--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মেথি বীজ সেৱন কৰিলে বহুতো গুৰুতৰ ৰোগৰ পৰা ৰক্ষা পৰিব পাৰে। কিন্তু প্ৰথমে ইয়াক কেনেকৈ গ্ৰহণ কৰিব লাগে জানিব লাগে। মেথিয়ে কেৱল ছালৰ ৰোগৰ পৰা ৰক্ষা নকৰে বা চুলি মজবুত কৰে বৰঞ্চ চুগাৰ আৰু হৃদৰোগৰ দৰে গুৰুতৰ ৰোগৰ পৰাও ৰক্ষা কৰে। জানো আহক মেথি গুটিৰ উপকাৰীতা আৰু ইয়াক খোৱাৰ সঠিক পদ্ধতিৰ বিষয়ে -

মেথিৰ গুটিয়ে কোনবোৰ ৰোগৰ পৰা ৰক্ষা কৰে?

চুগাৰ অৰ্থাৎ ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে।

বিপাকীয় ক্ৰিয়া উন্নত কৰে।

চুলি সৰা ৰোধ কৰে।

ছালৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

পিম্পলছ প্ৰতিৰোধ কৰে।

পেটৰ সংক্ৰমণ প্ৰতিৰোধ কৰে।

•মেথিৰ উপকাৰীতা কি কি?

১) মেথিৰ গুটিত দ্ৰৱণীয় আঁহ প্ৰচুৰ পৰিমাণে থাকে। মেথিৰ গুটি সেৱন কৰিলে শৰীৰত উপনীত হোৱাৰ পিছত এই দ্ৰৱণীয় আঁহে কাৰ্বহাইড্ৰেট শোষণ প্ৰক্ৰিয়াটো লেহেমীয়া কৰে।

২) যেতিয়া আপুনি ৰোটি, চাউল, দাইল, ওটছ, মচুৰ দাইল, কাৰ্বহাইড্ৰেট আদি শস্যজাতীয় খাদ্য খায় তেতিয়া শৰীৰৰ ভিতৰলৈ সোমাই যায়। যদি এই কাৰ্বহাইড্ৰেট দ্ৰুত হজম হোৱাৰ লগে লগে তেজত দ্ৰৱীভূত হয়, তেন্তে শৰীৰত গ্লুক’জৰ পৰিমাণ বাঢ়িবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত চুগাৰৰ সমস্যা বৃদ্ধি পায়। মেথিৰ গুটিয়ে কাৰ্বহাইড্ৰেটৰ হজম লেহেমীয়া কৰিলেও ই চুগাৰ নিয়ন্ত্ৰণত ৰাখে।

৩) মেথিৰ গুটিত থকা এমিনো এচিডবোৰে আমাৰ তেজৰ ভিতৰৰ তেজৰ লগত বৈ যোৱা চুগাৰকো ভাঙি পেলোৱাৰ কাম কৰে। ইয়াৰ ফলত তেজত চুগাৰৰ পৰিমাণ কমি যায় আৰু ইনচুলিনৰ পৰিমাণ সঠিক হৈ থাকে।

৪)ডায়েবেটিছ টাইপ-১ হওক বা ডায়েবেটিছ টাইপ-২ হওক, মেথি দুয়োটা অৱস্থাতে অতি উপকাৰী আৰু চুগাৰ নিয়ন্ত্ৰণত ৰখাৰ লগতে বিপাকীয় ক্ৰিয়াও উন্নত কৰে।

•মেথিৰ বীজ কেনেকৈ সেৱন কৰিব?

ৰাতি এচামুচ মেথি গুটি পানীত তিয়াই ৰাখি ৰাতিপুৱা ইয়াৰ পানী উলিয়াই চোবাই খাব লাগে। প্ৰয়োজন হ’লে এচামোচ বা দুচামোচ পানী খাব পাৰে। তাৰ পাছত ৩০ মিনিট‌ সময়লৈকে একো খাব নালাগে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ সাংস্কৃতিক জগত উকা কৰি বৈকুণ্ঠলৈ গমন কৰিলে নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভড়ালীয়ে
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক