--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লীত দেওবাৰে অনুষ্ঠিত হয় ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ এখন বিশালী ৰেলী৷ আৰু এই ৰেলীত অংশ লৈ কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে আক্ৰমণৰ লক্ষ্য কৰি লয় বিজেপিক৷ ৰাহুল গান্ধীয়ে বিজেপিক তীব্ৰ আক্ৰমণ কৰি কয় যে দলটোৱে মেচ ফিক্সিং অবিহনে ৪০০ পাৰ শ্ল'গান সম্ভৱ কৰি তুলিব নোৱাৰে৷ তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰীয়ে ‘৪০০ পাৰ’ কৰিবলৈ আম্পায়াৰ বাছনি কৰিছে৷

তেওঁ দিল্লীত ‘লোকতন্ত্ৰ বচাও’ ৰেলীত ভাষণ দি এই মন্তব্য কৰে৷ ২১ মাৰ্চত প্ৰৱৰ্তন সঞ্চালকালয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ নেতাসকলে আজিৰ প্ৰতিবাদী সমাবেশৰ আহ্বান জনাইছিল। দিল্লীৰ ৰামলীলা ময়দানত অনুষ্ঠিত ৰেলীত কংগ্ৰেছ নেতাগৰাকীয়ে কয়, ই ভি এম, মেচ ফিক্সিং, ছ’চিয়েল মিডিয়া আৰু সংবাদ মাধ্যমক হেঁচা দিয়া অবিহনে বিজেপি ১৮০ খনতকৈ অধিক আসন জিকিব নোৱাৰে।
আজি আই পি এলৰ খেল অনুষ্ঠিত হৈছে। যেতিয়া আম্পায়াৰসকলক হেঁচা দিয়া হয়, খেলুৱৈসকলক ক্ৰয় কৰা হয় আৰু অধিনায়কসকলক মেচ জিকাৰ ভাবুকি দিয়া হয়, ইয়াক ক্ৰিকেটত মেচ ফিক্সিং বুলি কোৱা হয়। আমাৰ সমুখত লোকসভা নিৰ্বাচন আছে৷ প্ৰধানমন্ত্ৰী মোডীয়ে আম্পায়াৰ বাছনি কৰিছে। আমাৰ দলৰ দুজন খেলুৱৈ আছিল৷

ৰাহুলে লগতে কয়, কংগ্ৰেছ হৈছে আটাইতকৈ বৃহৎ বিৰোধী দল৷ কিন্তু, নিৰ্বাচনৰ মাজতে আমাৰ সকলো বেংক একাউণ্ট বন্ধ কৰি দিয়া হৈছে। আমি প্ৰচাৰ চলাব লাগিব, শ্ৰমিকসকলক ৰাজ্যসমূহলৈ পঠিয়াব লাগিব, পোষ্টাৰ লগাব লাগিব৷ কিন্তু আমাৰ সকলো বেংক একাউণ্ট বন্ধ কৰি দিয়া হৈছে। এয়া কেনে ধৰণৰ নিৰ্বাচন?

কংগ্ৰেছ নেতাজনে লগতে দাবী কৰে যে দৰিদ্ৰলোকৰ পৰা সাংবিধানিক অধিকাৰ কাঢ়ি নিবলৈ প্ৰধানমন্ত্ৰী আৰু ৩-৪ জন পুঁজিপতিৰ দ্বাৰা মেচ ফিক্সিং কৰা হৈছে৷ এই নিৰ্বাচন সাধাৰণ নহয়, এয়া দেশ আৰু সংবিধান ৰক্ষা কৰাৰ নিৰ্বাচন। যদি আপোনালোকে সৰ্বশক্তিৰে ভোট নিদিয়ে, তেওঁলোকৰ মেচ ফিক্সিং সফল হ'ব৷ যদি সেয়া সফল হয়, সংবিধান ধ্বংস হ'ব। সংবিধান হৈছে জনসাধাৰণৰ কণ্ঠস্বৰ। যিদিনা সংবিধান শেষ হ'ব, সিদিনাই দেশখন শেষ হ'ব।

তেওঁ আৰু উল্লেখ কৰিছিল যে এজন বিজেপি সাংসদে কৈছিল যে আমি ৪০০ তকৈ অধিক আসন পালে সংবিধান সলনি কৰিম৷ এইটোৱে এটা ধাৰণা পৰীক্ষা কৰিবলৈ কোৱা হৈছিল।

উল্লেখযোগ্য যে দেওবাৰৰ ৰেলীটোৱে বহুতো বিৰোধী নেতাক একত্ৰিত কৰিলে। আজি বিৰোধী নেতাসকলৰ সৈতে উপস্থিত আছিল অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱাল, পিডিপি প্ৰধান মেহবুবা মুফতি, মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে, কংগ্ৰেছ প্ৰধান মল্লিকাৰ্জুন খাৰ্গে, দলৰ নেতা ছোনিয়া গান্ধী আৰু প্ৰিয়ংকা গান্ধী, সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱ, শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউত, এনচিপি (এছচিপি)ৰ মুৰব্বী শাৰদ পাৱাৰ, ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ পত্নী কল্পনা ছোৰেন৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement