--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হোলীৰ দিনা দিল্লীত  'অশ্লীল' ভিডিঅ' তৈয়াৰ কৰা  দুগৰাকী  যুৱতীক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে। দুয়োগৰাকী যুৱতীৰ বিৰুদ্ধে ৮ এপ্ৰিলত আইপিচি ধাৰা ২৯৪ (অশ্লীল কাৰ্য্য আৰু গান) আৰু মেট্ৰ' ৰে'লৱে (অপাৰেচন এণ্ড মেইনটেইনেন্স) আইনৰ ৫৯ ৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল। অৱশেষত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়।

যোৱা মাহত নেতাজী সুভাষ প্লেচ মেট্ৰ' ষ্টেচনৰ ওচৰত ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) বিভিন্ন ধাৰাৰ অধীনত অশ্লীল ভিডিঅ' বনোৱাৰ অভিযোগত এটা গোচৰ ৰুজু কৰা হৈছিল। আৰক্ষীয়ে জনোৱা অনুসৰি  দিল্লী মেট্ৰ'ই আৰক্ষীক ঘটনাটোৰ তদন্ত কৰিবলৈ অনুৰোধ জনাইছিল। ২ এপ্ৰিলত  মেট্ৰ' কৰ্তৃপক্ষই আৰক্ষীলৈ এখন পত্ৰ লিখি তদন্তৰ বাবে অনুৰোধ জনাইছিল। দুয়োগৰাকী মহিলাৰ বিৰুদ্ধে ৮ এপ্ৰিলত অভিযোগ দাখিল কৰা হৈছিল। তাৰ পিছত  আৰক্ষীয়ে গ্ৰেপ্তাৰৰ পদক্ষেপ গ্ৰহণ কৰিছিল। দিল্লী আৰক্ষীৰ মতে যুৱতীদুগৰাকী  গ্ৰেটাৰ নয়ডাৰ বাসিন্দা। আৰক্ষীৰ সহায়ত তেওঁলোকক বিচাৰি উলিওৱা হৈছে  আৰু গ্ৰেপ্তাৰ কৰা হৈছে। পিছত অৱশ্যে তেওঁলোকে  একাধিক চৰ্তত জামিন লাভ কৰে।যোৱা মাহত দিল্লী মেট্ৰ'ৰ এটা ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। য'ত দেখা গৈছিল  দুগৰাকী যুৱতীয়ে  শাৰী পিন্ধি মেট্ৰ'ত হোলী  উদযাপন কৰি আছে। তেওঁলোকে ইজনে সিজনৰ শৰীৰ  স্পৰ্শ কৰিছিল । 

অৱশ্যে, মেট্ৰ' কৰ্তৃপক্ষই প্ৰথমতে কৈছিল, "এই ভিডিঅ'টো প্ৰকৃততে মেট্ৰ'ৰ ভিতৰত দৃশ্যগ্ৰহণ কৰা হৈছিল নে নাই সেয়া সন্দেহজনক। কাৰণ এতিয়া প্ৰযুক্তি ব্যৱহাৰ কৰি এনে সমল সৃষ্টি কৰিব পাৰি।  অৱশ্যে, এগৰাকী নেটিজেনে ছ'চিয়েল মিডিয়াত যুৱতী দুগৰাকীৰ  আন এটা অশ্লীল ভিডিঅ' শ্বেয়াৰ কৰি প্ৰমাণ কৰে যে ভিডিঅ'টো  ভুৱা নহয়। ইয়াৰ পিছত, মেট্ৰ' কৰ্তৃপক্ষই তদন্তৰ ভাৰ  দিল্লী আৰক্ষীক হস্তান্তৰ কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী