--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যোৱা ১৭ ফেব্ৰুৱাৰীত পশ্চিম গাৰো পাহাৰৰ ডালুত এখন নিৰ্বাচনী প্ৰচাৰসভাত বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা বৰ্তমানৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰিছিল৷ শ্বাহে মেঘালয় চৰকাৰক দেশৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত চৰকাৰ বুলি অভিহিত কৰাৰ লগতে ভোটাৰসকলক উন্নয়ন, অৰ্থনৈতিক বিকাশ আনিবলৈ আৰু দুৰ্নীতিৰ পৰা পৰিত্ৰাণ পাবলৈ বিজেপিক শক্তিশালী কৰিবলৈ আহ্বান জনাইছিল। অতি আত্মবিশ্বাসী বিজেপিয়ে মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ নেতৃত্বত গঢ় লৈ উঠা নেচনেল পিপলছ পাৰ্টি নেতৃত্বাধীন মেঘালয় ডেমক্ৰেটিক এলায়েন্স চৰকাৰৰ পৰা বিজেপিয়ে আঁতৰি অহাৰ দৰে এক গুৰুত্বপূৰ্ণ কাৰ্য সম্পাদন কৰে৷ পিছে, আজি ঘোষণা কৰা ফলাফলত অতি আত্মবিশ্বাসী বিজেপিয়ে বাৰুকৈয়ে মুখঠেকেচা খোৱা পৰিলক্ষিত হ’ল৷ অসমীয়াত এষাৰ কথা আছে ‘হস্তীৰো পিছলে পাৱ, সজ্জনৰো বুৰে নাও৷’ আজি যেন মেঘালয়ত বিজেপিৰ ক্ষেত্ৰত এই বাক্যশাৰী প্ৰযোজ্য হৈছে৷ এতিয়ালৈ মাত্ৰ ৩ খন আসনহে দখল কৰিবলৈ সক্ষম হোৱা বিজেপি যি এন পি পিক নিৰ্বাচনৰ আগত এৰি দিছিল, সেই দলৰে ভৰিত পৰি পুনৰ চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে৷ বিজেপিৰ এনে শোচনীয় অৱস্থাই বৰ্তমান আধুনিক চাণক্য হিচাপে পৰিচিত নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ এক সামগ্ৰিক পৰাজয় বুলি ৰাজনৈতিক বিশ্লেষকমহলে দাবী কৰিছে৷ মেঘালয়ত ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত এনপিপিয়ে ২০ খন আসন লাভ কৰিছিল, আনহাতে কংগ্ৰেছে ২১ খন আসন লাভ কৰিছিল, আৰু ভাৰতীয় জনতা পাৰ্টীয়ে দুখন আসন লাভ কৰিছিল। ইউনাইটেড ডেমক্ৰেটিক পাৰ্টিয়ে (ইউডিপি) ছয়খন আসন লাভ কৰিছিল।আনকি কংগ্ৰেছ একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰাৰ পিছতো, এনপিপি নেতৃত্বাধীন মেঘালয় ডেমক্ৰেটিক এলায়েন্স (এমডিএ) বিজেপি, ইউডিপি আৰু অন্যান্য আঞ্চলিক দলৰ সমৰ্থনত ক্ষমতালৈ আহিছিল।

আজিৰ ফলাফললৈ যদি লক্ষ্য কৰা হয়, তেন্তে ৬০ আসনৰ মেঘালয় বিধানসভাত মাত্ৰ ২৬ খন আসন লাভ কৰি কনৰাড চাংমাৰ নেচনেল পিপলছ পাৰ্টি (এনপিপি) সংখ্যাগৰিষ্ঠতাৰ অভাৱত পৰাৰ লগে লগে মুখ্যমন্ত্ৰী চাংমাই কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ ওচৰলৈ গৈ নতুন চৰকাৰ গঠনৰ ক্ষেত্ৰত তেওঁৰ সমৰ্থন আৰু আশীৰ্বাদ বিচাৰিছে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যেই এই ক্ষেত্ৰত টুইট কৰিছে। অন্যফালেদি কংগ্ৰেছে মেঘালয় বিধানসভা নিৰ্বাচনৰ ৬০ খন আসনৰ ভিতৰত পাঁচখন আসন লাভ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে দলটোৰ ৰাজ্যিক মুৰব্বী তথা শ্বিলঙৰ সাংসদ ভিনচেণ্ট এইচ পালা পূৱ জয়ন্তীয়া  পাহাৰৰ চুতঙ্গা চাইপুং সমষ্টিত শাসনাধিষ্ঠিত এনপিপিৰ ছাণ্টা মেৰী শ্যেলাৰ হাতত ১,৮২৮ টা ভোটত পৰাজিত হয়। আনকি তৃণমূল কংগ্ৰেছৰ দৰে দলে  ৫ খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে মাত্ৰ তিনিখন আসন লাভ কৰিবলৈ সক্ষম হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
সুৰাপান কৰি গাড়ী চলোৱাৰ অভিযোগত দোষ স্বীকাৰ অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ ডেভিদ ৱাৰ্ণাৰৰ
Advertisement