--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাও বুৰিলেও টিঙৰ পৰা নানামে ৰাষ্ট্ৰীয় কুস্তি সংস্থাৰ সভাপতি তথা বিজেপিৰ সাংসদ ব্ৰজ ভূষণ সিং চৰণে৷ নিলম্বিত সভাপতিগৰাকীয়ে আজিও তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা খেলুৱৈক যৌন নিৰ্যাতনৰ অভিযোগ অস্বীকাৰ কৰিয়েই আছে৷

কালি কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে তাৰকা মল্লযোদ্ধাসকলৰ সৈতে বৈঠকৰ পিছত একন  পৰ্যৱেক্ষণ সমিতি গঠনৰ কথা ঘোষণা কৰিছিল। সমিতিখনে ব্ৰজভূষণৰ বিৰুদ্ধে তদন্ত কৰিব। ইয়াৰ উপৰি সমিতিখনে ব্ৰজভূষণৰ পৰিৱৰ্তে ফেডাৰেচন  চলাই যাব । এই সমিতি গঠন নোহোৱালৈকে, কেন্দ্ৰই কুস্তি ফেডাৰেচনৰ সকলো 'কাৰ্যকলাপ' বন্ধ কৰি দিছে।দুৱাৰত ওলোমাই দিছে তলা৷

কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীয়ে ইতিমধ্যে কুস্তি ফেডাৰেচনৰ মুৰব্বী ব্ৰজ ভূষণ সিং চৰণক অপসাৰণ কৰাৰ কথা ঘোষণা কৰিছে। এইবাৰ চৰকাৰে ফেডাৰেচনৰ সকলো কাম বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। ইপিনে এনে ঘটনাৰ বাবেই  ৰেংকিং প্ৰতিযোগিতা পিছুৱাই দিয়া হৈছে। প্ৰতিযোগিতাখনত পৰিশোধ কৰা 'প্ৰৱেশ মাচুল' প্ৰতিযোগীসকলক ঘূৰাই দিয়া হ'ব। কুস্তি ফেডাৰেচনে ক্ৰীড়া মন্ত্ৰালয়ৰ কাৰণ দৰ্শোৱাৰ জাননীৰ প্ৰতি সঁহাৰি জনাইছে। ফেডাৰেশ্যনে ব্ৰজভূষণৰ বিৰুদ্ধে যৌন নিৰ্যাতন আৰু প্ৰশাসনিক স্বেচ্ছাচাৰীতাৰ অভিযোগ অস্বীকাৰ কৰিছে। 

ফেডাৰেচনৰ উত্তৰ পত্ৰখনত সাধাৰণ সম্পাদক ভি এন প্ৰসুদে স্বাক্ষৰ কৰিছে। ফেডাৰেচনৰ সহকাৰী সচিব বিনোদ তোমাৰকো তাৎক্ষণিক ভাৱে বৰ্খাস্ত কৰা হৈছে।  ভাৰতীয় অলিম্পিক সংস্থাৰ (আইঅ'এ) মুৰব্বী পি টি ঊষাই কুস্তি ফেডাৰেচনৰ মুৰব্বী ব্ৰজ ভূষণৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে এখন সাত জনীয়া তদন্ত সমিতি গঠন কৰিছে। সমিতিখনৰ নেতৃত্ব দিছে তাৰকা বক্সাৰ এম চি মেৰী কম।

শুকুৰবাৰে নিশা এক সংবাদমেলত ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে কৈছিল  যে তদন্ত শেষ নোহোৱালৈকে কুস্তি ফেডাৰেচনৰ মুৰব্বীয়ে তেওঁৰ পদৰ পৰা আঁতৰি যাব। ইফালে, যন্তৰ মন্তৰৰ পৰা ক্ৰীড়া মন্ত্ৰীৰ ঘোষণাৰ লগে লগে মল্লযোদ্ধাসকলে তেওঁলোকৰ আন্দোলন প্ৰত্যাহাৰ কৰিছে। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে নিশা তাৰকা মল্লযোদ্ধা আৰু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এক পৰ্যায়ৰ বৈঠক তৈয়াৰ কৰে। অৱশ্যে, সেই সভাত কোনো সমাধান ওলাই অহা নাছিল। অৱশ্যে, বৈঠকৰ দ্বিতীয় পৰ্যায়ৰ পিছত, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে মল্লযোদ্ধাসকলৰ দাবী অনুসৰি ব্ৰজভূষণে তেওঁৰ পদৰ পৰা আঁতৰি আহিছে। 

এক সংবাদমেলত মন্ত্ৰী অনুৰাগ  ঠাকুৰে কৈছিল  যে তেওঁ মল্লযোদ্ধাসকলৰ সৈতে সাত ঘণ্টা ধৰি বৈঠকত বহিছে। ইয়াৰ পিছতে তেওঁ তদন্ত কৰিবলৈ আৰু উপযুক্ত ব্যৱস্থা লোৱাৰ আশ্বাস দিয়ে। তেওঁ কয়  যে এমাহৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰাৰ পিছত ব্যৱস্থা লোৱা হ'ব। অনুৰাগৰ ঠাকুৰৰ পৰা  আশ্বাস পোৱাৰ পিছত মল্লযোদ্ধাসকলে তেওঁলোকৰ প্ৰতিবাদ প্ৰত্যাহাৰ কৰে।

ভাৰতীয় অলিম্পিক সমিতিয়ে শুক্ৰবাৰে নতুন দিল্লীত প্ৰায় দুঘণ্টাধৰি মল্লযোদ্ধাসকলৰ সৈতে আলোচনাত মিলিত হৈছিল। বৈঠকৰ পিছত পিটি ঊষাৰ নেতৃত্বত গঠিত সমিতিখনে এখন সাত জনীয়া সমিতি গঠন কৰিছে। সেই সমিতিত আছে  বক্সিংত ছয়বাৰৰ বিশ্ব চেম্পিয়ন মেৰী কম, প্ৰাক্তন বেংগল অলিম্পিয়ান দোলা বন্দোপাধ্যায়, অলকানন্দ অশোক, যোগেশ্বৰ দত্ত, সহদেৱ যাদৱ আৰু অন্যান্যসকলক ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু