--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অমিত শ্বাহে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীৰ বিৰুদ্ধে নক্সালবাদক সমর্থন কৰাৰ অভিযোগ কৰিছিল।

ডিজিটেল ডেস্কঃ উপ-ৰাষ্ট্ৰপতি পদৰ বিৰোধী পক্ষৰ প্ৰাৰ্থী তথা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীৰ প্ৰসংগত কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে কৰা এটা মন্তব্যক উচ্চতম ন্যায়ালয়ৰ ১৮জন প্রাক্তন ন্যায়াধীশে সমালোচনা কৰে।


গৃহমন্ত্ৰীৰ মন্তব্যক এই প্রাক্তন ন্যায়াধীশসকলে দুর্ভাগ্যজনক বুলি অভিহিত কৰে। উচ্চতম ন্যায়ালয়ৰ ১৮জন প্রাক্তন ন্যায়াধীশৰ ভিতৰত কুৰিয়ান যোছেফ, মদন বি লকুৰ আৰু জে চেলামেশ্বৰো আছে। শ্বাহে ৰেড্ডীৰ বিৰুদ্ধে নক্সালবাদক সমর্থন কৰাৰ অভিযোগ কৰিছিল। প্ৰাক্তন ন্যায়াধীশসকলে কয় যে উপ-ৰাষ্ট্ৰপতিৰ পদক সন্মান জনোৱাটো বুদ্ধিমানৰ কাম হ'ব।


ন্যায়াধীশসকলে কয় যে ছালৱা জুডুম ৰায়ে পৰোক্ষ বা প্রত্যক্ষভাৱে নক্সালবাদ বা তেনে ধৰণৰ চিন্তাধাৰাক সমর্থন নজনায়। তেওঁলোকে এটা বিবৃতিত কয়, 'উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰচাৰ অভিযান আদর্শগত হ'ব পাৰে, কিন্তু ইয়াক শালীনতা আৰু গৰিমাৰ সৈতে চলাব পৰা যায়। কোনো এজন প্ৰাৰ্থীৰ চিন্তাধাৰাক সমালোচনা কৰাৰ পৰা বিৰত থাকিব লাগে।' উল্লেখযোগ্য যে যোৱা ২২ আগষ্টত অমিত শ্বাহে কেৰালাত কৈছিল, 'উচ্চতম ন্যায়ালয়ৰ প্রাক্তন ন্যায়াধীশ সুদর্শন ৰেড্ডী এনে এজন ব্যক্তি যি নক্সালবাদক সহায় কৰিছে। তেওঁ ছালৱা জুডুমক লৈ ৰায় দিয়ে।


ছালৱা জুডুমক লৈ ৰায় নিদিয়াহ'লে নক্সালবাদী চৰমপন্থা ২০২০ চনতে নিঃশেষ হ'লহেঁতেন।' অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলে কয় যে উচ্চ পদত থকা ৰাজনৈতিক নেতাৰ উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পক্ষপাতিত্বমূলক ভুল ব্যাখ্যাই ন্যায়াধীশসকলৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলোৱাৰ আশংকা আছে। ই ন্যায়পালিকাৰ স্বাধীনতাত ক্ষতি কৰিব পাৰে।


বিবৃতিটোত স্বাক্ষৰ কৰা উচ্চতম ন্যায়ালয়ৰ প্রাক্তন ন্যায়াধীশসকলৰ ভিতৰত এ কে পাটনায়ক, অভয় ওকা, গোপাল গৌড়া, বিক্রমজিৎ সেন, কুৰিয়ান যোছেফ, মদন বি লকুৰ, জে চেলামেশ্বৰ, জ্যেষ্ঠ অধিবক্তা সঞ্জয় হেগড়ে আৰু অধ্যাপক মোহন গোপালো আছে।


 উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক