--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৰেন্দ্ৰ মোডীৰ কাৰ্যকালত যোৱা ৯ বছৰত ইছৰো (Indian Space Research Organization)এ মহাকাশলৈ ৩৮৯ টা উপগ্ৰহ সফলতাৰে প্ৰেৰণ কৰিছে। শেহতীয়াকৈ কেন্দ্ৰীয় বিজ্ঞান আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে ডি ডি নিউজৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই সন্দৰ্ভত বিতং তথ্য দাঙি ধৰে।

মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ মহাকাশ খণ্ডই বিশ্বত গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে। ভাৰতৰ বহু আগতেই মহাকাশ কাৰ্যসূচী আৰম্ভ কৰা দেশসমূহে আজি নিজৰ উপগ্ৰহ উৎক্ষেপণৰ বাবে ভাৰতৰ সেৱা আৰু সুবিধাসমূহ ক্ৰমান্বয়ে বিচাৰিছে বুলিও তেওঁ লগতে কয়।

ড০ জিতেন্দ্ৰ সিঙে কয় যে, ৰকেট উৎক্ষেপণৰ মূল লক্ষ্যৰ বাহিৰেও ভাৰতৰ মহাকাশ প্ৰয়োগসমূহ এতিয়া ১৩০টা ষ্টাৰ্ট-আপৰ সৈতে আয়ৰ সুযোগৰ এক প্ৰধান উৎস হৈ পৰিছে। লগতে শৈক্ষিকভাৱে ত্ৰিবেন্দ্ৰম, জম্মু আৰু আগৰতলাৰ কাৰিকৰী প্ৰতিষ্ঠানসমূহত ছাত্ৰ-ছাত্ৰীৰ বাবে ১০০ শতাংশ প্লেচমেণ্টৰ সুযোগ আছে আৰু ইয়াৰে প্ৰায় ৫০ শতাংশই উচ্চ শিক্ষাৰ বাবে নাছালৈ যায়।

শেহতীয়াকৈ ইছৰ’ই শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা পিএছএলভি-চি৩৭ত ১০৪টা উপগ্ৰহ উৎক্ষেপণ কৰিছে। ইয়াৰে ১০১টা উপগ্ৰহ আন্তঃৰাষ্ট্ৰীয় গ্ৰাহকৰ বাবে। ইয়াৰ দ্বাৰা বিশ্বজুৰি মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান উপস্থিতি প্ৰতিফলিত হৈছে বুলি মন্ত্ৰীগৰাকীয়ে কয়।

ইয়াৰ বাহিৰেও থলুৱা মানৱ সম্পন্ন মহাকাশ অভিযান গগনিয়ান মহাকাশলৈ যাবলৈ প্ৰায় সাজু হৈছে। যদি ই সফল হয় তেন্তে আমেৰিকা, ৰাছিয়া আৰু চীনৰ পিছতে ভাৰত মহাকাশলৈ মানুহ পঠোৱা চতুৰ্থখন দেশ হিচাপে পৰিগণিত হ’ব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু