--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছলৈ আয়কৰ বিভাগৰ জাননীৰ জোৱাৰ। আয়কৰৰ ইখনৰ পাছত সিখন জাননীক লৈ এতিয়া এক প্ৰকাৰ বিধ্বস্ত হৈ পৰিছে দেশৰ সৰ্ববৃহৎ বিৰোধী দল কংগ্ৰেছ। চৰম বিত্তীয় নাটনিত পৰিছে কংগ্ৰেছ দল। দলটোৰ হাতত নাটনি ঘটিছে নিৰ্বাচনী পুঁজিৰ। 

ইতিমধ্যে কংগ্ৰেছলৈ ১ হাজাৰ ৮২৩ কোটি টকা আয়কৰ পৰিশোধৰ জাননী জাৰি কৰা আয়কৰ বিভাগে পুনৰ কংগ্ৰেছলৈ প্ৰেৰণ কৰিছে ১ হাজাৰ ৭৪৫ কোটি আয়কৰ পৰিশোধৰ আন এক জাননী। ৩ দিনৰ ভিতৰত আয়কৰ বিভাগে কংগ্ৰেছলৈ প্ৰেৰণ কৰিলে মুঠ ৩ হাজাৰ ৫৬৭ কোটি টকা আদায়ৰ জাননী। যাক লৈ এতিয়া গভীৰ সংকটত পৰিছে কংগ্ৰেছ। 

ইতিমধ্যে আয়কৰ বিভাগে ফ্ৰীজ কৰিছিল কংগ্ৰেছৰ দলীয় একাউণ্ট। আনহাতে, বিভাগটোৱে উঠাই নিছিল কংগ্ৰেছৰ দলীয় একাউণ্টৰ পৰা ১৩৫ কোটি টকা। একে সময়তে আয়কৰৰ ৰোষৰ পৰা কংগ্ৰেছক পৰিত্ৰাণৰ কথা অস্বীকাৰ কৰিছিল দিল্লী উচ্চ ন্যায়ালয়ে। ইতিমধ্যে, কংগ্ৰেছৰ আৱেদন খাৰিজ কৰিছিল দিল্লী উচ্চ ন্যায়ালয়ে। এই মুহূৰ্তত উচ্চতম ন্যায়ালয়ে সকাহ নিদিলে ৩ হাজাৰ ৫৬৭ কোটি টকা আদায় দিয়াৰ বাহিৰে কোনো গত্যন্তৰ নাথাকিব কংগ্ৰেছৰ।

ইতিমধ্যে, কংগ্ৰেছৰ একাউণ্ট হৈ পৰিছে খালী। যাৰ বাবে নিৰ্বাচনী পুঁজিক লৈ একপ্ৰকাৰ পংগু হৈ পৰিছে দলটো। দেশৰ প্ৰতিখন ৰাজ্যৰে কংগ্ৰেছ নেতৃত্বই এতিয়া নিৰ্বাচনী পুঁজিৰ বাবে মুখলৈ চাইছে কংগ্ৰেছ হাইকমাণ্ডৰ। কিন্তু আয়কৰৰ ৰোষত পৰা কংগ্ৰেছে এতিয়া নিৰ্বাচনী পুঁজি যোগানৰ ক্ষেত্ৰত একপ্ৰকাৰ হৈ পৰিছে দিশহাৰা। 

যাৰ ফলত দেশৰ ৰাজ্যসমূহৰ কংগ্ৰেছ নেতৃত্বৰ এতিয়া হাহাকাৰ পৰিস্থিতি। এই ক্ষেত্ৰত অসম প্ৰদেশ কংগ্ৰেছো নহয় ব্যতিক্ৰম। যি কথা স্বীকাৰ কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। তীব্ৰ বিত্তীয় নাটনিত ভোগা APCCএ এতিয়া নিৰ্বাচনী পুঁজিৰ বাবে কৰিছে হাহাকাৰ। দিশহাৰা APCCৰ সভাপতি ভূপেন বৰাই এতিয়া প্ৰচেষ্টা চলাইছে ৰাইজৰ সহায় সহযোগিতাৰে নিৰ্বাচনী বৈতৰণী পাৰৰ।

স্বাভাৱিকতে নিৰ্বাচনৰ প্ৰাকক্ষণত এতিয়া আয়কৰৰ নাগপাশত বন্দী কংগ্ৰেছ। তহবিল শূন্য কংগ্ৰেছে কি দৰে লোকসভা নিৰ্বাচনৰ পুঁজি সংগ্ৰহেৰে বিজেপিৰ বিৰুদ্ধে যুঁজিব সেয়া হৈ পৰিছে লক্ষ্যণীয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ