--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পশ্চিমবংগৰ ৰাজনীতিত দীৰ্ঘকাল প্ৰভাৱবিস্তাৰ কৰি থকা ৰাজনীতিক মুকুল ৰয়৷ ইউপিএ চৰকাৰৰ দিনত গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী আছিল পশ্চিমবংগৰ এইগৰাকী ৰাজনীতিবিদ। ইউপিএ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত ৰে’লমন্ত্ৰীৰ দৰে গুৰুদায়িত্ব বহন কৰিছিল মুকুল ৰয়ে। 

২০১৭ চনত তৃণমূল কংগ্ৰেছ ত্যাগ কৰি মুকুল ৰয়ে যোগ দিছিল বিজেপিত। ২০২১ত বিজেপি ত্যাগ কৰি মুকুল ৰয়ে পুনৰ উভতি আহিছিল তৃণমূল কংগ্ৰেছলৈ। ৰাজনৈতিক উত্থান-পতনৰ সমানে পাহাৰসম দুৰ্নীতিৰ অভিযোগতো অভিযুক্ত এইগৰাকী ৰাজনৈতিক নেতা। দুৰ্নীতিৰ তদন্তৰ পৰা হাত সাৰিবলৈকে ২০১৭ চনত বিজেপিত যোগ দিয়া বুলি চৰ্চা চলিছিল দেশৰ ৰাজনৈতিক মহলত। কিছুদিনৰ পৰা শাৰীৰিক তথা মানসিকভাৱে অসুস্থ হৈ আছে মুকুল ৰয়। 

সোমবাৰে নিশা পশ্চিমবংগৰ ৰাজনীতিত ধুমুহা নমাই আনি হঠাৎ অন্তৰ্ধান হ’ল মুকুল ৰয়। পৰিয়ালৰ লোকৰ অজ্ঞাতসাৰে দিল্লীলৈ গৈছিল মুকুল ৰয়। অৱশ্যে পৰিয়ালৰ লোকে তেওঁ নিৰুদ্দেশ হৈ থকা বুলি প্ৰকাশ কৰিছিল মন্তব্য। পৰিয়ালৰ লোকৰ দাবী সম্প্ৰতি মানসিক স্থিতি ঠিক হৈ থকা নাই প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ। লক্ষণীয়ভাৱে মঙলবাৰে সংবাদ মাধ্যমৰ আগত ধৰা দিয়ে মুকুল ৰয়ে। সংবাদ মাধ্যমৰ আগত আজিৰ তাৰিখতো এগৰাকী বিজেপিৰ বিধায়ক বুলি মন্তব্য কৰে মুকুল ৰয়ে। দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাতৰ কথা প্ৰকাশ কৰে ৰয়ে। 

সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে তেওঁ সদায় বিজেপিৰ লগতে থাকিব বিচাৰে। বিজেপিয়ে তেওঁক দিল্লীত থাকিবলৈ সকলো ধৰণৰ ব্যৱস্থা কৰি দিছে। তেওঁ কেতিয়াও তৃণমূল কংগ্ৰেছৰ নেতা নাছিল বুলি মন্তব্য কৰে। উল্লেখ্য যে তৃণমূল কংগ্ৰেছৰ প্ৰতিষ্ঠাপক নেতাসকলৰ ভিতৰত অন্যতম আছিল মুকুল ৰয়। ২০১৭ত বিজেপিত যোগ দিয়াৰ পাছত দলটোৰ ৰাষ্ট্রীয় উপাধ্যক্ষৰ দায়িত্বও লাভ কৰিছিল মুকুল ৰয়ে। ২০২১ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ টিকটত জয়ী হয় মুকুল ৰয়। বিধায়ক হোৱাৰ কেইদিনমান পাছতে অৱশ্যে দল ত্যাগ নকৰাকৈয়ে তৃণমূল কংগ্ৰেছলৈ ঘূৰি আহিছিল ৰয়। পৰৱৰ্তী সময়ত ৰাজনৈতিক ক্ষেত্ৰৰ পৰা আঁতৰি আছিল মুকুল ৰয়। 

দীৰ্ঘদিন ধৰি ৰাজনৈতিক ক্ষেত্ৰত লোকচক্ষুৰ পৰা আঁতৰত আছিল বৰ্ষীয়ান নেতাগৰাকী। ইয়াৰ মাজতে শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসালয়তো ভৰ্তি হৈছিল মুকুল ৰয়। চিকিৎসকে প্ৰকাশ কৰা অনুসৰি মুকুল ৰয় ডিমেনচিয়াত আক্ৰান্ত। অৰ্থাৎ সঘনে কথা পাহৰে নেতাগৰাকীয়ে। সোমবাৰে মুকুল ৰয় অন্তৰ্ধান হোৱাৰ পাছত অনুৰূপ মতপোষণ কৰিছিল নেতাগৰাকীৰ পৰিয়ালৰ লোকে। ইপিনে অসুস্থ মুকুল ৰয়ক লৈ ৰাজনীতি নকৰিবলৈ বিজেপিক অনুৰোধ জনাইছে মুকুল ৰয়ৰ পুত্ৰই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক