--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বীৰেন্দ্ৰ ছেহৱাগ আৰু শ্বোৱেইব আখতাৰৰ মাজত পুনৰ 'কাজিয়া’ চলিছে। ডুবাইত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় টি-২০ লীগত কমেণ্টেটৰ হিচাপে গৈছিল দুগৰাকী ক্ৰিকেটাৰ। তাত তেওঁলোকৰ মাজত খেলপথাৰত ‘কাজিয়া’ হৈছিল। কিন্তু সকলোবোৰ ৰসিকতাভৰা। তাত আখতাৰৰ দীঘলীয়া ৰান আপৰ কথা কওঁতে ছেহৱাগে কয়- ''মই তললৈ চাই ৰৈছিলোঁ। কাৰণ, মই জানিছিলোঁ যে আখতাৰৰ দৌৰত ১০ৰ পৰা ১৫ ছেকেণ্ড সময় লাগে।’’

এই কথা শুনি আখতাৰে সুধিলে, "মোৰ ৰান আপে তোমাক অসুবিধা দিছিলে নেকি? মনোযোগত অশান্তি হৈছিল নেকি?'' উত্তৰত সেহৱাগে ক'লে, "তেতিয়া বহুত কথা মনলৈ সোমাইছিল। মই ভাবিছিলো তোমাৰ বলটো মোৰ ভৰিৰ গোৰোহালৈ আহিব নে বাউন্সাৰ হৈ মূৰৰ ফালে আহিব? এই সকলোবোৰ চিন্তা মনলৈ আহিছিল।’’

কিন্তু ২০০৩ চনৰ বিশ্বকাপৰ সময়ত খেলপথাৰত এসময়ত ছেহৱাগ আৰু আখতাৰৰ সমস্যা হৈছিল। ভাৰত-পাকিস্তানৰ খেলৰ সময়ত আখতাৰে বাৰে বাৰে ছেহৱাগক বাউন্সাৰ দি আছিল। "মাৰি দেখা" বুলিও কৈছিল আখটাৰে।বহু সময়ৰ পাছত ছেহৱাগে উত্তৰ দিলে, "নন ষ্ট্ৰাইকিং এণ্ডত তোমাৰ দেউতা আছে। তেওঁক দেখুৱাওক।'' তেতিয়া শচীন টেণ্ডুলকাৰ আছিল নন ষ্ট্ৰাইকিং এণ্ডত। তেওঁ আখতাৰৰ বাউন্সাৰক ছয়ৰ বাবে আপাৰকাট কৰে। তেতিয়া সেহৱাগে আকৌ আখতাৰক ক’লে, “তই বুজিছ। বাপ বাপেই হয়।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু