--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত একে পৰিয়ালৰ ৫জনৰ মৃত্যু ঘটিছে। এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ জয়পুৰত।

এখন গাড়ী আৰু ট্ৰেইলাৰৰ মাজত সংঘটিত হোৱা ভয়াৱহ সংঘৰ্ষৰ বাবে এই কৰুণ ঘটনা ঘটে। গাড়ীখনত যাত্ৰা কৰা একেটা পৰিয়ালৰ ৫ জন লোকৰ যন্ত্ৰণাদায়ক মৃত্যু হয়। নিহত আটাইকেইজন উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ বাসিন্দা।

মনোহৰপুৰ-দৌছা ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। য’ত পুৱা প্ৰায় ৮:১৫ বজাত নেকাৱালা টোলৰ ওচৰত এখন ট্ৰেইলাৰ আৰু এখন গাড়ীৰ মুখামুখি সংঘৰ্ষ হয়, তাৰ পিছত সেই স্থানত হুলস্থূলৰ সৃষ্টি হয়। তথ্য লাভ কৰাৰ লগে লগে ৰাইছাৰ থানাৰ আৰক্ষী সেই স্থানত উপস্থিত হয়। ৰাইছাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঘুবীৰ সিঙে জনোৱা মতে, অভাৰটেক কৰি থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা। 
মৃত্যু হোৱা পৰিয়ালটোত ২ জন পুৰুষ, ২গৰাকী মহিলা আৰু এটা ১২ মহীয়া শিশু আছে।

তেওঁলোকে ৰিংগাছৰ খাতুশ্যাম মন্দিৰ পৰিদৰ্শন কৰিবলৈ গৈছি আছিল। নেকাৱালা টোলৰ সমীপত গাড়ীখনে সন্মুখৰ পৰা অহা ট্ৰেইলাৰৰ সৈতে খুন্দা মাৰে।

দুৰ্ঘটনাটোত গাড়ীৰ সন্মুখৰ অংশ সম্পূৰ্ণৰূপে চূৰমাৰ হোৱা লগতে মৃতকৰ মৃতদেহ গাড়ীৰ ভিতৰত আবদ্ধ হৈ পৰে আৰু স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে গাড়ীখন উলিয়াই আনে। বৰ্তমান মৃতকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। একে সময়তে বিষয়টোৰ ওপৰত অধিক ব্যৱস্থাও আৰম্ভ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?