--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লীত দেওবাৰে অনুষ্ঠিত হয় ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ এখন বিশালী ৰেলী৷ আৰু এই ৰেলীত অংশ লৈ কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে আক্ৰমণৰ লক্ষ্য কৰি লয় বিজেপিক৷ ৰাহুল গান্ধীয়ে বিজেপিক তীব্ৰ আক্ৰমণ কৰি কয় যে দলটোৱে মেচ ফিক্সিং অবিহনে ৪০০ পাৰ শ্ল'গান সম্ভৱ কৰি তুলিব নোৱাৰে৷ তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰীয়ে ‘৪০০ পাৰ’ কৰিবলৈ আম্পায়াৰ বাছনি কৰিছে৷

তেওঁ দিল্লীত ‘লোকতন্ত্ৰ বচাও’ ৰেলীত ভাষণ দি এই মন্তব্য কৰে৷ ২১ মাৰ্চত প্ৰৱৰ্তন সঞ্চালকালয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ নেতাসকলে আজিৰ প্ৰতিবাদী সমাবেশৰ আহ্বান জনাইছিল। দিল্লীৰ ৰামলীলা ময়দানত অনুষ্ঠিত ৰেলীত কংগ্ৰেছ নেতাগৰাকীয়ে কয়, ই ভি এম, মেচ ফিক্সিং, ছ’চিয়েল মিডিয়া আৰু সংবাদ মাধ্যমক হেঁচা দিয়া অবিহনে বিজেপি ১৮০ খনতকৈ অধিক আসন জিকিব নোৱাৰে।
আজি আই পি এলৰ খেল অনুষ্ঠিত হৈছে। যেতিয়া আম্পায়াৰসকলক হেঁচা দিয়া হয়, খেলুৱৈসকলক ক্ৰয় কৰা হয় আৰু অধিনায়কসকলক মেচ জিকাৰ ভাবুকি দিয়া হয়, ইয়াক ক্ৰিকেটত মেচ ফিক্সিং বুলি কোৱা হয়। আমাৰ সমুখত লোকসভা নিৰ্বাচন আছে৷ প্ৰধানমন্ত্ৰী মোডীয়ে আম্পায়াৰ বাছনি কৰিছে। আমাৰ দলৰ দুজন খেলুৱৈ আছিল৷

ৰাহুলে লগতে কয়, কংগ্ৰেছ হৈছে আটাইতকৈ বৃহৎ বিৰোধী দল৷ কিন্তু, নিৰ্বাচনৰ মাজতে আমাৰ সকলো বেংক একাউণ্ট বন্ধ কৰি দিয়া হৈছে। আমি প্ৰচাৰ চলাব লাগিব, শ্ৰমিকসকলক ৰাজ্যসমূহলৈ পঠিয়াব লাগিব, পোষ্টাৰ লগাব লাগিব৷ কিন্তু আমাৰ সকলো বেংক একাউণ্ট বন্ধ কৰি দিয়া হৈছে। এয়া কেনে ধৰণৰ নিৰ্বাচন?

কংগ্ৰেছ নেতাজনে লগতে দাবী কৰে যে দৰিদ্ৰলোকৰ পৰা সাংবিধানিক অধিকাৰ কাঢ়ি নিবলৈ প্ৰধানমন্ত্ৰী আৰু ৩-৪ জন পুঁজিপতিৰ দ্বাৰা মেচ ফিক্সিং কৰা হৈছে৷ এই নিৰ্বাচন সাধাৰণ নহয়, এয়া দেশ আৰু সংবিধান ৰক্ষা কৰাৰ নিৰ্বাচন। যদি আপোনালোকে সৰ্বশক্তিৰে ভোট নিদিয়ে, তেওঁলোকৰ মেচ ফিক্সিং সফল হ'ব৷ যদি সেয়া সফল হয়, সংবিধান ধ্বংস হ'ব। সংবিধান হৈছে জনসাধাৰণৰ কণ্ঠস্বৰ। যিদিনা সংবিধান শেষ হ'ব, সিদিনাই দেশখন শেষ হ'ব।

তেওঁ আৰু উল্লেখ কৰিছিল যে এজন বিজেপি সাংসদে কৈছিল যে আমি ৪০০ তকৈ অধিক আসন পালে সংবিধান সলনি কৰিম৷ এইটোৱে এটা ধাৰণা পৰীক্ষা কৰিবলৈ কোৱা হৈছিল।

উল্লেখযোগ্য যে দেওবাৰৰ ৰেলীটোৱে বহুতো বিৰোধী নেতাক একত্ৰিত কৰিলে। আজি বিৰোধী নেতাসকলৰ সৈতে উপস্থিত আছিল অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱাল, পিডিপি প্ৰধান মেহবুবা মুফতি, মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে, কংগ্ৰেছ প্ৰধান মল্লিকাৰ্জুন খাৰ্গে, দলৰ নেতা ছোনিয়া গান্ধী আৰু প্ৰিয়ংকা গান্ধী, সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱ, শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউত, এনচিপি (এছচিপি)ৰ মুৰব্বী শাৰদ পাৱাৰ, ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ পত্নী কল্পনা ছোৰেন৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু