--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃফিফাৰ প্ৰাক্তন সভাপতি শ্বেপ  ব্লাটাৰে লিয়োনেল মেছিৰ বিষয়ে এক বিস্ফোৰক দাবী কৰিছে৷ তেওঁৰ মতে 'মেছি অক্ষম, বিশ্বকাপত সোণৰ বল দিয়াটো ভুল সিদ্ধান্ত আছিল '৷ যদিও ২০১৪ চনৰ ব্ৰাজিল বিশ্বকাপত  মেছিয়ে সোণালী বল লাভ কৰিছিল। ৪ টা গ'ল কৰাৰ উপৰি  আৰ্জেণ্টিনাৰ তাৰকাগৰাকীয়ে দলটোক একাধিকভাবে সহায় কৰিছিল।

শ্বেপ ব্লাটাৰে দাবী কৰিছে  যে ২০১৪ ত  মেছিক ভুলবশতঃ  সোণৰ বল দিয়া হৈছিল। মেছি এই বঁটাৰ বাবে অযোগ্য আছিল। ফিফাৰ প্ৰাক্তন সভাপতিগৰাকীয়ে কয়, "লিঅ'নেল মেছি সোণৰ বলৰ বাবে যোগ্য প্ৰতিদ্বন্দী নাছিল। তেওঁক ভুলবশতঃ বঁটা প্ৰদান কৰা হৈছিল। এইটো এটা ভুল সিদ্ধান্ত আছিল। ' তেওঁ কয় "সঁচাকথা ক'বলৈ গ'লে, মই অলপ আচৰিত হৈছিলো যে মেছিক প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে মনোনীত কৰা হৈছিল। মই নাভাবো যে সেই সিদ্ধান্তটো সঠিক আছিল। '

কিন্তু ফিফাৰ প্ৰাক্তন সভাপতিজনে লিয়োনেল মেছিৰ পৰিৱৰ্তে ২০১৪ চনৰ বিশ্বকাপত কোনে সোণালী বল পাব লাগিছিল সেয়া কোৱা নাই৷  ব্লাটাৰৰ বক্তব্যই এতিয়া  নতুন বিতৰ্কৰ সৃষ্টি কৰিছে।

দৰাচলতে, মেছিয়ে ২০১৪ চনৰ পিছত ২০২২ চনৰ বিশ্বকাপতো সোণৰ বল লাভ কৰিছে। বিশ্বকাপৰ ইতিহাসত তেওঁ দুবাৰকৈ লোণৰ বল লাভ কৰিছে৷ একে সময়তে তেওঁৰ চেম্পিয়ন হোৱাৰ সপোনো পূৰণ হৈছে। অৱশ্যে মেছিয়ে  ব্লাটাৰৰ মন্তব্যৰ কোনো সঁহাৰি দিয়া নাই৷ 






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক