--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মেথি বীজ সেৱন কৰিলে বহুতো গুৰুতৰ ৰোগৰ পৰা ৰক্ষা পৰিব পাৰে। কিন্তু প্ৰথমে ইয়াক কেনেকৈ গ্ৰহণ কৰিব লাগে জানিব লাগে। মেথিয়ে কেৱল ছালৰ ৰোগৰ পৰা ৰক্ষা নকৰে বা চুলি মজবুত কৰে বৰঞ্চ চুগাৰ আৰু হৃদৰোগৰ দৰে গুৰুতৰ ৰোগৰ পৰাও ৰক্ষা কৰে। জানো আহক মেথি গুটিৰ উপকাৰীতা আৰু ইয়াক খোৱাৰ সঠিক পদ্ধতিৰ বিষয়ে -

মেথিৰ গুটিয়ে কোনবোৰ ৰোগৰ পৰা ৰক্ষা কৰে?

চুগাৰ অৰ্থাৎ ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে।

বিপাকীয় ক্ৰিয়া উন্নত কৰে।

চুলি সৰা ৰোধ কৰে।

ছালৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

পিম্পলছ প্ৰতিৰোধ কৰে।

পেটৰ সংক্ৰমণ প্ৰতিৰোধ কৰে।

•মেথিৰ উপকাৰীতা কি কি?

১) মেথিৰ গুটিত দ্ৰৱণীয় আঁহ প্ৰচুৰ পৰিমাণে থাকে। মেথিৰ গুটি সেৱন কৰিলে শৰীৰত উপনীত হোৱাৰ পিছত এই দ্ৰৱণীয় আঁহে কাৰ্বহাইড্ৰেট শোষণ প্ৰক্ৰিয়াটো লেহেমীয়া কৰে।

২) যেতিয়া আপুনি ৰোটি, চাউল, দাইল, ওটছ, মচুৰ দাইল, কাৰ্বহাইড্ৰেট আদি শস্যজাতীয় খাদ্য খায় তেতিয়া শৰীৰৰ ভিতৰলৈ সোমাই যায়। যদি এই কাৰ্বহাইড্ৰেট দ্ৰুত হজম হোৱাৰ লগে লগে তেজত দ্ৰৱীভূত হয়, তেন্তে শৰীৰত গ্লুক’জৰ পৰিমাণ বাঢ়িবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত চুগাৰৰ সমস্যা বৃদ্ধি পায়। মেথিৰ গুটিয়ে কাৰ্বহাইড্ৰেটৰ হজম লেহেমীয়া কৰিলেও ই চুগাৰ নিয়ন্ত্ৰণত ৰাখে।

৩) মেথিৰ গুটিত থকা এমিনো এচিডবোৰে আমাৰ তেজৰ ভিতৰৰ তেজৰ লগত বৈ যোৱা চুগাৰকো ভাঙি পেলোৱাৰ কাম কৰে। ইয়াৰ ফলত তেজত চুগাৰৰ পৰিমাণ কমি যায় আৰু ইনচুলিনৰ পৰিমাণ সঠিক হৈ থাকে।

৪)ডায়েবেটিছ টাইপ-১ হওক বা ডায়েবেটিছ টাইপ-২ হওক, মেথি দুয়োটা অৱস্থাতে অতি উপকাৰী আৰু চুগাৰ নিয়ন্ত্ৰণত ৰখাৰ লগতে বিপাকীয় ক্ৰিয়াও উন্নত কৰে।

•মেথিৰ বীজ কেনেকৈ সেৱন কৰিব?

ৰাতি এচামুচ মেথি গুটি পানীত তিয়াই ৰাখি ৰাতিপুৱা ইয়াৰ পানী উলিয়াই চোবাই খাব লাগে। প্ৰয়োজন হ’লে এচামোচ বা দুচামোচ পানী খাব পাৰে। তাৰ পাছত ৩০ মিনিট‌ সময়লৈকে একো খাব নালাগে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
ডিজিটেল ভৱিষ্যত গঢ় দিয়াৰ লক্ষ্যৰে ধুবুৰীত AI সন্দৰ্ভত সজাগতা কাৰ্যসূচী
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ