--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃআজিকালি মানুহে অতি কম বয়সৰ পৰাই স্বাস্থ্য সচেতন হোৱা দেখা গৈছে। শৰীৰটো এটা যন্ত্ৰৰ লেখীয়া। সেয়ে ইয়াৰ ওপৰত অত্যাচাৰ চলালে এই যন্ত্ৰ সহজে বেয়া হোৱাৰ ভয় থাকে। বহুতে আকৌ বৃদ্ধ বয়সতহে স্বাস্থ্য সচেতন হোৱা দেখা যায়। বৃদ্ধ বয়সত নিয়ম-নীতিৰে আহাৰ গ্ৰহণ কৰিলে যিমান ভাল ফল পোৱা যায় তাতোকৈ অধিক ভাল ফল পোৱা যাব যদিহে মানুহে কম বয়সৰ পৰাই স্বাস্থ্য সচেতন হয় আৰু সেইমতে আহাৰ-বিহাৰ কৰে।

স্বাস্থ্য বিজ্ঞানীসকলে প্ৰকাশ  কৰা মতে ৩০ বছৰৰ পিছৰে পৰাই মানুহে কেগবোৰ খাদ্য গ্ৰহণত নিজকে নিয়ন্ত্ৰণ কৰিব লাগে।৩০ বছৰৰ পিছত  পুৰুষ তথা মহিলাৰ শৰীৰত  বহু পৰিৱৰ্তন ঘটিবলৈ আৰম্ভ কৰে। হৰম’নৰ  পৰিৱৰ্তনৰ প্ৰভাৱত দৃষ্টি শক্তি হ্ৰাস পোৱাৰ লগতে চুলিতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে।

পুষ্টি বিশেষজ্ঞসকলে ইয়াৰ আঁৰত আমাৰ খাদ্যাভাসকে জগৰীয়া কৰে। তেওঁলোকৰ মতে, ৩০ বছৰ বয়সৰ পাছত কিছুমান বস্তু খাদ্য তালিকাৰ পৰা দূৰত ৰাখিব পাৰিলে ভাল।

কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ এক প্ৰতিবেদনত কোৱা হৈছে যে এগৰাকী ব্যক্তিয়ে প্ৰতিদিনে ২৩০০ মিলিগ্ৰামতকৈ অধিক ছ’ডিয়াম গ্ৰহণ কৰা উচিত নহয়।

বজাৰত উপলব্ধ কেন চুপত ৪০শতাংশ ছ’ডিয়াম থাকে। ই ছালৰ বাৰ্দ্ধক্যজনিত সমস্যা তথা ৰক্তচাপৰ বাবে সাংঘাতিক সমস্যাৰ সৃষ্টি কৰিব পাৰে।

বয়স ৩০ বছৰৰ দিশে আগবঢ়াৰ লগে লগে সকলোৱে চেনি খোৱা কমাব লাগে। 
 অধিক পৰিমাণে শৰ্কৰা জাতীয় খাদ্য খালে ই মেদবহুলতাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।

নিশা যদি  কফি থায়, তেতিয়াহ’লে ই টোপনি নষ্ট কৰিব পাৰে আৰু ফলত সমস্যাৰ সৃষ্টি হ'ব পাৰে। 
আটাৰ পৰা বনোৱা ৰুটিত প্ৰচুৰ পৰিমানে চেনি, কাৰ্বহাইড্ৰেইড তথা ফ্যাট থাকে। ইয়াৰ ফলত কোষ্ঠকাঠিন্য তথা হজমৰ সমস্যা বৃদ্ধি কৰিব পাৰে। সেয়ে ৩০ বছৰৰ পিছত এনে খাদ্যও কমাই খাব লাগে। ৰুটি খোৱাৰ আধা ঘণ্টামান পিছত প্ৰচুৰ পানী খাব লাগে।

সেইদৰে, ৩০বছৰৰ পাছত জ্যাংক ফুড বা ভজা খাদ্য হজম কৰাটো টান হৈ পৰিব পাৰে।
 এনে বয়সৰ পিছৰে  পৰা মানুহে আঁহযুক্ত খাদ্য বেছিকৈ খোৱা ভাল। সুৰাপান, ধূমপান আদিৰ পৰাও আঁতৰি থাকিব লাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ