--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৰেন্দ্ৰ মোডীৰ কাৰ্যকালত যোৱা ৯ বছৰত ইছৰো (Indian Space Research Organization)এ মহাকাশলৈ ৩৮৯ টা উপগ্ৰহ সফলতাৰে প্ৰেৰণ কৰিছে। শেহতীয়াকৈ কেন্দ্ৰীয় বিজ্ঞান আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে ডি ডি নিউজৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই সন্দৰ্ভত বিতং তথ্য দাঙি ধৰে।

মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ মহাকাশ খণ্ডই বিশ্বত গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে। ভাৰতৰ বহু আগতেই মহাকাশ কাৰ্যসূচী আৰম্ভ কৰা দেশসমূহে আজি নিজৰ উপগ্ৰহ উৎক্ষেপণৰ বাবে ভাৰতৰ সেৱা আৰু সুবিধাসমূহ ক্ৰমান্বয়ে বিচাৰিছে বুলিও তেওঁ লগতে কয়।

ড০ জিতেন্দ্ৰ সিঙে কয় যে, ৰকেট উৎক্ষেপণৰ মূল লক্ষ্যৰ বাহিৰেও ভাৰতৰ মহাকাশ প্ৰয়োগসমূহ এতিয়া ১৩০টা ষ্টাৰ্ট-আপৰ সৈতে আয়ৰ সুযোগৰ এক প্ৰধান উৎস হৈ পৰিছে। লগতে শৈক্ষিকভাৱে ত্ৰিবেন্দ্ৰম, জম্মু আৰু আগৰতলাৰ কাৰিকৰী প্ৰতিষ্ঠানসমূহত ছাত্ৰ-ছাত্ৰীৰ বাবে ১০০ শতাংশ প্লেচমেণ্টৰ সুযোগ আছে আৰু ইয়াৰে প্ৰায় ৫০ শতাংশই উচ্চ শিক্ষাৰ বাবে নাছালৈ যায়।

শেহতীয়াকৈ ইছৰ’ই শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা পিএছএলভি-চি৩৭ত ১০৪টা উপগ্ৰহ উৎক্ষেপণ কৰিছে। ইয়াৰে ১০১টা উপগ্ৰহ আন্তঃৰাষ্ট্ৰীয় গ্ৰাহকৰ বাবে। ইয়াৰ দ্বাৰা বিশ্বজুৰি মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান উপস্থিতি প্ৰতিফলিত হৈছে বুলি মন্ত্ৰীগৰাকীয়ে কয়।

ইয়াৰ বাহিৰেও থলুৱা মানৱ সম্পন্ন মহাকাশ অভিযান গগনিয়ান মহাকাশলৈ যাবলৈ প্ৰায় সাজু হৈছে। যদি ই সফল হয় তেন্তে আমেৰিকা, ৰাছিয়া আৰু চীনৰ পিছতে ভাৰত মহাকাশলৈ মানুহ পঠোৱা চতুৰ্থখন দেশ হিচাপে পৰিগণিত হ’ব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে