--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই আক্রমণত আল জাজিৰাৰ সাংবাদিক মহম্মদ চালাম আৰু ৰয়টাৰৰ ঠিকাভিত্তিক কেমেৰামেন হুচাম আল-মাচৰীৰো মৃত্যু হয়।

ডিজিটেল ডেস্কঃ দক্ষিণ গাডাৰ এখন চিকিৎসালয়ত হোৱা ইজৰাইলী আক্রমণত সোমবাৰে এছ'চিয়েটেড প্ৰেছৰ (এ পি) বাবে কাম কৰা এজন ফ্রীলেন্সাৰকে ধৰি ৪জন সাংবাদিকৰ মৃত্যু হয়। গাজাৰ স্বাস্থ্য বিভাগৰ পৰা এই কথা জনোৱা হয়।


৩৩ বছৰীয়া মৰিয়ম দাগ্গাই গাজাৰ যুদ্ধৰ আৰম্ভণিৰে পৰা এ পি তথা আন সংবাদ প্রতিষ্ঠানৰ বাবে ফ্রীলেন্সাৰ ভিজুৱেল জার্নেলিষ্টৰূপে সেৱা আগবঢ়াই আহিছিল। গাজাৰ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ ৰেকৰ্ড বিভাগৰ মুৰব্বী জাহেৰ আল-বাহেদীৰ মতে নাচেৰ হস্পিটেলত হোৱা উক্ত আক্রমণত ১৯জন লোকৰ মৃত্যু হয়।


দাগ্গাৰ এটি ১২ বছৰীয়া পুত্র সন্তানো আছে। তেওঁক যুদ্ধৰ সময়তে আগতে গাজাৰ পৰা পঠিয়াই দিয়া হৈছিল। সঘনাই নাচেৰত থকা দাগ্গাই শেহতীয়াকৈ শিশুসকলক অনাহাৰৰ পৰা ৰক্ষা কৰিবলৈ চিকিৎসালয়খনৰ চিকিৎসকে কৰা সংগ্ৰামৰ বিষয়ে প্রতিবেদন যুগুতাবলৈ আহিছিল। এই আক্রমণত আল জাজিৰাৰ সাংবাদিক মহম্মদ চালাম আৰু ৰয়টাৰৰ ঠিকাভিত্তিক কেমেৰামেন হুচাম আল-মাচৰীৰো মৃত্যু হয়। আনহাতে ৰয়টাৰৰ ঠিকাভিত্তিক ফটোগ্ৰাফাৰ হাতেম খালেদ এই আক্রমণত আহত হয় বুলি জানিব পৰা গৈছে।


কমিটী টু প্রটেক্ট জার্নেলিষ্ট নামৰ সংস্থাটোৰ মতে ইজৰাইল-হামাছৰ যুদ্ধত যোৱা ২২ মাহত ১৯২জন সাংবাদিকৰ মৃত্যু হৈছে আৰু ৰাছিয়া-ইউক্রেইন যুদ্ধত প্রাণ হেৰুৱাইছে ১৮জন সাংবাদিকে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ