--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱনৰ গতি বাঢ়ি অহাৰ লগে লগে নিসংগতাৰ সমস্যাও বাঢ়ি যায়। ৰাজপথত বা মোবাইল ফোনৰ ছ’চিয়েল মিডিয়া পেজত ভিৰৰ অভাৱ নাই, তথাপিও বহু লোক অকলশৰীয়া। নিসংগতাৰ লগতে এই মানসিক সমস্যাৰ পৰা আঁতৰি থকাৰ প্ৰৱণতাও বাঢ়িছে। যিকোনো ধৰণৰ মানসিক সমস্যা কেৱল মনৰ মাজতে আবদ্ধ হৈ থকাই নহয়, সামগ্ৰিক স্বাস্থ্যৰ ওপৰতো ইয়াৰ নেতিবাচক প্ৰভাৱ পৰে। ই জীৱন-ধাৰণৰ পদ্ধতিত প্ৰভাৱ পেলায়। পৰিসংখ্যাই দেখুৱাইছে যে ভাৰতত মহিলাতকৈ পুৰুষসকল এই সমস্যাত বেছিকৈ ভোগে।

ইংলেণ্ডৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা বিভাগে শেহতীয়াকৈ কৰা এক সমীক্ষাত কোৱা হৈছে যে ১৬ৰ পৰা ২৪ বছৰ বয়সৰ ৬০ শতাংশই কোনো ধৰণৰ নিসংগতা অনুভৱ কৰে। আমেৰিকাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ শেহতীয়া অধ্যয়ন অনুসৰি Covid ৰ সময়ত ১৮ৰ পৰা ২৫ বছৰ বয়সৰ লোকৰ মাজত নিসংগতা কাৰ্যতঃ মহামাৰী হৈ পৰিছে। বিশ্ব স্বাস্থ্য সংস্থাইও ক’ভিডৰ পিছৰ যুগত নিসংগতাক এক জটিল বিষয় হিচাপে চিহ্নিত কৰিছে।

শেহতীয়াকৈ ``যুৱক'' নামৰ এটা বেচৰকাৰী সংস্থাৰ এক সমীক্ষাত দেখা গৈছে যে ভাৰতত নিসংগতাত ভোগা যুৱতীসকলৰ তুলনাত যুৱকৰ সংখ্যা প্ৰায় দুগুণ। মনোবিজ্ঞানীসকলে কয় যে নিসংগতাৰ মহামাৰীয়ে ভাৰতীয় যুৱক-যুৱতীসকলক গ্ৰাস কৰি আছে, কিন্তু কোনেও ইয়াৰ বিষয়ে বিশেষ সচেতন নহয়।

বিভিন্ন সমীক্ষাতো কোৱা হৈছে যে কাষত বহুত মানুহ থাকিলে আপুনি অকলশৰীয়া অনুভৱ নকৰিব বুলি ধাৰণাটো শুদ্ধ নহয়। বেছিভাগ সময়তে যুৱক-যুৱতীসকলে নিসংগতাৰ সমস্যাৰ পৰা হাত সাৰিবলৈ ছ’চিয়েল মিডিয়াত বন্ধু-বান্ধৱী বিচাৰে, কিন্তু অজানিতে সেই ছ’চিয়েল মিডিয়াই তেওঁলোকক বাস্তৱ জগতৰ পৰা আৰু অধিক দূৰলৈ ঠেলি দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু