--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃফিফাৰ প্ৰাক্তন সভাপতি শ্বেপ  ব্লাটাৰে লিয়োনেল মেছিৰ বিষয়ে এক বিস্ফোৰক দাবী কৰিছে৷ তেওঁৰ মতে 'মেছি অক্ষম, বিশ্বকাপত সোণৰ বল দিয়াটো ভুল সিদ্ধান্ত আছিল '৷ যদিও ২০১৪ চনৰ ব্ৰাজিল বিশ্বকাপত  মেছিয়ে সোণালী বল লাভ কৰিছিল। ৪ টা গ'ল কৰাৰ উপৰি  আৰ্জেণ্টিনাৰ তাৰকাগৰাকীয়ে দলটোক একাধিকভাবে সহায় কৰিছিল।

শ্বেপ ব্লাটাৰে দাবী কৰিছে  যে ২০১৪ ত  মেছিক ভুলবশতঃ  সোণৰ বল দিয়া হৈছিল। মেছি এই বঁটাৰ বাবে অযোগ্য আছিল। ফিফাৰ প্ৰাক্তন সভাপতিগৰাকীয়ে কয়, "লিঅ'নেল মেছি সোণৰ বলৰ বাবে যোগ্য প্ৰতিদ্বন্দী নাছিল। তেওঁক ভুলবশতঃ বঁটা প্ৰদান কৰা হৈছিল। এইটো এটা ভুল সিদ্ধান্ত আছিল। ' তেওঁ কয় "সঁচাকথা ক'বলৈ গ'লে, মই অলপ আচৰিত হৈছিলো যে মেছিক প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে মনোনীত কৰা হৈছিল। মই নাভাবো যে সেই সিদ্ধান্তটো সঠিক আছিল। '

কিন্তু ফিফাৰ প্ৰাক্তন সভাপতিজনে লিয়োনেল মেছিৰ পৰিৱৰ্তে ২০১৪ চনৰ বিশ্বকাপত কোনে সোণালী বল পাব লাগিছিল সেয়া কোৱা নাই৷  ব্লাটাৰৰ বক্তব্যই এতিয়া  নতুন বিতৰ্কৰ সৃষ্টি কৰিছে।

দৰাচলতে, মেছিয়ে ২০১৪ চনৰ পিছত ২০২২ চনৰ বিশ্বকাপতো সোণৰ বল লাভ কৰিছে। বিশ্বকাপৰ ইতিহাসত তেওঁ দুবাৰকৈ লোণৰ বল লাভ কৰিছে৷ একে সময়তে তেওঁৰ চেম্পিয়ন হোৱাৰ সপোনো পূৰণ হৈছে। অৱশ্যে মেছিয়ে  ব্লাটাৰৰ মন্তব্যৰ কোনো সঁহাৰি দিয়া নাই৷ 





FOLLOW US F
POPULAR
FEATURE
TRENDY
কানাডাৰ পৰা ভাৰত জ্বলোৱাৰ পৰিকল্পনা খালিস্তানীৰ
মণিপুৰৰ ফুটবল ফৰ চেইঞ্জ ছেমি ফাইনেলত
ৰাজ্যত কঠোৰভাৱে বলৱৎ হ'ব গো-সুৰক্ষা আইন
যুদ্ধত জড়িত হ'ব নে নহয় দুসপ্তাহত সিদ্ধান্ত ল'ব ট্রাম্পে
১০০০ ভাৰতীয়ক উদ্ধাৰৰ বাবে ইৰানে খুলি দিলে বন্ধ হৈ থকা আকাশমার্গ
ইজৰাইলৰ সামৰিক ঘাটিত ইৰানৰ আক্ৰমণ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত