--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছলৈ আয়কৰ বিভাগৰ জাননীৰ জোৱাৰ। আয়কৰৰ ইখনৰ পাছত সিখন জাননীক লৈ এতিয়া এক প্ৰকাৰ বিধ্বস্ত হৈ পৰিছে দেশৰ সৰ্ববৃহৎ বিৰোধী দল কংগ্ৰেছ। চৰম বিত্তীয় নাটনিত পৰিছে কংগ্ৰেছ দল। দলটোৰ হাতত নাটনি ঘটিছে নিৰ্বাচনী পুঁজিৰ। 

ইতিমধ্যে কংগ্ৰেছলৈ ১ হাজাৰ ৮২৩ কোটি টকা আয়কৰ পৰিশোধৰ জাননী জাৰি কৰা আয়কৰ বিভাগে পুনৰ কংগ্ৰেছলৈ প্ৰেৰণ কৰিছে ১ হাজাৰ ৭৪৫ কোটি আয়কৰ পৰিশোধৰ আন এক জাননী। ৩ দিনৰ ভিতৰত আয়কৰ বিভাগে কংগ্ৰেছলৈ প্ৰেৰণ কৰিলে মুঠ ৩ হাজাৰ ৫৬৭ কোটি টকা আদায়ৰ জাননী। যাক লৈ এতিয়া গভীৰ সংকটত পৰিছে কংগ্ৰেছ। 

ইতিমধ্যে আয়কৰ বিভাগে ফ্ৰীজ কৰিছিল কংগ্ৰেছৰ দলীয় একাউণ্ট। আনহাতে, বিভাগটোৱে উঠাই নিছিল কংগ্ৰেছৰ দলীয় একাউণ্টৰ পৰা ১৩৫ কোটি টকা। একে সময়তে আয়কৰৰ ৰোষৰ পৰা কংগ্ৰেছক পৰিত্ৰাণৰ কথা অস্বীকাৰ কৰিছিল দিল্লী উচ্চ ন্যায়ালয়ে। ইতিমধ্যে, কংগ্ৰেছৰ আৱেদন খাৰিজ কৰিছিল দিল্লী উচ্চ ন্যায়ালয়ে। এই মুহূৰ্তত উচ্চতম ন্যায়ালয়ে সকাহ নিদিলে ৩ হাজাৰ ৫৬৭ কোটি টকা আদায় দিয়াৰ বাহিৰে কোনো গত্যন্তৰ নাথাকিব কংগ্ৰেছৰ।

ইতিমধ্যে, কংগ্ৰেছৰ একাউণ্ট হৈ পৰিছে খালী। যাৰ বাবে নিৰ্বাচনী পুঁজিক লৈ একপ্ৰকাৰ পংগু হৈ পৰিছে দলটো। দেশৰ প্ৰতিখন ৰাজ্যৰে কংগ্ৰেছ নেতৃত্বই এতিয়া নিৰ্বাচনী পুঁজিৰ বাবে মুখলৈ চাইছে কংগ্ৰেছ হাইকমাণ্ডৰ। কিন্তু আয়কৰৰ ৰোষত পৰা কংগ্ৰেছে এতিয়া নিৰ্বাচনী পুঁজি যোগানৰ ক্ষেত্ৰত একপ্ৰকাৰ হৈ পৰিছে দিশহাৰা। 

যাৰ ফলত দেশৰ ৰাজ্যসমূহৰ কংগ্ৰেছ নেতৃত্বৰ এতিয়া হাহাকাৰ পৰিস্থিতি। এই ক্ষেত্ৰত অসম প্ৰদেশ কংগ্ৰেছো নহয় ব্যতিক্ৰম। যি কথা স্বীকাৰ কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। তীব্ৰ বিত্তীয় নাটনিত ভোগা APCCএ এতিয়া নিৰ্বাচনী পুঁজিৰ বাবে কৰিছে হাহাকাৰ। দিশহাৰা APCCৰ সভাপতি ভূপেন বৰাই এতিয়া প্ৰচেষ্টা চলাইছে ৰাইজৰ সহায় সহযোগিতাৰে নিৰ্বাচনী বৈতৰণী পাৰৰ।

স্বাভাৱিকতে নিৰ্বাচনৰ প্ৰাকক্ষণত এতিয়া আয়কৰৰ নাগপাশত বন্দী কংগ্ৰেছ। তহবিল শূন্য কংগ্ৰেছে কি দৰে লোকসভা নিৰ্বাচনৰ পুঁজি সংগ্ৰহেৰে বিজেপিৰ বিৰুদ্ধে যুঁজিব সেয়া হৈ পৰিছে লক্ষ্যণীয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ