--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • যদি আপুনি হৃদৰোগৰ পৰা নিজকে ৰক্ষা কৰিব বিচাৰে তেন্তে ইয়াৰ বাবে আপুনি স্বাস্থ্যসন্মত খাদ্য, স্বাস্থ্যসন্মত জীৱনশৈলী আৰু কিছুমান কথাৰ যত্ন লোৱা উচিত।

ডিজিটেল ডেস্কঃ  কিছুদিনৰ পৰা ভাৰতত হৃদৰোগৰ ৰোগী দ্ৰুতগতিত বৃদ্ধি পাইছে। আগতে বৃদ্ধসকল এই ৰোগত আক্ৰান্ত হৈছিল, এতিয়া যুৱক-যুৱতীসকলৰ লগতে শিশুৰ ক্ষেত্ৰতো হাৰ্ট এটেক আৰু হৃদযন্ত্ৰ বন্ধ হোৱাৰ ঘটনা দেখা গৈছে।


এনে পৰিস্থিতিত যদি আপুনি হৃদৰোগৰ পৰা নিজকে ৰক্ষা কৰিব বিচাৰে তেন্তে ইয়াৰ বাবে আপুনি স্বাস্থ্যসন্মত খাদ্য, স্বাস্থ্যসন্মত জীৱনশৈলী আৰু কিছুমান কথাৰ যত্ন লোৱা উচিত। ইয়াত আমি আপোনালোকক সুস্থ হৈ থকাৰ আৰু হৃদৰোগৰ পৰা হাত সাৰিবলৈ কিছুমান উপায়ৰ কথা ক'ম।


পাৰিবাৰিক ইতিহাসত হৃদৰোগ থকা লোকসকলে এইবোৰ কথা মনত ৰাখিব লাগে...


যদি আপোনাৰ পৰিয়ালৰ কোনোবা এজনৰ হৃদৰোগ আছে বা এই ৰোগ আপোনাৰ পৰিয়ালৰ ইতিহাসত আছে, তেন্তে আপুনি অতি সাৱধান হোৱাটো প্ৰয়োজন। নিয়মিতভাৱে নিজৰ পৰীক্ষা কৰা উচিত আৰু চিকিৎসকৰ পৰামৰ্শ অনুসৰি দৈনন্দিন কাম-কাজত পৰিৱৰ্তন কৰিব লাগে।


স্বাস্থ্যসন্মত খাদ্যাভ্যাস মানি চলক

হৃদৰোগৰ পৰা হাত সাৰিবলৈ ফলমূল, শাক-পাচলি, গোটা শস্য, কম চৰ্বিযুক্ত দুগ্ধজাত সামগ্ৰী আৰু ক্ষীণ প্ৰটিন সেৱন কৰিব লাগে।


ধূমপান আৰু মদৰ পৰা আঁতৰি থাকক

ধূমপান আৰু মদ্যপানে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে, গতিকে ইয়াৰ পৰা আঁতৰি থাকক।


মানসিক চাপৰ পৰা আঁতৰি থাকক

মানসিক চাপৰ ফলত হৃদৰোগকে ধৰি বহুতো ৰোগৰ জন্ম হয়। গতিকে ইয়াক হ্ৰাস কৰিবলৈ যোগ আৰু ধ্যান-ধাৰণাৰ সহায় ল’ব পাৰে।


পৰীক্ষা কৰা হওক

ৰক্তচাপ, কলেষ্টেৰল আৰু ব্লাড চুগাৰ পৰীক্ষা কৰি থাকিব।


প্ৰতিদিনে ভাল টোপনি লওক

প্ৰতিদিনে ৮ৰ পৰা ৯ ঘণ্টা টোপনি লওক। টোপনিৰ সময়ত আপোনাৰ শৰীৰ নিজে সুস্থ হৈ উঠে, গতিকে টোপনিৰ অভাৱ হ’বলৈ নিদিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু