--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহাৰাষ্ট্রৰ ৰাজনীতিয়ে পুনৰ দৃষ্টি আকৰ্ষণ কৰিছে দেশবাসীৰ৷ ক্ষমতা কুক্ষিগত কৰাৰ ৰাজনীতিয়ে লৈছে নতুন গতি৷ এনচিপি নেতা অজিত পাৱাৰে আৰম্ভ কৰিছে নতুন ৰাজনৈতিক সমীকৰণ।

অজিত পাৱাৰৰ নেতৃত্বত বিজেপি গমনৰ প্ৰস্তুতি চলাইছে প্ৰায় ৪০জন এনচিপি বিধায়কে। মহাৰাষ্ট্ৰত ২০১৯ৰেই পুনৰাবৃত্তি হ’ব নেকি তাকে লৈ তুংগত উঠিছে ৰাজনৈতিক চৰ্চা। ২০১৯ত ত্ৰিসংকু নিৰ্বাচনী ফলাফলৰ পাছতে বিজেপিৰ সৈতে হাত মিলাই চৰকাৰ গঠন কৰিছিল অজিত পাৱাৰে। উপ-মুখ্যমন্ত্ৰী হৈ দেৱেন্দ্ৰ ফাডনৱিছৰ নেতৃত্বত গঠন কৰিছিল বিজেপি চৰকাৰ। অৱশ্যে চৰকাৰ গঠনৰ ৮০ ঘণ্টা নৌহওঁতেই পতন ঘটিছিল বিজেপি চৰকাৰ। 

এতিয়া পুনৰ ২০১৯ৰ পুনৰাবৃত্তি কৰাৰ চিন্তা-চৰ্চাত নামিছে অজিত পাৱাৰ। যিকোনো মুহূৰ্ততে এনচিপিৰ ৪০জন বিধায়কক লগত লৈ বিজেপিত যোগদান কৰিব পাৰে অজিত পাৱাৰে। শেহতীয়াকৈ অজিত পাৱাৰৰ কেতবোৰ কৰ্মকাণ্ডই ঘনীভূত কৰিছে এই সন্দেহ। ৮ এপ্ৰিলৰ পৰা সকলোৰে সৈতে সম্পৰ্ক বিচ্ছিন্ন হৈ আছে এনচিপি নেতাগৰাকীৰ। ইপিনে সোমবাৰে অনুষ্ঠিত হ’বলগীয়া দলীয় সভাও বাতিল কৰে এনচিপিয়ে৷ 

ঠিক সেইদৰে দুগৰাকী আগশাৰী বিজেপি নেতাৰ সৈতে অজিত পাৱাৰ মহাৰাষ্ট্রৰ পৰা দিল্লীলৈ উৰা মৰাৰ তথ্যও আহিছে পোহৰলৈ। এনে কেতবোৰ সন্দেহজনক কাৰ্যকলাপৰ বাবে মহাৰাষ্ট্রৰ ৰাজনীতিত চৰ্চা লাভ কৰিছে এনচিপি নেতাগৰাকীয়ে। অজিত পাৱাৰৰ এনে কৰ্মকাণ্ডই মহাৰাষ্ট্রত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তনৰ ইংগিত বহন কৰিছে। লক্ষ্যণীয়ভাৱে অজিত পাৱাৰৰ বিৰুদ্ধে আছে অসংখ্য দুৰ্নীতি তথা ভ্ৰষ্টাচাৰৰ অভিযোগ। 

অৱশ্যে ইয়াৰ পাছতো অজিত পাৱাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নাই কেন্দ্ৰীয় চৰকাৰে। বিজেপিৰে গোপন বুজাবুজিৰ বাবেই তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি চৰ্চা চলিছে মহাৰাষ্ট্রত। ঠিক সেইদৰে কংগ্ৰেছ-শিৱসেনা, এনচিপিৰ মহাবিকাশ আঘাৰি চৰকাৰ পতনৰ সময়তো নিৰ্বিকাৰ ৰূপত দেখা গৈছিল অজিত পাৱাৰক। ইপিনে সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰিক পোনছাটেই অস্বীকাৰ কৰিছে এনচিপি নেতাগৰাকীয়ে। শেষ নিশ্বাস থকা পৰ্যন্ত এনচিপিৰ হৈ কাম কৰি যাব বুলি মন্তব্য কৰিছে অজিত পাৱাৰে। অজিত পাৱাৰৰ লগতে এনচিপি প্ৰধান শাৰদ পাৱাৰেও বিষয়টো সন্দৰ্ভত অনুৰূপ মন্তব্য কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু