--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই আক্রমণত আল জাজিৰাৰ সাংবাদিক মহম্মদ চালাম আৰু ৰয়টাৰৰ ঠিকাভিত্তিক কেমেৰামেন হুচাম আল-মাচৰীৰো মৃত্যু হয়।

ডিজিটেল ডেস্কঃ দক্ষিণ গাডাৰ এখন চিকিৎসালয়ত হোৱা ইজৰাইলী আক্রমণত সোমবাৰে এছ'চিয়েটেড প্ৰেছৰ (এ পি) বাবে কাম কৰা এজন ফ্রীলেন্সাৰকে ধৰি ৪জন সাংবাদিকৰ মৃত্যু হয়। গাজাৰ স্বাস্থ্য বিভাগৰ পৰা এই কথা জনোৱা হয়।


৩৩ বছৰীয়া মৰিয়ম দাগ্গাই গাজাৰ যুদ্ধৰ আৰম্ভণিৰে পৰা এ পি তথা আন সংবাদ প্রতিষ্ঠানৰ বাবে ফ্রীলেন্সাৰ ভিজুৱেল জার্নেলিষ্টৰূপে সেৱা আগবঢ়াই আহিছিল। গাজাৰ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ ৰেকৰ্ড বিভাগৰ মুৰব্বী জাহেৰ আল-বাহেদীৰ মতে নাচেৰ হস্পিটেলত হোৱা উক্ত আক্রমণত ১৯জন লোকৰ মৃত্যু হয়।


দাগ্গাৰ এটি ১২ বছৰীয়া পুত্র সন্তানো আছে। তেওঁক যুদ্ধৰ সময়তে আগতে গাজাৰ পৰা পঠিয়াই দিয়া হৈছিল। সঘনাই নাচেৰত থকা দাগ্গাই শেহতীয়াকৈ শিশুসকলক অনাহাৰৰ পৰা ৰক্ষা কৰিবলৈ চিকিৎসালয়খনৰ চিকিৎসকে কৰা সংগ্ৰামৰ বিষয়ে প্রতিবেদন যুগুতাবলৈ আহিছিল। এই আক্রমণত আল জাজিৰাৰ সাংবাদিক মহম্মদ চালাম আৰু ৰয়টাৰৰ ঠিকাভিত্তিক কেমেৰামেন হুচাম আল-মাচৰীৰো মৃত্যু হয়। আনহাতে ৰয়টাৰৰ ঠিকাভিত্তিক ফটোগ্ৰাফাৰ হাতেম খালেদ এই আক্রমণত আহত হয় বুলি জানিব পৰা গৈছে।


কমিটী টু প্রটেক্ট জার্নেলিষ্ট নামৰ সংস্থাটোৰ মতে ইজৰাইল-হামাছৰ যুদ্ধত যোৱা ২২ মাহত ১৯২জন সাংবাদিকৰ মৃত্যু হৈছে আৰু ৰাছিয়া-ইউক্রেইন যুদ্ধত প্রাণ হেৰুৱাইছে ১৮জন সাংবাদিকে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু