--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পশ্চিমবংগৰ হুগলীৰ এজন বাসিন্দাই পোহনীয়া মেকুৰীৰ মৃত্যুৰ পাছত হাইকোৰ্টত জনস্বাৰ্থজড়িত আবেদন দাখিল কৰিছে৷ বৰ্তমান কলিকাতা উচ্চ ন্যায়ালয়ে সেই গোচৰ সন্দৰ্ভত কেন্দ্ৰীয় পশু কল্যাণ মন্ত্ৰালয়ৰ বক্তব্য জানিব বিচাৰিছে। মুখ্য ন্যায়াধীশ টি এছ শিৱগনাম আৰু ন্যায়াধীশ সুপ্ৰতীম ভট্টাচাৰ্যৰ খণ্ড বিচাৰপীঠে ৰাজ্যৰ পৰা উত্তৰ বিচাৰে।

হুগলীৰ উত্তৰপাৰাৰ বাসিন্দা সায়ন্তন মুখোপাধ্যায়ে কলিকতা উচ্চ ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ ৰুজু কৰে। ভুল চিকিৎসাৰ বাবেই ব্যক্তিজনৰ পোহনীয়া মেকুৰীটোৰ মৃত্যু হোৱা বুলি অভিযোগ কৰে। ব্যক্তিজনে আবেদনত কয় যে ৰাজ্যৰ সকলো পশু চিকিৎসালয় বৈধ নে নহয় সেয়া জনাটো প্ৰয়োজনীয়। লগতে ভুৱা অনুজ্ঞাপত্ৰৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পশু চিকিৎসালয় খোলাৰ অভিযোগ উত্থাপন কৰে। আৰু উল্লেখ কৰে যে চিকিৎসালয়বিলাকত চিকিৎসা ভাল নহয়।

কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে পশু চিকিৎসালয়ৰ বিষয়ত কেন্দ্ৰীয় পশু কল্যাণ মন্ত্ৰালয়ৰ বিবৃতি বিচাৰিছে। এই পশু চিকিৎসালয়সমূহ কেনেকৈ নিৰ্মাণ কৰা হয়, অনুজ্ঞাপত্ৰ কেনেকৈ লাভ কৰা হয়, সেই বিষয়ে বিচাৰপীঠে কেন্দ্ৰৰ পৰা জানিব বিচাৰিছে। ইয়াৰ উপৰিও বিচাৰপীঠে এই আবেদন সম্পৰ্কত ৰাজ্যৰ বক্তব্য বিচাৰিছিল। ৰাজ্যই এই পশু চিকিৎসালয়সমূহৰ নিয়ন্ত্ৰণৰ বিষয়ে অৱগত কৰিব লাগে। এই পশু চিকিৎসালয়সমূহ কেনেকৈ নিয়ন্ত্ৰণ কৰা হয়, ইয়াৰ বিষয়ে ৰাজ্যৰ কি চিন্তাধাৰা, এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ে ৰাজ্যক প্ৰশ্ন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ