--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী যুৱকে বিয়া পাতিবলৈ মন কৰি মেট্ৰিমনিয়েল ছাইটত বিচৰণ কৰিলে। যুৱকজন এগৰাকী NRI। অন্ধ্ৰপ্ৰদেশৰ ভেংকট কালাগা নামৰ যুৱকজনে বৰ্তমান আমেৰিকাৰ নৰ্থ কেৰ’লিনাৰ এটা চফটৱেৰ কোম্পানীত কাম কৰি আছে। জীৱনসংগী বিচাৰি আছিল ভেংকট কালাগাই। ইয়াৰ সন্ধানত ভেংকটে ভাৰতৰ এটা নামী মেট্ৰিমনিয়েল ছাইটত এটা প্ৰফাইল তৈয়াৰ কৰিছিল।

কেইদিনমানৰ ভিতৰতে তেওঁৰ চকু এটা অতি আকৰ্ষণীয় প্ৰফাইলত পৰিল। প্ৰফাইলত থকা ছোৱালীজনী আছিল অত্যন্ত ধুনীয়া। ছোৱালীজনীক দেখি ভেংকটৰ হৃদয়ত প্ৰেমৰ বীজে গজালি মেলিলে। দেখাত ছোৱালীজনী মডেলৰ দৰে। ব্যক্তিত্বও শক্তিশালী, ফটোবোৰত ফুটি উঠিছিল পাৰিবাৰিক মূল্যবোধৰ আভাস। ছোৱালীজনীৰ নাম আছিল "বৰখা জয়ছোৱানী"। তেওঁ ইন্দোৰৰ বাসিন্দা।

ভেংকটে সেই প্ৰফাইলৰ সৈতে যোগাযোগ কৰিলে। কথা-বতৰা তাৰ পৰা গৈ হোৱাটছএপলৈ স্থানান্তৰিত হ’ল। তাৰপাছত ফোন আৰম্ভ হ’ল। লাহে লাহে বন্ধুত্ব গভীৰ হৈ আহিল, বৰখাই ক’লে যে তাইও বিবাহৰ প্ৰতি আগ্ৰহী। কেইদিনমানৰ ভিতৰতে ‘বৰখা’ই তেওঁৰ অসুবিধাবোৰ - অসুস্থতা, ঘৰৰ আৰ্থিক অসুবিধা, ঋণ, আৰু তাৰ পিছত আমেৰিকালৈ আহি তেওঁক লগ কৰাৰ হেঁপাহৰ কথা ক’বলৈ ধৰিলে। আৰু এই আৱেগিক কথাবোৰত আবদ্ধ হৈ ভেংকটে নিজৰ সঞ্চয়ৰ পৰা তাইলৈ পইচা পঠিয়াই থাকিল।

২০২৩ চনৰ এপ্ৰিলৰ পৰা ২০২৪ চনৰ জুন মাহলৈকে ভেংকটে বিভিন্ন একাউণ্টলৈ মুঠ ২ কোটি ৬৮ লাখ টকা ট্ৰেন্সফাৰ কৰে। কেতিয়াবা চিকিৎসা জৰুৰীকালীন অৱস্থাৰ অজুহাতত, কেতিয়াবা বিমানৰ টিকটৰ অজুহাতত, কেতিয়াবা ঘৰুৱা খৰচৰ অজুহাতত ধন আদায় কৰা হৈছিল। এই সময়ছোৱাত ভেংকটে লাহে লাহে সন্দেহ কৰিবলৈ ধৰিলে। ভেংকটে ভিডিঅ’ কল কৰিবলৈ জোৰ দিলে কিন্তু ভিডিঅ’ কল কৰা নাছিল ছোৱালীজনীয়ে।

সন্দেহ গভীৰ হোৱাৰ লগে লগে ভেংকট আমেৰিকাৰ পৰা ভাৰতলৈ আহি পোনে পোনে ইন্দোৰ পুলিচৰ ওচৰলৈ গ’ল। তেওঁ ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ দাখিল কৰে। ডিচিপি ক্ৰাইম ব্ৰাঞ্চ ৰাজেশ ত্ৰিপাঠীয়ে এই গোচৰৰ তদন্ত আৰম্ভ কৰিলে আৰু বিষয়টো পোহৰলৈ অহাৰ লগে লগে চাইবাৰ জালিয়াতিৰ কথা পোহৰলৈ আহিবলৈ ধৰিলে।

তদন্তত প্ৰকাশ পাইছে যে ভেংকটে যি প্ৰফাইল দেখি মোহিত হৈছিল, সেই প্ৰফাইলত ব্যৱহাৰ কৰা ছবিবোৰ আছিল এগৰাকী বিখ্যাত ইনষ্টাগ্ৰাম মডেলৰ। মডেলগৰাকীৰ ফটো গুগলৰ পৰা ডাউনলোড কৰি প্ৰফাইলটো তৈয়াৰ কৰা হৈছিল।

এই প্ৰফাইলটো তৈয়াৰ কৰিছে ইন্দোৰৰ বাসিন্দা ২৭ বছৰীয়া ছিমৰণ জয়ছৱানীয়ে। ছিমৰণে ভুৱা প্ৰফাইল সৃষ্টি কৰি প্ৰেমৰ জালত পেলাইছিল ভেংকটক। এই ক্ষেত্ৰত তেওঁৰ নিজ ভাতৃ বিশাল জয়ছৱানীয়ে তেওঁক সহযোগ কৰি আছিল। দুয়োজনে একেলগে সু-পৰিকল্পিত ষড়যন্ত্ৰ ৰচনা কৰিছিল, ভুৱা নামেৰে কথা পাতিছিল আৰু লাখ লাখ টকা আদায় কৰিছিল।

আৰক্ষীৰ জেৰাৰ সময়ত অভিযুক্তই কয় যে তেওঁলোকে এই প্ৰতাৰিত ধনখিনি ব্যৱহাৰ কৰি ঋণ পৰিশোধ কৰিছিল, গাড়ী কিনিছিল, আনকি নিজাকৈ কাপোৰৰ ব্যৱসায় আৰম্ভ কৰিছিল। ক্ৰাইম ব্ৰাঞ্চে প্ৰথমে ইন্দোৰৰ পৰা ছিমৰণ আৰু তাৰ পিছত আহমেদাবাদৰ পৰা বিশালক গ্ৰেপ্তাৰ কৰে। দুয়োকে আৰক্ষীৰ ৰিমাণ্ডত লোৱা হৈছে আৰু অধিক জেৰা অব্যাহত আছে।

ডিচিপি ৰাজেশ ত্ৰিপাঠীয়ে কয় যে ছ’চিয়েল মিডিয়া আৰু অনলাইন প্লেটফৰ্মত এনেধৰণৰ চাইবাৰ অপৰাধ বৃদ্ধি পাইছে। মানুহবোৰ সোনকালে আৱেগিক হৈ যায় আৰু চেক নকৰাকৈয়ে ধন ট্ৰেন্সফাৰ কৰে, যাৰ সুবিধা এই গেংবোৰে লয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক