--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সনাতন ধৰ্মত মহাশিৱৰাত্ৰিৰ অতি গুৰুত্ব আছে। এই দিনটোত ভগৱান শিৱ আৰু মাতৃ পাৰ্বতীক বিশেষভাৱে পূজা কৰা হয়। ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিত মহাশিৱৰাত্ৰি পালন কৰা হয়। এইবাৰ মহাশিৱৰাত্ৰি ২০২৩ চনৰ ১৮ ফেব্ৰুৱাৰীত পৰিছে। এই দিনটোত সুখ-সমৃদ্ধি, সৌভাগ্য লাভ কৰিবলৈ মহাদেৱৰ আৰাধনা কৰা হয়। ইয়াৰ দ্বাৰা জীৱনৰ সকলো দুখ দূৰ হয়।

জ্যোতিষৰ মতে ২০২৩ চনৰ মহাশিৱৰাত্ৰি ২০২৩ চনৰ ১৮ ফেব্ৰুৱাৰীত পৰিছে। ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথি ১৭ ফেব্ৰুৱাৰীৰ নিশা ৮:০২ বজাৰ পৰা আৰম্ভ হ’ব আৰু ১৮ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৪:১৮ বজালৈকে চলিব। উদয়তিথিৰ মতে, ১৮ ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰি পালন কৰা হ’ব। ইয়াত ১৮ আৰু ১৯ ফেব্ৰুৱাৰীৰ মাজনিশা ১২.১৬ৰ পৰা ১.৬ মিনিটলৈ নিশিত কাল পূজা মুহূৰ্ত হ’ব। আনহাতে, ১৯ ফেব্ৰুৱাৰীৰ পুৱা ৬.৫৭ বজাৰ পৰা বিয়লি ৩.৩৩ বজালৈ মহাশিৱৰাত্ৰিৰ ব্ৰতৰ পৰাণ মুহূৰ্ত।

মহাশিৱৰাত্ৰিৰ দিনা সম্পূৰ্ণ ভক্তিৰে কৰা প্ৰাৰ্থনা নিশ্চিতভাৱে মহাদেৱে গ্ৰহণ কৰে। সেইবাবেই এই দিনটোত ভগৱান ভোলেনাথক নিয়ম-নীতি অনুসৰি পূজা কৰিব লাগে। ইয়াৰ লগতে মহাশিৱৰাত্ৰিত ব্ৰতো পালন কৰিব লাগে। ইয়াৰ বাবে পুৱা সোনকালে উঠি গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি ভগৱানৰ সন্মুখত হাতযোৰ কৰি মহাশিৱৰাত্ৰিৰ ব্ৰতৰ প্ৰতিজ্ঞা লওক। ইয়াৰ পিছত শিৱ মন্দিৰলৈ গৈ শিৱলিংগত অভিষেক কৰক, পূজা কৰক। 

যদি আপুনি ঘৰতে পূজা কৰি আছে তেন্তে নিয়ম-নীতি অনুসৰি শুভ সময়ত পূজা কৰক। ইয়াৰ বাবে পূজাস্থলী পৰিষ্কাৰ কৰক। গংগাজলৰ সৈতে সেই ঠাইখন পবিত্ৰ কৰক। শিৱলিংগক পঞ্চমৃতেৰে অভিষেক কৰক। বেলপাত, ফুল, দীপ আৰু অক্ষতৰে ভগৱান শিৱক পূজা কৰক। ফল-মূল আৰু মিঠাইৰ ভোগ আগবঢ়াওক শিৱ চালিছা পঢ়ক। পূজাৰ পিছত প্ৰসাদ বিতৰণ কৰক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
পুৱা খালী ভৰিৰে ঘাঁহত খোজ কাঢ়িলে আপুনি পাব শাৰীৰিক আৰু মানসিক লাভালাভ
অনলাইন লটাৰীৰ প্ৰলোভন! দেৰগাঁৱৰ এগৰাকী সচেতন ব্যক্তিৰ সজাগতাত ফাদিল প্ৰৱঞ্চনাৰ জাল
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২