--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০৫০ চনৰ ভিতৰত মেৰুৰ বৰফ গলাৰ বাবেই বিশ্বৰ বহু চহৰৰ অস্বিত্ব নাথাকিব বুলি বিজ্ঞানীসকলে মত প্ৰকাশ কৰি আহিছে৷ বহু চহৰ পানীৰ তলত লীন যোৱাৰ আশংকা মেৰুৰ বৰফ গলাৰ বাবেই বৃদ্ধি পাইছে৷

গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰত্যক্ষ প্ৰভাৱ এতিয়া বৰফৰ ভাণ্ডাৰ হিচাবে পৰিচিত পৃথিৱীৰ দুই মেৰুৰ ওপৰত পৰা পৰিলক্ষিত হৈছে।উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ বহু অঞ্চলত তাপমাত্ৰা বৰফ গলি যোৱা বাবে প্ৰয়োজনীয় সীমালৈ উৰ্ধগামী হোৱা দেখা গৈছে। ফলত দুই মেৰুতে আৰম্ভ হৈছে বৰফৰ ব্যাপক গলন।দুই মেৰুৰ অভূতপূৰ্ব উষ্ণতাই বিশ্বৰ বিজ্ঞানীসকলক বিচলিত কৰি তুলিছে। এণ্টাৰ্কটিকাৰ কনকৰ্ডিয়া গৱেষণা কেন্দ্ৰত কৰ্মৰত বিজ্ঞানীসকলে দুই মেৰুৰ বিভিন্ন স্থানত -১২.২ ডিগ্ৰী চেলচিয়াছ উচ্চতা হোৱাৰ তথ্য লাভ কৰিছে। ২০১৬ চনৰ ডিচেম্বৰ মাহত সেই স্থানসমূহৰ উষ্ণতা আছিল -১৩.৭ ডিগ্ৰী চেলচিয়াছ।

এণ্টাৰ্কটিকাৰ ভষ্টক ষ্টেচনত তাপমাত্ৰা -২০.৩ ডিগ্ৰী চেলচিয়াছ নথিভুক্ত কৰা হৈছে। মেৰুত কৰ্মৰত বিজ্ঞানীসকলে কৈছে যে শূন্য বা ১০ ডিগ্ৰী চেলচিয়াছৰ ওচৰত থকা যিকোনো তাপমাত্ৰাই “বৃহৎ তাপ প্ৰবাহ” ৰ কথাই চিহ্নিত কৰে।উত্তৰ মেৰু অৱস্থিত বৰফৰ ভাণ্ডাৰসমূহৰ উষ্ণতা গড় উষ্ণতাতকৈ ৫০ ডিগ্ৰী অধিক হোৱাৰ কথাত বিজ্ঞানীসকল চিন্তিত হৈ পৰিছে।এণ্টাৰ্কটিকাত থকা জলবায়ু বিষয়ক গৱেষক ষ্টেফানো বাটিষ্টাই টুইটাৰত লিখিছিল, “এয়া ভয়াৱহ দিনৰ আগজাননী।

”মেচাচুচেটছ বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপক ড. জুলি ব্ৰিঘাম-গ্ৰেটে কৈছে যে মেৰু অঞ্চল অধিক উষ্ণ হৈ পৰাৰ কাৰণ হ’ব পাৰে বিশ্বজুৰি পশ্চিমৰ পৰা পূৱলৈ প্ৰবাহিত হোৱা গৰম বায়ুৰ প্ৰবাহ।জলবায়ু পৰিৱৰ্তনৰ ফলত বতাহ “গধুৰ” হৈ পৰিছে, যাৰ ফলত দক্ষিণ ফালে ঠাণ্ডা প্ৰবাহ আৰু উত্তৰদিশে গৰম প্ৰবাহ ববলৈ আৰম্ভ কৰিছে।প্ৰায় ৯৮ শতাংশ অঞ্চল শীতল শুভ্ৰ বৰফে ঢাকি ৰখা সুমেৰুত ২০২০ চনৰ ছেপ্তেম্বৰ মাহত প্ৰচণ্ড জুই জ্বলা দেখা গৈছিল। এয়াও গোলকীয় উষ্ণতাৰেই প্ৰভাৱত হোৱা ঘটনা বুলি ধাৰণা কৰা হৈছিল।এনে পৰিস্থিতিত সুমেৰুৰ বৰফত আৰম্ভ হৈছিল বাপক মাত্ৰাত গলন।চপৰা –চপৰে খহি পৰিছিল সুমেৰুৰ বৰফ।

সুমেৰুত লগা জুইৰ ফলত বায়ু মণ্ডলত মিহলি হৈ পৰিছিল প্ৰায় ৬২ নিযুত টন বিষাক্ত কাৰ্বন ডাই অক্সাইড গেছ।এনে পৰিস্থিতিত সুমেৰুৰ বৰফত আৰম্ভ হৈছে বাপক মাত্ৰাত গলন।চপৰা –চপৰে খহি পৰিছে সুমেৰুৰ বৰফ।বিগত  সুমেৰুত লগা জুইৰ ফলত বায়ু মণ্ডলত মিহলি হৈ পৰিছে প্ৰায় ৬২ নিযুত টন বিষাক্ত কাৰ্বন ডাই অক্সাইড গেছ।সুমেৰুৰ এই জুইক বিজ্ঞানী সকলে নাম দিছে জাম্বো ফায়াৰ বুলি।জাম্বো ফায়াৰৰ সৈতে আমাৰ উমি উমি জ্বলি থকা তুঁহ জুইকুৰাৰ বহু মিল আছে।

এই জুই দেখাকৈ বহু সময়ত নজ্বলে যদিও তলে তলে এনে জুয়ে গ্ৰাস কৰি নিয়ে বৃহৎ অঞ্চল।সুমেৰুৰ অন্তৰ্গত ৰাছিয়াৰ ছাখা প্ৰদেশৰ লগতে ছাইবেৰিয়াত জাম্বো ফায়াৰে সংহাৰী ৰূপ ধাৰণ কৰি আহিছে।পুৰি চাৰখাৰ হৈছে সুমেৰুৰ অৱশিষ্ট বনভূমি।এতিয়ালৈকে সুমেৰুৰ ২১ হাজাৰ টন বৰফ গলি নিঃশেষ হৈছে।জাম্বো ফায়াৰ আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবেই ২০২০ চনত এতিয়ালৈকে সুমেৰুৰ পৰা বায়ু মণ্ডলত মিহলি হৈছে ২৮৮ নিযুত টন কাৰ্বন ডাই অক্সাইড। ফলত চিন্তিত হৈছে বিজ্ঞানীসকল।

 ১৯৭২ চনৰ ৫-১৬ জুনলৈকে ৰাষ্ট্ৰসংঘৰ উদ্যোগত  ছুইডেনৰ ৰাজধানী ষ্টকহ’মত অনুষ্ঠিত হোৱা “মানৱ পৰিৱেশ সন্মিলন”ত  “বিশ্ব পৰিৱেশ দিৱস” পালনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ সেই প্ৰস্তাৱ অনুসৰি ১৯৭৩ চনৰেপৰা ৫ জুনৰ দিনটো সমগ্ৰ বিশ্বব্যাপি “বিশ্ব পৰিৱেশ দিৱস” হিচাপে উদ্‌যাপন কৰি অহা হৈছে ৷ 

প্ৰতি বছৰে একোটা মূল বিষয়বস্তু লৈ “বিশ্ব পৰিৱেশ দিৱস” পালন কৰা হয় ৷ আজিৰ দিনটোতে সমগ্ৰ বিশ্বজুৰি পালন কৰা হৈছে “বিশ্ব পৰিৱেশ দিৱস”৷এই দিনটোতে আমি বিশ্বক ধ্বংসৰ গৰাহৰ পৰা ৰক্ষা কৰাৰ পণ লওঁ আহক৷ কমেও এজোপাকৈ হ’লেও সকলোৱে গছ ৰুই তাৰ প্ৰতিপালনৰ দায়িত্ব লওঁ আহক৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement