--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  এগৰাকী মৌলানা হঠাতে হ’ল নিৰুদ্দেশ। মৌলানা নিৰুদ্দেশ হোৱাত দুগৰাকী মহিলাই দাবী কৰিছিল যে তেওঁলোকৰ স্বামী নিৰুদ্দেশ হৈছে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ পৰা পোহৰলৈ আহিছে এক অনন্য গোচৰ। এগৰাকী পত্নীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে নিৰুদ্দেশ হোৱা এজন ব্যক্তিৰ পঞ্জীয়ন কৰি তদন্ত কৰে। নিৰুদ্দেশৰ ৰিপৰ্ট দাখিল কৰাৰ পিছত আৰক্ষীয়ে গোচৰৰ তদন্ত আৰম্ভ কৰিছিল মাত্ৰ, ইয়াৰ মাজতে আন এগৰাকী মহিলা আহি তেওঁৰ স্বামী মঞ্জৰ আলী নিৰুদ্দেশ হোৱা বুলি দাবী কৰে।

আৰক্ষীয়ে বুজি পালে যে একেটা বিষয় দুগৰাকী পত্নীৰ মাজত সংঘটিত হৈছে। ইফালে মৌলানাৰ পৰিয়ালৰ লোকে দিয়া ম’বাইল নম্বৰৰ কল লকেচনটো আৰক্ষীয়ে উলিয়াই লোৱাত মৌলানা মঞ্জৰ আলী গোণ্ডা অঞ্চলত আৰু তৃতীয় পত্নীৰ সৈতে থকা বুলি ধৰা পৰে। আৰক্ষীয়ে গোণ্ডাৰ পৰা উদ্ধাৰ কৰি   নিৰুদ্দেশ হৈ থকা মৌলানাক  প্ৰথম পত্নীৰ হাতত গতাই দিয়ে।

জানিব পৰা মতে, যোৱা ১৬ ফেব্ৰুৱাৰীত সাদাতগঞ্জ থানা এলেকাৰ বাসিন্দা মৌলানা মঞ্জাৰ আলী হঠাতে নিজৰ ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল। পত্নীয়ে তেওঁক ব্যাপকভাৱে বিচাৰিলে যদিও তেওঁৰ কোনো সন্ধান পোৱা নগ’ল। ইয়াৰ পিছত তেওঁৰ প্ৰথম পত্নীয়ে ১৯ ফেব্ৰুৱাৰীত সাদাতগঞ্জ আৰক্ষী থানাত মৌলানাৰ সন্ধানহীন গোচৰ ৰুজু কৰে।

নিৰুদ্দেশৰ ৰিপৰ্ট দাখিল কৰাৰ পিছত আৰক্ষীয়ে গোচৰৰ তদন্ত আৰম্ভ কৰিছিল মাত্ৰ, ইয়াৰ মাজতে আন এগৰাকী মহিলা আহি তেওঁৰ স্বামী মঞ্জৰ আলী নিৰুদ্দেশ হোৱা বুলি দাবী কৰে। এই তদন্ত কৰিবলৈ গৈ পোহৰলৈ আহে যে মৌলানাৰ তৃতীয়গৰাকী পত্নীও আছে। যাৰ সৈতে তেওঁ সংসাৰ চলাই আছিল। গোণ্ডালৈ গৈ  আৰক্ষীয়ে গম পায় যে  তেওঁ তৃতীয় পত্নীৰ সৈতে নিৰাপদে বাস কৰি আছে।

বৰ্তমান সাদাতগঞ্জ আৰক্ষীয়ে নিৰুদ্দেশ হোৱা মৌলানা মঞ্জৰ আলীক উদ্ধাৰ কৰি নিৰুদ্দেশৰ অভিযোগ দাখিল কৰা প্ৰথমগৰাকী পত্নীক গতাই দিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী