--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হিন্দু পঞ্জিকা অনুসৰি প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী দিনা মহাশিৱৰাত্ৰিৰ উৎসৱ পালন কৰা হয়। শিৱৰাত্ৰি প্ৰতিমাহেও পালন কৰা হয় যদিও ইয়াক মাছিক শিৱৰাত্ৰি বুলি কোৱা হয়। ফাগুন মাহত বছৰত এবাৰ মহাশিৱৰাত্ৰি পালন কৰা হয়, বিশ্বাস এনুসৰি এই দিনটোতে ভগৱান শিৱ আৰু মা পাৰ্বতীৰ বিবাহ অনুষ্ঠান অনুষ্ঠিত হৈছিল। সেয়েহে মহাশিৱৰাত্ৰিৰ দিনাই শিৱলিংগত ভগৱান মহাদেৱৰ আৱিৰ্ভাৱ হয় বুলি জনবিশ্বাস আছে।

 মহাশিৱৰাত্ৰিৰ দিনা শিৱলিংগত জল অভিষেক কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। এই দিনটোতে মহাদেৱক পূজা কৰিলে সকলো বিপদ দূৰ হয় আৰু সুখ-সমৃদ্ধি বৃদ্ধি হয় বুলি কোৱা হয়। অর্থাৎ শিৱ-পার্বতীৰ আশীর্বাদ লাভৰ বাবে মহাশিৱৰাত্রিৰ দিনটো বছৰৰ উত্তম দিন বুলি গণ্য কৰা হয়৷

চলিত বৰ্ষৰ ১৮ ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰী উদযাপন কৰা হ’ব। হিন্দু পঞ্জিকা অনুসৰি ফাগুন মাহৰ চতুৰ্দশী দিনা অৰ্থাৎ ১৭ ফেব্ৰুৱাৰীৰ নিশা ৮.০২ বজাৰ পৰা আৰম্ভ হৈ ১৮ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৪.১৮ বজাত শেষ হ’ব। সেয়েহে এইবাৰ ১৮ ফেব্ৰুৱাৰী শনিবাৰে মহাশিৱৰাত্ৰি উৎসৱ পালন কৰা হ’ব। মহাশিৱৰাত্ৰিৰ দিনা ব্ৰত ৰখা আৰু ৰুদ্ৰভিষেক কৰাটো অতি গুৰুত্ব আছে। মহাশিৱৰাত্ৰীৰ উপবাসত কেৱল ফলমূলহে খোৱা হয়।

 মহাশিৱৰাত্ৰ ব্ৰত পূজা পদ্ধতি-

এই দিনটোত নিৰ্জলা উপবাস পালন বা কেৱল ফলমূল গ্ৰহণ কৰাটো অতি ভাল। মহাশিৱৰাত্ৰিৰ দিনা পুৱা সোনকালে উঠি স্নান কৰাৰ পাছত পৰিষ্কাৰ কাপোৰ পৰিধান কৰি সম্পূৰ্ণ ভক্তিৰে মহাদেৱৰ পূজা কৰা হয়। ইয়াৰ পাছত ভগৱান শিৱক পঞ্চমৃত আৰু গংগাজলেৰে অভিষেক কৰক। বেল পাত্ৰ, ধতুৰা, বগা চন্দন, সুগন্ধি, ফলমূল আৰু মিঠাই ভগৱানক আগবঢ়াওক। আজিৰ দিনটোত ভগৱান শিৱক কেশৰযুক্ত খীৰ প্ৰসাদ হিচাপে অৰ্পণ কৰাটো শুভ মনা হয়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু