--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বিদ্যালয়ৰ পাকঘৰত প্ৰস্তুত কৰা শাক-পাচলিৰ পৰা প্ৰচণ্ড ৰাসায়নিক গোন্ধ ওলোৱাত আলোড়নৰ সৃষ্টি হয়। তদন্তত দেখা গৈছে যে পাচলিখিনিত ফেনাইল মিহলি হৈছিল।

ডিজিটেল ডেস্কঃ  ছত্তীশগড়ৰ সুকমাৰ পাকেলা আৱাসিক বিদ্যালয়ত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচা হৈছিল কিন্তু সেই ষড়যন্ত্ৰ ব্যৰ্থ হয়। ২১ আগষ্টৰ নিশা খাদ্যৰ সোৱাদ লোৱাৰ সময়ত শাক-পাচলিৰ পৰা প্ৰচণ্ড ৰাসায়নিক গোন্ধ ওলোৱাৰ লগে লগে অধীক্ষকে খাদ্যখিনি নষ্ট কৰি পেলায়।


তদন্তত দেখা গৈছে যে পাচলিখিনিত ফেনাইল মিহলি হৈছিল। কমিটীয়ে শিশু আৰু কৰ্মচাৰীৰ বক্তব্য লিপিবদ্ধ কৰে, য’ত এজন শিক্ষকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে।


ছত্তীশগড়ৰ সুকমা জিলাৰ পৰা আহিছে এই হৃদয় বিদাৰক খবৰ। পাকেলা আৱাসিক বিদ্যালয়ত ৪২৬টা শিশুক হত্যা কৰাৰ চেষ্টা ভাগ্যক্ৰমে ব্যৰ্থ হয়। যোৱা ২১ আগষ্টৰ নিশা বিদ্যালয়ৰ পাকঘৰত প্ৰস্তুত কৰা শাক-পাচলিৰ পৰা প্ৰচণ্ড ৰাসায়নিক গোন্ধ ওলোৱাত আলোড়নৰ সৃষ্টি হয়। তদন্তত দেখা গৈছে যে পাচলিখিনিত ফেনাইল মিহলি হৈছিল।


তথ্য অনুসৰি খাদ্য পৰিবেশনৰ পূৰ্বে সহকাৰী ৱাৰ্ডেন আৰু প্ৰশিক্ষকসকলে সচৰাচৰৰ দৰে পৰীক্ষা কৰিছিল। এই সময়ছোৱাত এক অস্বাভাৱিক প্ৰচণ্ড গোন্ধ অনুভৱ কৰা হৈছিল। তথ্য পোৱাৰ লগে লগে অধীক্ষক দুজল পেটেলে ততাতৈয়াকৈ সকলো খাদ্য ধ্বংস কৰাৰ নিৰ্দেশ দি উচ্চপদস্থ বিষয়ালৈ লিখিত অভিযোগ প্ৰেৰণ কৰে। এই সজাগতাৰ বাবেই ৪২৬টা শিশুক এক বৃহৎ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল।


বিষয়টোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি কালেক্টৰ দেৱেশ কুমাৰ ধ্ৰুৱে গঠন কৰিলে তিনিজনীয়া তদন্ত সমিতি। ইয়াত এছডিএম সুৰজ কাশ্যপ, ডিএমচি উমাশংকৰ তিৱাৰী আৰু এপিচি আশীষ ৰামক অন্তৰ্ভুক্ত কৰা হৈছিল। কমিটীয়ে বিদ্যালয়ৰ কৰ্মচাৰী আৰু শিশুসকলৰ বক্তব্য লিপিবদ্ধ কৰে। বহু শিশুৱে পোনপটীয়াকৈ অভিযোগ উত্থাপন কৰিছিল এজন শিক্ষকে খাদ্যত বিষ মিহলাই দিয়াৰ অভিযোগ।


ডিএমচি উমাশংকৰ তিৱাৰীয়ে নিশ্চিত কৰিছে যে তদন্তৰ প্ৰতিবেদন কালেক্টৰক দাখিল কৰা হৈছে। সম্প্ৰতি প্ৰশাসনে অভিযুক্ত শিক্ষকৰ ভূমিকা সম্পৰ্কে পুংখানুপুংখ তদন্ত কৰি আছে। বিষয়াসকলে স্বীকাৰ কৰে যে গোন্ধটো সময়মতে চিনাক্তকৰণ আৰু সজাগতাই ৪২৬টা নিৰীহ শিশুৰ জীৱন ৰক্ষা কৰে। সম্প্ৰতি শিশুসকল সুৰক্ষিত হোৱাৰ লগতে বিদ্যালয়খনত নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু