--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যোৱা ১৭ ফেব্ৰুৱাৰীত পশ্চিম গাৰো পাহাৰৰ ডালুত এখন নিৰ্বাচনী প্ৰচাৰসভাত বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা বৰ্তমানৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰিছিল৷ শ্বাহে মেঘালয় চৰকাৰক দেশৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত চৰকাৰ বুলি অভিহিত কৰাৰ লগতে ভোটাৰসকলক উন্নয়ন, অৰ্থনৈতিক বিকাশ আনিবলৈ আৰু দুৰ্নীতিৰ পৰা পৰিত্ৰাণ পাবলৈ বিজেপিক শক্তিশালী কৰিবলৈ আহ্বান জনাইছিল। অতি আত্মবিশ্বাসী বিজেপিয়ে মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ নেতৃত্বত গঢ় লৈ উঠা নেচনেল পিপলছ পাৰ্টি নেতৃত্বাধীন মেঘালয় ডেমক্ৰেটিক এলায়েন্স চৰকাৰৰ পৰা বিজেপিয়ে আঁতৰি অহাৰ দৰে এক গুৰুত্বপূৰ্ণ কাৰ্য সম্পাদন কৰে৷ পিছে, আজি ঘোষণা কৰা ফলাফলত অতি আত্মবিশ্বাসী বিজেপিয়ে বাৰুকৈয়ে মুখঠেকেচা খোৱা পৰিলক্ষিত হ’ল৷ অসমীয়াত এষাৰ কথা আছে ‘হস্তীৰো পিছলে পাৱ, সজ্জনৰো বুৰে নাও৷’ আজি যেন মেঘালয়ত বিজেপিৰ ক্ষেত্ৰত এই বাক্যশাৰী প্ৰযোজ্য হৈছে৷ এতিয়ালৈ মাত্ৰ ৩ খন আসনহে দখল কৰিবলৈ সক্ষম হোৱা বিজেপি যি এন পি পিক নিৰ্বাচনৰ আগত এৰি দিছিল, সেই দলৰে ভৰিত পৰি পুনৰ চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে৷ বিজেপিৰ এনে শোচনীয় অৱস্থাই বৰ্তমান আধুনিক চাণক্য হিচাপে পৰিচিত নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ এক সামগ্ৰিক পৰাজয় বুলি ৰাজনৈতিক বিশ্লেষকমহলে দাবী কৰিছে৷ মেঘালয়ত ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত এনপিপিয়ে ২০ খন আসন লাভ কৰিছিল, আনহাতে কংগ্ৰেছে ২১ খন আসন লাভ কৰিছিল, আৰু ভাৰতীয় জনতা পাৰ্টীয়ে দুখন আসন লাভ কৰিছিল। ইউনাইটেড ডেমক্ৰেটিক পাৰ্টিয়ে (ইউডিপি) ছয়খন আসন লাভ কৰিছিল।আনকি কংগ্ৰেছ একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰাৰ পিছতো, এনপিপি নেতৃত্বাধীন মেঘালয় ডেমক্ৰেটিক এলায়েন্স (এমডিএ) বিজেপি, ইউডিপি আৰু অন্যান্য আঞ্চলিক দলৰ সমৰ্থনত ক্ষমতালৈ আহিছিল।

আজিৰ ফলাফললৈ যদি লক্ষ্য কৰা হয়, তেন্তে ৬০ আসনৰ মেঘালয় বিধানসভাত মাত্ৰ ২৬ খন আসন লাভ কৰি কনৰাড চাংমাৰ নেচনেল পিপলছ পাৰ্টি (এনপিপি) সংখ্যাগৰিষ্ঠতাৰ অভাৱত পৰাৰ লগে লগে মুখ্যমন্ত্ৰী চাংমাই কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ ওচৰলৈ গৈ নতুন চৰকাৰ গঠনৰ ক্ষেত্ৰত তেওঁৰ সমৰ্থন আৰু আশীৰ্বাদ বিচাৰিছে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যেই এই ক্ষেত্ৰত টুইট কৰিছে। অন্যফালেদি কংগ্ৰেছে মেঘালয় বিধানসভা নিৰ্বাচনৰ ৬০ খন আসনৰ ভিতৰত পাঁচখন আসন লাভ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে দলটোৰ ৰাজ্যিক মুৰব্বী তথা শ্বিলঙৰ সাংসদ ভিনচেণ্ট এইচ পালা পূৱ জয়ন্তীয়া  পাহাৰৰ চুতঙ্গা চাইপুং সমষ্টিত শাসনাধিষ্ঠিত এনপিপিৰ ছাণ্টা মেৰী শ্যেলাৰ হাতত ১,৮২৮ টা ভোটত পৰাজিত হয়। আনকি তৃণমূল কংগ্ৰেছৰ দৰে দলে  ৫ খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে মাত্ৰ তিনিখন আসন লাভ কৰিবলৈ সক্ষম হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান