--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বিদ্যালয়ৰ পাকঘৰত প্ৰস্তুত কৰা শাক-পাচলিৰ পৰা প্ৰচণ্ড ৰাসায়নিক গোন্ধ ওলোৱাত আলোড়নৰ সৃষ্টি হয়। তদন্তত দেখা গৈছে যে পাচলিখিনিত ফেনাইল মিহলি হৈছিল।

ডিজিটেল ডেস্কঃ  ছত্তীশগড়ৰ সুকমাৰ পাকেলা আৱাসিক বিদ্যালয়ত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচা হৈছিল কিন্তু সেই ষড়যন্ত্ৰ ব্যৰ্থ হয়। ২১ আগষ্টৰ নিশা খাদ্যৰ সোৱাদ লোৱাৰ সময়ত শাক-পাচলিৰ পৰা প্ৰচণ্ড ৰাসায়নিক গোন্ধ ওলোৱাৰ লগে লগে অধীক্ষকে খাদ্যখিনি নষ্ট কৰি পেলায়।


তদন্তত দেখা গৈছে যে পাচলিখিনিত ফেনাইল মিহলি হৈছিল। কমিটীয়ে শিশু আৰু কৰ্মচাৰীৰ বক্তব্য লিপিবদ্ধ কৰে, য’ত এজন শিক্ষকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে।


ছত্তীশগড়ৰ সুকমা জিলাৰ পৰা আহিছে এই হৃদয় বিদাৰক খবৰ। পাকেলা আৱাসিক বিদ্যালয়ত ৪২৬টা শিশুক হত্যা কৰাৰ চেষ্টা ভাগ্যক্ৰমে ব্যৰ্থ হয়। যোৱা ২১ আগষ্টৰ নিশা বিদ্যালয়ৰ পাকঘৰত প্ৰস্তুত কৰা শাক-পাচলিৰ পৰা প্ৰচণ্ড ৰাসায়নিক গোন্ধ ওলোৱাত আলোড়নৰ সৃষ্টি হয়। তদন্তত দেখা গৈছে যে পাচলিখিনিত ফেনাইল মিহলি হৈছিল।


তথ্য অনুসৰি খাদ্য পৰিবেশনৰ পূৰ্বে সহকাৰী ৱাৰ্ডেন আৰু প্ৰশিক্ষকসকলে সচৰাচৰৰ দৰে পৰীক্ষা কৰিছিল। এই সময়ছোৱাত এক অস্বাভাৱিক প্ৰচণ্ড গোন্ধ অনুভৱ কৰা হৈছিল। তথ্য পোৱাৰ লগে লগে অধীক্ষক দুজল পেটেলে ততাতৈয়াকৈ সকলো খাদ্য ধ্বংস কৰাৰ নিৰ্দেশ দি উচ্চপদস্থ বিষয়ালৈ লিখিত অভিযোগ প্ৰেৰণ কৰে। এই সজাগতাৰ বাবেই ৪২৬টা শিশুক এক বৃহৎ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল।


বিষয়টোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি কালেক্টৰ দেৱেশ কুমাৰ ধ্ৰুৱে গঠন কৰিলে তিনিজনীয়া তদন্ত সমিতি। ইয়াত এছডিএম সুৰজ কাশ্যপ, ডিএমচি উমাশংকৰ তিৱাৰী আৰু এপিচি আশীষ ৰামক অন্তৰ্ভুক্ত কৰা হৈছিল। কমিটীয়ে বিদ্যালয়ৰ কৰ্মচাৰী আৰু শিশুসকলৰ বক্তব্য লিপিবদ্ধ কৰে। বহু শিশুৱে পোনপটীয়াকৈ অভিযোগ উত্থাপন কৰিছিল এজন শিক্ষকে খাদ্যত বিষ মিহলাই দিয়াৰ অভিযোগ।


ডিএমচি উমাশংকৰ তিৱাৰীয়ে নিশ্চিত কৰিছে যে তদন্তৰ প্ৰতিবেদন কালেক্টৰক দাখিল কৰা হৈছে। সম্প্ৰতি প্ৰশাসনে অভিযুক্ত শিক্ষকৰ ভূমিকা সম্পৰ্কে পুংখানুপুংখ তদন্ত কৰি আছে। বিষয়াসকলে স্বীকাৰ কৰে যে গোন্ধটো সময়মতে চিনাক্তকৰণ আৰু সজাগতাই ৪২৬টা নিৰীহ শিশুৰ জীৱন ৰক্ষা কৰে। সম্প্ৰতি শিশুসকল সুৰক্ষিত হোৱাৰ লগতে বিদ্যালয়খনত নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ