--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০৫০ চনৰ ভিতৰত মেৰুৰ বৰফ গলাৰ বাবেই বিশ্বৰ বহু চহৰৰ অস্বিত্ব নাথাকিব বুলি বিজ্ঞানীসকলে মত প্ৰকাশ কৰি আহিছে৷ বহু চহৰ পানীৰ তলত লীন যোৱাৰ আশংকা মেৰুৰ বৰফ গলাৰ বাবেই বৃদ্ধি পাইছে৷

গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰত্যক্ষ প্ৰভাৱ এতিয়া বৰফৰ ভাণ্ডাৰ হিচাবে পৰিচিত পৃথিৱীৰ দুই মেৰুৰ ওপৰত পৰা পৰিলক্ষিত হৈছে।উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ বহু অঞ্চলত তাপমাত্ৰা বৰফ গলি যোৱা বাবে প্ৰয়োজনীয় সীমালৈ উৰ্ধগামী হোৱা দেখা গৈছে। ফলত দুই মেৰুতে আৰম্ভ হৈছে বৰফৰ ব্যাপক গলন।দুই মেৰুৰ অভূতপূৰ্ব উষ্ণতাই বিশ্বৰ বিজ্ঞানীসকলক বিচলিত কৰি তুলিছে। এণ্টাৰ্কটিকাৰ কনকৰ্ডিয়া গৱেষণা কেন্দ্ৰত কৰ্মৰত বিজ্ঞানীসকলে দুই মেৰুৰ বিভিন্ন স্থানত -১২.২ ডিগ্ৰী চেলচিয়াছ উচ্চতা হোৱাৰ তথ্য লাভ কৰিছে। ২০১৬ চনৰ ডিচেম্বৰ মাহত সেই স্থানসমূহৰ উষ্ণতা আছিল -১৩.৭ ডিগ্ৰী চেলচিয়াছ।

এণ্টাৰ্কটিকাৰ ভষ্টক ষ্টেচনত তাপমাত্ৰা -২০.৩ ডিগ্ৰী চেলচিয়াছ নথিভুক্ত কৰা হৈছে। মেৰুত কৰ্মৰত বিজ্ঞানীসকলে কৈছে যে শূন্য বা ১০ ডিগ্ৰী চেলচিয়াছৰ ওচৰত থকা যিকোনো তাপমাত্ৰাই “বৃহৎ তাপ প্ৰবাহ” ৰ কথাই চিহ্নিত কৰে।উত্তৰ মেৰু অৱস্থিত বৰফৰ ভাণ্ডাৰসমূহৰ উষ্ণতা গড় উষ্ণতাতকৈ ৫০ ডিগ্ৰী অধিক হোৱাৰ কথাত বিজ্ঞানীসকল চিন্তিত হৈ পৰিছে।এণ্টাৰ্কটিকাত থকা জলবায়ু বিষয়ক গৱেষক ষ্টেফানো বাটিষ্টাই টুইটাৰত লিখিছিল, “এয়া ভয়াৱহ দিনৰ আগজাননী।

”মেচাচুচেটছ বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপক ড. জুলি ব্ৰিঘাম-গ্ৰেটে কৈছে যে মেৰু অঞ্চল অধিক উষ্ণ হৈ পৰাৰ কাৰণ হ’ব পাৰে বিশ্বজুৰি পশ্চিমৰ পৰা পূৱলৈ প্ৰবাহিত হোৱা গৰম বায়ুৰ প্ৰবাহ।জলবায়ু পৰিৱৰ্তনৰ ফলত বতাহ “গধুৰ” হৈ পৰিছে, যাৰ ফলত দক্ষিণ ফালে ঠাণ্ডা প্ৰবাহ আৰু উত্তৰদিশে গৰম প্ৰবাহ ববলৈ আৰম্ভ কৰিছে।প্ৰায় ৯৮ শতাংশ অঞ্চল শীতল শুভ্ৰ বৰফে ঢাকি ৰখা সুমেৰুত ২০২০ চনৰ ছেপ্তেম্বৰ মাহত প্ৰচণ্ড জুই জ্বলা দেখা গৈছিল। এয়াও গোলকীয় উষ্ণতাৰেই প্ৰভাৱত হোৱা ঘটনা বুলি ধাৰণা কৰা হৈছিল।এনে পৰিস্থিতিত সুমেৰুৰ বৰফত আৰম্ভ হৈছিল বাপক মাত্ৰাত গলন।চপৰা –চপৰে খহি পৰিছিল সুমেৰুৰ বৰফ।

সুমেৰুত লগা জুইৰ ফলত বায়ু মণ্ডলত মিহলি হৈ পৰিছিল প্ৰায় ৬২ নিযুত টন বিষাক্ত কাৰ্বন ডাই অক্সাইড গেছ।এনে পৰিস্থিতিত সুমেৰুৰ বৰফত আৰম্ভ হৈছে বাপক মাত্ৰাত গলন।চপৰা –চপৰে খহি পৰিছে সুমেৰুৰ বৰফ।বিগত  সুমেৰুত লগা জুইৰ ফলত বায়ু মণ্ডলত মিহলি হৈ পৰিছে প্ৰায় ৬২ নিযুত টন বিষাক্ত কাৰ্বন ডাই অক্সাইড গেছ।সুমেৰুৰ এই জুইক বিজ্ঞানী সকলে নাম দিছে জাম্বো ফায়াৰ বুলি।জাম্বো ফায়াৰৰ সৈতে আমাৰ উমি উমি জ্বলি থকা তুঁহ জুইকুৰাৰ বহু মিল আছে।

এই জুই দেখাকৈ বহু সময়ত নজ্বলে যদিও তলে তলে এনে জুয়ে গ্ৰাস কৰি নিয়ে বৃহৎ অঞ্চল।সুমেৰুৰ অন্তৰ্গত ৰাছিয়াৰ ছাখা প্ৰদেশৰ লগতে ছাইবেৰিয়াত জাম্বো ফায়াৰে সংহাৰী ৰূপ ধাৰণ কৰি আহিছে।পুৰি চাৰখাৰ হৈছে সুমেৰুৰ অৱশিষ্ট বনভূমি।এতিয়ালৈকে সুমেৰুৰ ২১ হাজাৰ টন বৰফ গলি নিঃশেষ হৈছে।জাম্বো ফায়াৰ আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবেই ২০২০ চনত এতিয়ালৈকে সুমেৰুৰ পৰা বায়ু মণ্ডলত মিহলি হৈছে ২৮৮ নিযুত টন কাৰ্বন ডাই অক্সাইড। ফলত চিন্তিত হৈছে বিজ্ঞানীসকল।

 ১৯৭২ চনৰ ৫-১৬ জুনলৈকে ৰাষ্ট্ৰসংঘৰ উদ্যোগত  ছুইডেনৰ ৰাজধানী ষ্টকহ’মত অনুষ্ঠিত হোৱা “মানৱ পৰিৱেশ সন্মিলন”ত  “বিশ্ব পৰিৱেশ দিৱস” পালনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ সেই প্ৰস্তাৱ অনুসৰি ১৯৭৩ চনৰেপৰা ৫ জুনৰ দিনটো সমগ্ৰ বিশ্বব্যাপি “বিশ্ব পৰিৱেশ দিৱস” হিচাপে উদ্‌যাপন কৰি অহা হৈছে ৷ 

প্ৰতি বছৰে একোটা মূল বিষয়বস্তু লৈ “বিশ্ব পৰিৱেশ দিৱস” পালন কৰা হয় ৷ আজিৰ দিনটোতে সমগ্ৰ বিশ্বজুৰি পালন কৰা হৈছে “বিশ্ব পৰিৱেশ দিৱস”৷এই দিনটোতে আমি বিশ্বক ধ্বংসৰ গৰাহৰ পৰা ৰক্ষা কৰাৰ পণ লওঁ আহক৷ কমেও এজোপাকৈ হ’লেও সকলোৱে গছ ৰুই তাৰ প্ৰতিপালনৰ দায়িত্ব লওঁ আহক৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান