--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  এগৰাকী মৌলানা হঠাতে হ’ল নিৰুদ্দেশ। মৌলানা নিৰুদ্দেশ হোৱাত দুগৰাকী মহিলাই দাবী কৰিছিল যে তেওঁলোকৰ স্বামী নিৰুদ্দেশ হৈছে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ পৰা পোহৰলৈ আহিছে এক অনন্য গোচৰ। এগৰাকী পত্নীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে নিৰুদ্দেশ হোৱা এজন ব্যক্তিৰ পঞ্জীয়ন কৰি তদন্ত কৰে। নিৰুদ্দেশৰ ৰিপৰ্ট দাখিল কৰাৰ পিছত আৰক্ষীয়ে গোচৰৰ তদন্ত আৰম্ভ কৰিছিল মাত্ৰ, ইয়াৰ মাজতে আন এগৰাকী মহিলা আহি তেওঁৰ স্বামী মঞ্জৰ আলী নিৰুদ্দেশ হোৱা বুলি দাবী কৰে।

আৰক্ষীয়ে বুজি পালে যে একেটা বিষয় দুগৰাকী পত্নীৰ মাজত সংঘটিত হৈছে। ইফালে মৌলানাৰ পৰিয়ালৰ লোকে দিয়া ম’বাইল নম্বৰৰ কল লকেচনটো আৰক্ষীয়ে উলিয়াই লোৱাত মৌলানা মঞ্জৰ আলী গোণ্ডা অঞ্চলত আৰু তৃতীয় পত্নীৰ সৈতে থকা বুলি ধৰা পৰে। আৰক্ষীয়ে গোণ্ডাৰ পৰা উদ্ধাৰ কৰি   নিৰুদ্দেশ হৈ থকা মৌলানাক  প্ৰথম পত্নীৰ হাতত গতাই দিয়ে।

জানিব পৰা মতে, যোৱা ১৬ ফেব্ৰুৱাৰীত সাদাতগঞ্জ থানা এলেকাৰ বাসিন্দা মৌলানা মঞ্জাৰ আলী হঠাতে নিজৰ ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল। পত্নীয়ে তেওঁক ব্যাপকভাৱে বিচাৰিলে যদিও তেওঁৰ কোনো সন্ধান পোৱা নগ’ল। ইয়াৰ পিছত তেওঁৰ প্ৰথম পত্নীয়ে ১৯ ফেব্ৰুৱাৰীত সাদাতগঞ্জ আৰক্ষী থানাত মৌলানাৰ সন্ধানহীন গোচৰ ৰুজু কৰে।

নিৰুদ্দেশৰ ৰিপৰ্ট দাখিল কৰাৰ পিছত আৰক্ষীয়ে গোচৰৰ তদন্ত আৰম্ভ কৰিছিল মাত্ৰ, ইয়াৰ মাজতে আন এগৰাকী মহিলা আহি তেওঁৰ স্বামী মঞ্জৰ আলী নিৰুদ্দেশ হোৱা বুলি দাবী কৰে। এই তদন্ত কৰিবলৈ গৈ পোহৰলৈ আহে যে মৌলানাৰ তৃতীয়গৰাকী পত্নীও আছে। যাৰ সৈতে তেওঁ সংসাৰ চলাই আছিল। গোণ্ডালৈ গৈ  আৰক্ষীয়ে গম পায় যে  তেওঁ তৃতীয় পত্নীৰ সৈতে নিৰাপদে বাস কৰি আছে।

বৰ্তমান সাদাতগঞ্জ আৰক্ষীয়ে নিৰুদ্দেশ হোৱা মৌলানা মঞ্জৰ আলীক উদ্ধাৰ কৰি নিৰুদ্দেশৰ অভিযোগ দাখিল কৰা প্ৰথমগৰাকী পত্নীক গতাই দিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু