--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাকাশত জীৱৰ সন্ধানত জীৱন পাত কৰি আহিছে অজস্ৰ বিজ্ঞানীয়ে। ইউএফঅ’, এলিয়েনকে ধৰি বহুতো কল্প কাহিনীও আছে এই বিষয়টো লৈ। কিন্তু খোদ এগৰাকী বিজ্ঞানীৰেই এটা দাবীয়ে এসময়ত হৈ-চৈৰ সৃষ্টি কৰিছিল।

১৯৯৫ চনত ফ্ৰেংকলিন স্ট’ৰি মাচগ্ৰেভ নামৰ এগৰাকী মহাকাশচাৰীয়ে এটা সাক্ষাৎকাৰ দিছিল। তাত তেওঁ দাবী কৰিছিল যে মহাকাশত তেওঁ সাপৰ দৰে এবিধ প্ৰাণী দেখিছিল!

''মই ৬-৮ ফুট দীঘল সাপৰ দৰে এবিধ প্ৰাণী দেখিবলৈ পাইছিলো। ইয়াৰ ৰহস্যৰ বিষয়ে মই একো নাজানো।’’- মহাকাশচাৰীজনে কৈছিল।

মাচগ্ৰেভে দাবী কৰিছিল যে যিমানেই উচ্চতালৈ উৰা হয়, সিমানেই আচৰিত কিছু বস্তু দেখা পোৱা যায়। পৃথিৱীৰ বাহিৰতো অনেক প্ৰাণীয়ে বাস কৰে বুলি অভিমত ব্যক্ত কৰিছিল তেওঁ।

আকাশত দেখা সেই সাপডাল ৰাবাৰৰ দৰে আছিল বুলিও জনাইছিল মহাকাশচাৰীজনে। সাপডালৰ ছৱিও তুলিছিল বুলি দাবী কৰিছিল তেওঁ। তেওঁৰ মতে, পৃথিৱীৰ বাহিৰতো এককোষী প্ৰাণী বা অন্যান্য সভ্যতা লাখ লাখ বছৰ ধৰি চলি আহিছে।

মহাকাশচাৰী হোৱাৰ উপৰিও মাচগ্ৰেভ এগৰাকী চিকিৎসকো। মুঠ ৬বাৰ মহাকাশ অভিযানত গৈছিল তেওঁ। তেনে এজন মহাকাশচাৰীৰ এই দাবীয়ে ব্যাপক হৈ-চৈৰ সৃষ্টি কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক