী ক্ৰিকেটাৰসকলকো এই কনচাৰ্টলৈ আমন্ত্ৰণ জনোৱা হৈছিল। কিন্তু মেক্সৱেল তেওঁলোকৰ লগত যোৱা নাছিল। অকলে গ’ল। অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ ব্ৰেট লীৰ বেণ্ড ‘ছিক্স এণ্ড আউট’ই তাত অনুষ্ঠান পৰিৱেশন কৰে। পিছত মেক্সৱেলক ৰয়েল এডিলেইড হাস্পতালত ভৰ্তি কৰোৱা হয়।

ক্ৰিকেট অষ্ট্ৰেলিয়াই এক বিবৃতিত কয় যে মেক্সৱেলৰ সৈতে ঘটা ঘটনাৰ বিষয়ে ব’ৰ্ডে অৱগত। অধিক তথ্যৰ বাবে সন্ধান কৰি আছে। কিন্তু এদিনীয়া শৃংখলাত বাদ পৰাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। বিবিএলৰ প্ৰদৰ্শনৰ কথা মনত ৰাখি আৰু ভৱিষ্যতৰ তাৰকাক আনি মেক্সৱেলক ৰখা নহ’ল। জনা গৈছে যে তেওঁ টি-২০ ছিৰিজত ঘূৰি আহিব পাৰে।

১৫ জানুৱাৰীত মেক্সৱেলে শেষৰখন প্ৰতিযোগিতামূলক মেচ খেলিছিল। কিছুদিন পূৰ্বে তেওঁ মেলবৰ্ণ ষ্টাৰছৰ অধিনায়কৰ পদ এৰিছিল। হোবাৰ্টে হাৰিকনেছৰ বিৰুদ্ধে খেলিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু