--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হোলীৰ দিনা দিল্লীত  'অশ্লীল' ভিডিঅ' তৈয়াৰ কৰা  দুগৰাকী  যুৱতীক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে। দুয়োগৰাকী যুৱতীৰ বিৰুদ্ধে ৮ এপ্ৰিলত আইপিচি ধাৰা ২৯৪ (অশ্লীল কাৰ্য্য আৰু গান) আৰু মেট্ৰ' ৰে'লৱে (অপাৰেচন এণ্ড মেইনটেইনেন্স) আইনৰ ৫৯ ৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল। অৱশেষত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়।

যোৱা মাহত নেতাজী সুভাষ প্লেচ মেট্ৰ' ষ্টেচনৰ ওচৰত ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) বিভিন্ন ধাৰাৰ অধীনত অশ্লীল ভিডিঅ' বনোৱাৰ অভিযোগত এটা গোচৰ ৰুজু কৰা হৈছিল। আৰক্ষীয়ে জনোৱা অনুসৰি  দিল্লী মেট্ৰ'ই আৰক্ষীক ঘটনাটোৰ তদন্ত কৰিবলৈ অনুৰোধ জনাইছিল। ২ এপ্ৰিলত  মেট্ৰ' কৰ্তৃপক্ষই আৰক্ষীলৈ এখন পত্ৰ লিখি তদন্তৰ বাবে অনুৰোধ জনাইছিল। দুয়োগৰাকী মহিলাৰ বিৰুদ্ধে ৮ এপ্ৰিলত অভিযোগ দাখিল কৰা হৈছিল। তাৰ পিছত  আৰক্ষীয়ে গ্ৰেপ্তাৰৰ পদক্ষেপ গ্ৰহণ কৰিছিল। দিল্লী আৰক্ষীৰ মতে যুৱতীদুগৰাকী  গ্ৰেটাৰ নয়ডাৰ বাসিন্দা। আৰক্ষীৰ সহায়ত তেওঁলোকক বিচাৰি উলিওৱা হৈছে  আৰু গ্ৰেপ্তাৰ কৰা হৈছে। পিছত অৱশ্যে তেওঁলোকে  একাধিক চৰ্তত জামিন লাভ কৰে।যোৱা মাহত দিল্লী মেট্ৰ'ৰ এটা ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। য'ত দেখা গৈছিল  দুগৰাকী যুৱতীয়ে  শাৰী পিন্ধি মেট্ৰ'ত হোলী  উদযাপন কৰি আছে। তেওঁলোকে ইজনে সিজনৰ শৰীৰ  স্পৰ্শ কৰিছিল । 

অৱশ্যে, মেট্ৰ' কৰ্তৃপক্ষই প্ৰথমতে কৈছিল, "এই ভিডিঅ'টো প্ৰকৃততে মেট্ৰ'ৰ ভিতৰত দৃশ্যগ্ৰহণ কৰা হৈছিল নে নাই সেয়া সন্দেহজনক। কাৰণ এতিয়া প্ৰযুক্তি ব্যৱহাৰ কৰি এনে সমল সৃষ্টি কৰিব পাৰি।  অৱশ্যে, এগৰাকী নেটিজেনে ছ'চিয়েল মিডিয়াত যুৱতী দুগৰাকীৰ  আন এটা অশ্লীল ভিডিঅ' শ্বেয়াৰ কৰি প্ৰমাণ কৰে যে ভিডিঅ'টো  ভুৱা নহয়। ইয়াৰ পিছত, মেট্ৰ' কৰ্তৃপক্ষই তদন্তৰ ভাৰ  দিল্লী আৰক্ষীক হস্তান্তৰ কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু