--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত একে পৰিয়ালৰ ৫জনৰ মৃত্যু ঘটিছে। এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ জয়পুৰত।

এখন গাড়ী আৰু ট্ৰেইলাৰৰ মাজত সংঘটিত হোৱা ভয়াৱহ সংঘৰ্ষৰ বাবে এই কৰুণ ঘটনা ঘটে। গাড়ীখনত যাত্ৰা কৰা একেটা পৰিয়ালৰ ৫ জন লোকৰ যন্ত্ৰণাদায়ক মৃত্যু হয়। নিহত আটাইকেইজন উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ বাসিন্দা।

মনোহৰপুৰ-দৌছা ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। য’ত পুৱা প্ৰায় ৮:১৫ বজাত নেকাৱালা টোলৰ ওচৰত এখন ট্ৰেইলাৰ আৰু এখন গাড়ীৰ মুখামুখি সংঘৰ্ষ হয়, তাৰ পিছত সেই স্থানত হুলস্থূলৰ সৃষ্টি হয়। তথ্য লাভ কৰাৰ লগে লগে ৰাইছাৰ থানাৰ আৰক্ষী সেই স্থানত উপস্থিত হয়। ৰাইছাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঘুবীৰ সিঙে জনোৱা মতে, অভাৰটেক কৰি থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা। 
মৃত্যু হোৱা পৰিয়ালটোত ২ জন পুৰুষ, ২গৰাকী মহিলা আৰু এটা ১২ মহীয়া শিশু আছে।

তেওঁলোকে ৰিংগাছৰ খাতুশ্যাম মন্দিৰ পৰিদৰ্শন কৰিবলৈ গৈছি আছিল। নেকাৱালা টোলৰ সমীপত গাড়ীখনে সন্মুখৰ পৰা অহা ট্ৰেইলাৰৰ সৈতে খুন্দা মাৰে।

দুৰ্ঘটনাটোত গাড়ীৰ সন্মুখৰ অংশ সম্পূৰ্ণৰূপে চূৰমাৰ হোৱা লগতে মৃতকৰ মৃতদেহ গাড়ীৰ ভিতৰত আবদ্ধ হৈ পৰে আৰু স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে গাড়ীখন উলিয়াই আনে। বৰ্তমান মৃতকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। একে সময়তে বিষয়টোৰ ওপৰত অধিক ব্যৱস্থাও আৰম্ভ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ