--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱনৰ গতি বাঢ়ি অহাৰ লগে লগে নিসংগতাৰ সমস্যাও বাঢ়ি যায়। ৰাজপথত বা মোবাইল ফোনৰ ছ’চিয়েল মিডিয়া পেজত ভিৰৰ অভাৱ নাই, তথাপিও বহু লোক অকলশৰীয়া। নিসংগতাৰ লগতে এই মানসিক সমস্যাৰ পৰা আঁতৰি থকাৰ প্ৰৱণতাও বাঢ়িছে। যিকোনো ধৰণৰ মানসিক সমস্যা কেৱল মনৰ মাজতে আবদ্ধ হৈ থকাই নহয়, সামগ্ৰিক স্বাস্থ্যৰ ওপৰতো ইয়াৰ নেতিবাচক প্ৰভাৱ পৰে। ই জীৱন-ধাৰণৰ পদ্ধতিত প্ৰভাৱ পেলায়। পৰিসংখ্যাই দেখুৱাইছে যে ভাৰতত মহিলাতকৈ পুৰুষসকল এই সমস্যাত বেছিকৈ ভোগে।

ইংলেণ্ডৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা বিভাগে শেহতীয়াকৈ কৰা এক সমীক্ষাত কোৱা হৈছে যে ১৬ৰ পৰা ২৪ বছৰ বয়সৰ ৬০ শতাংশই কোনো ধৰণৰ নিসংগতা অনুভৱ কৰে। আমেৰিকাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ শেহতীয়া অধ্যয়ন অনুসৰি Covid ৰ সময়ত ১৮ৰ পৰা ২৫ বছৰ বয়সৰ লোকৰ মাজত নিসংগতা কাৰ্যতঃ মহামাৰী হৈ পৰিছে। বিশ্ব স্বাস্থ্য সংস্থাইও ক’ভিডৰ পিছৰ যুগত নিসংগতাক এক জটিল বিষয় হিচাপে চিহ্নিত কৰিছে।

শেহতীয়াকৈ ``যুৱক'' নামৰ এটা বেচৰকাৰী সংস্থাৰ এক সমীক্ষাত দেখা গৈছে যে ভাৰতত নিসংগতাত ভোগা যুৱতীসকলৰ তুলনাত যুৱকৰ সংখ্যা প্ৰায় দুগুণ। মনোবিজ্ঞানীসকলে কয় যে নিসংগতাৰ মহামাৰীয়ে ভাৰতীয় যুৱক-যুৱতীসকলক গ্ৰাস কৰি আছে, কিন্তু কোনেও ইয়াৰ বিষয়ে বিশেষ সচেতন নহয়।

বিভিন্ন সমীক্ষাতো কোৱা হৈছে যে কাষত বহুত মানুহ থাকিলে আপুনি অকলশৰীয়া অনুভৱ নকৰিব বুলি ধাৰণাটো শুদ্ধ নহয়। বেছিভাগ সময়তে যুৱক-যুৱতীসকলে নিসংগতাৰ সমস্যাৰ পৰা হাত সাৰিবলৈ ছ’চিয়েল মিডিয়াত বন্ধু-বান্ধৱী বিচাৰে, কিন্তু অজানিতে সেই ছ’চিয়েল মিডিয়াই তেওঁলোকক বাস্তৱ জগতৰ পৰা আৰু অধিক দূৰলৈ ঠেলি দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ