--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহাৰাষ্ট্রৰ ৰাজনীতিয়ে পুনৰ দৃষ্টি আকৰ্ষণ কৰিছে দেশবাসীৰ৷ ক্ষমতা কুক্ষিগত কৰাৰ ৰাজনীতিয়ে লৈছে নতুন গতি৷ এনচিপি নেতা অজিত পাৱাৰে আৰম্ভ কৰিছে নতুন ৰাজনৈতিক সমীকৰণ।

অজিত পাৱাৰৰ নেতৃত্বত বিজেপি গমনৰ প্ৰস্তুতি চলাইছে প্ৰায় ৪০জন এনচিপি বিধায়কে। মহাৰাষ্ট্ৰত ২০১৯ৰেই পুনৰাবৃত্তি হ’ব নেকি তাকে লৈ তুংগত উঠিছে ৰাজনৈতিক চৰ্চা। ২০১৯ত ত্ৰিসংকু নিৰ্বাচনী ফলাফলৰ পাছতে বিজেপিৰ সৈতে হাত মিলাই চৰকাৰ গঠন কৰিছিল অজিত পাৱাৰে। উপ-মুখ্যমন্ত্ৰী হৈ দেৱেন্দ্ৰ ফাডনৱিছৰ নেতৃত্বত গঠন কৰিছিল বিজেপি চৰকাৰ। অৱশ্যে চৰকাৰ গঠনৰ ৮০ ঘণ্টা নৌহওঁতেই পতন ঘটিছিল বিজেপি চৰকাৰ। 

এতিয়া পুনৰ ২০১৯ৰ পুনৰাবৃত্তি কৰাৰ চিন্তা-চৰ্চাত নামিছে অজিত পাৱাৰ। যিকোনো মুহূৰ্ততে এনচিপিৰ ৪০জন বিধায়কক লগত লৈ বিজেপিত যোগদান কৰিব পাৰে অজিত পাৱাৰে। শেহতীয়াকৈ অজিত পাৱাৰৰ কেতবোৰ কৰ্মকাণ্ডই ঘনীভূত কৰিছে এই সন্দেহ। ৮ এপ্ৰিলৰ পৰা সকলোৰে সৈতে সম্পৰ্ক বিচ্ছিন্ন হৈ আছে এনচিপি নেতাগৰাকীৰ। ইপিনে সোমবাৰে অনুষ্ঠিত হ’বলগীয়া দলীয় সভাও বাতিল কৰে এনচিপিয়ে৷ 

ঠিক সেইদৰে দুগৰাকী আগশাৰী বিজেপি নেতাৰ সৈতে অজিত পাৱাৰ মহাৰাষ্ট্রৰ পৰা দিল্লীলৈ উৰা মৰাৰ তথ্যও আহিছে পোহৰলৈ। এনে কেতবোৰ সন্দেহজনক কাৰ্যকলাপৰ বাবে মহাৰাষ্ট্রৰ ৰাজনীতিত চৰ্চা লাভ কৰিছে এনচিপি নেতাগৰাকীয়ে। অজিত পাৱাৰৰ এনে কৰ্মকাণ্ডই মহাৰাষ্ট্রত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তনৰ ইংগিত বহন কৰিছে। লক্ষ্যণীয়ভাৱে অজিত পাৱাৰৰ বিৰুদ্ধে আছে অসংখ্য দুৰ্নীতি তথা ভ্ৰষ্টাচাৰৰ অভিযোগ। 

অৱশ্যে ইয়াৰ পাছতো অজিত পাৱাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নাই কেন্দ্ৰীয় চৰকাৰে। বিজেপিৰে গোপন বুজাবুজিৰ বাবেই তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি চৰ্চা চলিছে মহাৰাষ্ট্রত। ঠিক সেইদৰে কংগ্ৰেছ-শিৱসেনা, এনচিপিৰ মহাবিকাশ আঘাৰি চৰকাৰ পতনৰ সময়তো নিৰ্বিকাৰ ৰূপত দেখা গৈছিল অজিত পাৱাৰক। ইপিনে সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰিক পোনছাটেই অস্বীকাৰ কৰিছে এনচিপি নেতাগৰাকীয়ে। শেষ নিশ্বাস থকা পৰ্যন্ত এনচিপিৰ হৈ কাম কৰি যাব বুলি মন্তব্য কৰিছে অজিত পাৱাৰে। অজিত পাৱাৰৰ লগতে এনচিপি প্ৰধান শাৰদ পাৱাৰেও বিষয়টো সন্দৰ্ভত অনুৰূপ মন্তব্য কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ