--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হিন্দু পঞ্জিকা অনুসৰি প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী দিনা মহাশিৱৰাত্ৰিৰ উৎসৱ পালন কৰা হয়। শিৱৰাত্ৰি প্ৰতিমাহেও পালন কৰা হয় যদিও ইয়াক মাছিক শিৱৰাত্ৰি বুলি কোৱা হয়। ফাগুন মাহত বছৰত এবাৰ মহাশিৱৰাত্ৰি পালন কৰা হয়, বিশ্বাস এনুসৰি এই দিনটোতে ভগৱান শিৱ আৰু মা পাৰ্বতীৰ বিবাহ অনুষ্ঠান অনুষ্ঠিত হৈছিল। সেয়েহে মহাশিৱৰাত্ৰিৰ দিনাই শিৱলিংগত ভগৱান মহাদেৱৰ আৱিৰ্ভাৱ হয় বুলি জনবিশ্বাস আছে।

 মহাশিৱৰাত্ৰিৰ দিনা শিৱলিংগত জল অভিষেক কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। এই দিনটোতে মহাদেৱক পূজা কৰিলে সকলো বিপদ দূৰ হয় আৰু সুখ-সমৃদ্ধি বৃদ্ধি হয় বুলি কোৱা হয়। অর্থাৎ শিৱ-পার্বতীৰ আশীর্বাদ লাভৰ বাবে মহাশিৱৰাত্রিৰ দিনটো বছৰৰ উত্তম দিন বুলি গণ্য কৰা হয়৷

চলিত বৰ্ষৰ ১৮ ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰী উদযাপন কৰা হ’ব। হিন্দু পঞ্জিকা অনুসৰি ফাগুন মাহৰ চতুৰ্দশী দিনা অৰ্থাৎ ১৭ ফেব্ৰুৱাৰীৰ নিশা ৮.০২ বজাৰ পৰা আৰম্ভ হৈ ১৮ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৪.১৮ বজাত শেষ হ’ব। সেয়েহে এইবাৰ ১৮ ফেব্ৰুৱাৰী শনিবাৰে মহাশিৱৰাত্ৰি উৎসৱ পালন কৰা হ’ব। মহাশিৱৰাত্ৰিৰ দিনা ব্ৰত ৰখা আৰু ৰুদ্ৰভিষেক কৰাটো অতি গুৰুত্ব আছে। মহাশিৱৰাত্ৰীৰ উপবাসত কেৱল ফলমূলহে খোৱা হয়।

 মহাশিৱৰাত্ৰ ব্ৰত পূজা পদ্ধতি-

এই দিনটোত নিৰ্জলা উপবাস পালন বা কেৱল ফলমূল গ্ৰহণ কৰাটো অতি ভাল। মহাশিৱৰাত্ৰিৰ দিনা পুৱা সোনকালে উঠি স্নান কৰাৰ পাছত পৰিষ্কাৰ কাপোৰ পৰিধান কৰি সম্পূৰ্ণ ভক্তিৰে মহাদেৱৰ পূজা কৰা হয়। ইয়াৰ পাছত ভগৱান শিৱক পঞ্চমৃত আৰু গংগাজলেৰে অভিষেক কৰক। বেল পাত্ৰ, ধতুৰা, বগা চন্দন, সুগন্ধি, ফলমূল আৰু মিঠাই ভগৱানক আগবঢ়াওক। আজিৰ দিনটোত ভগৱান শিৱক কেশৰযুক্ত খীৰ প্ৰসাদ হিচাপে অৰ্পণ কৰাটো শুভ মনা হয়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক