--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পশ্চিমবংগৰ হুগলীৰ এজন বাসিন্দাই পোহনীয়া মেকুৰীৰ মৃত্যুৰ পাছত হাইকোৰ্টত জনস্বাৰ্থজড়িত আবেদন দাখিল কৰিছে৷ বৰ্তমান কলিকাতা উচ্চ ন্যায়ালয়ে সেই গোচৰ সন্দৰ্ভত কেন্দ্ৰীয় পশু কল্যাণ মন্ত্ৰালয়ৰ বক্তব্য জানিব বিচাৰিছে। মুখ্য ন্যায়াধীশ টি এছ শিৱগনাম আৰু ন্যায়াধীশ সুপ্ৰতীম ভট্টাচাৰ্যৰ খণ্ড বিচাৰপীঠে ৰাজ্যৰ পৰা উত্তৰ বিচাৰে।

হুগলীৰ উত্তৰপাৰাৰ বাসিন্দা সায়ন্তন মুখোপাধ্যায়ে কলিকতা উচ্চ ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ ৰুজু কৰে। ভুল চিকিৎসাৰ বাবেই ব্যক্তিজনৰ পোহনীয়া মেকুৰীটোৰ মৃত্যু হোৱা বুলি অভিযোগ কৰে। ব্যক্তিজনে আবেদনত কয় যে ৰাজ্যৰ সকলো পশু চিকিৎসালয় বৈধ নে নহয় সেয়া জনাটো প্ৰয়োজনীয়। লগতে ভুৱা অনুজ্ঞাপত্ৰৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পশু চিকিৎসালয় খোলাৰ অভিযোগ উত্থাপন কৰে। আৰু উল্লেখ কৰে যে চিকিৎসালয়বিলাকত চিকিৎসা ভাল নহয়।

কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে পশু চিকিৎসালয়ৰ বিষয়ত কেন্দ্ৰীয় পশু কল্যাণ মন্ত্ৰালয়ৰ বিবৃতি বিচাৰিছে। এই পশু চিকিৎসালয়সমূহ কেনেকৈ নিৰ্মাণ কৰা হয়, অনুজ্ঞাপত্ৰ কেনেকৈ লাভ কৰা হয়, সেই বিষয়ে বিচাৰপীঠে কেন্দ্ৰৰ পৰা জানিব বিচাৰিছে। ইয়াৰ উপৰিও বিচাৰপীঠে এই আবেদন সম্পৰ্কত ৰাজ্যৰ বক্তব্য বিচাৰিছিল। ৰাজ্যই এই পশু চিকিৎসালয়সমূহৰ নিয়ন্ত্ৰণৰ বিষয়ে অৱগত কৰিব লাগে। এই পশু চিকিৎসালয়সমূহ কেনেকৈ নিয়ন্ত্ৰণ কৰা হয়, ইয়াৰ বিষয়ে ৰাজ্যৰ কি চিন্তাধাৰা, এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ে ৰাজ্যক প্ৰশ্ন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু