--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অমিত শ্বাহে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীৰ বিৰুদ্ধে নক্সালবাদক সমর্থন কৰাৰ অভিযোগ কৰিছিল।

ডিজিটেল ডেস্কঃ উপ-ৰাষ্ট্ৰপতি পদৰ বিৰোধী পক্ষৰ প্ৰাৰ্থী তথা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীৰ প্ৰসংগত কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে কৰা এটা মন্তব্যক উচ্চতম ন্যায়ালয়ৰ ১৮জন প্রাক্তন ন্যায়াধীশে সমালোচনা কৰে।


গৃহমন্ত্ৰীৰ মন্তব্যক এই প্রাক্তন ন্যায়াধীশসকলে দুর্ভাগ্যজনক বুলি অভিহিত কৰে। উচ্চতম ন্যায়ালয়ৰ ১৮জন প্রাক্তন ন্যায়াধীশৰ ভিতৰত কুৰিয়ান যোছেফ, মদন বি লকুৰ আৰু জে চেলামেশ্বৰো আছে। শ্বাহে ৰেড্ডীৰ বিৰুদ্ধে নক্সালবাদক সমর্থন কৰাৰ অভিযোগ কৰিছিল। প্ৰাক্তন ন্যায়াধীশসকলে কয় যে উপ-ৰাষ্ট্ৰপতিৰ পদক সন্মান জনোৱাটো বুদ্ধিমানৰ কাম হ'ব।


ন্যায়াধীশসকলে কয় যে ছালৱা জুডুম ৰায়ে পৰোক্ষ বা প্রত্যক্ষভাৱে নক্সালবাদ বা তেনে ধৰণৰ চিন্তাধাৰাক সমর্থন নজনায়। তেওঁলোকে এটা বিবৃতিত কয়, 'উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰচাৰ অভিযান আদর্শগত হ'ব পাৰে, কিন্তু ইয়াক শালীনতা আৰু গৰিমাৰ সৈতে চলাব পৰা যায়। কোনো এজন প্ৰাৰ্থীৰ চিন্তাধাৰাক সমালোচনা কৰাৰ পৰা বিৰত থাকিব লাগে।' উল্লেখযোগ্য যে যোৱা ২২ আগষ্টত অমিত শ্বাহে কেৰালাত কৈছিল, 'উচ্চতম ন্যায়ালয়ৰ প্রাক্তন ন্যায়াধীশ সুদর্শন ৰেড্ডী এনে এজন ব্যক্তি যি নক্সালবাদক সহায় কৰিছে। তেওঁ ছালৱা জুডুমক লৈ ৰায় দিয়ে।


ছালৱা জুডুমক লৈ ৰায় নিদিয়াহ'লে নক্সালবাদী চৰমপন্থা ২০২০ চনতে নিঃশেষ হ'লহেঁতেন।' অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলে কয় যে উচ্চ পদত থকা ৰাজনৈতিক নেতাৰ উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পক্ষপাতিত্বমূলক ভুল ব্যাখ্যাই ন্যায়াধীশসকলৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলোৱাৰ আশংকা আছে। ই ন্যায়পালিকাৰ স্বাধীনতাত ক্ষতি কৰিব পাৰে।


বিবৃতিটোত স্বাক্ষৰ কৰা উচ্চতম ন্যায়ালয়ৰ প্রাক্তন ন্যায়াধীশসকলৰ ভিতৰত এ কে পাটনায়ক, অভয় ওকা, গোপাল গৌড়া, বিক্রমজিৎ সেন, কুৰিয়ান যোছেফ, মদন বি লকুৰ, জে চেলামেশ্বৰ, জ্যেষ্ঠ অধিবক্তা সঞ্জয় হেগড়ে আৰু অধ্যাপক মোহন গোপালো আছে।


 উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ ভাৰতীয়ৰ দেহত 'নিপা' ভাইৰাছ, এছিয়াৰ বিমান বন্দৰত বিশেষ পৰীক্ষণ
ইতিহাসৰ সৰ্ববৃহৎ চুক্তিত স্বাক্ষৰ; ইউৰোপীয়ান ইউনিয়ন-ভাৰতৰ সম্পৰ্কৰ নতুন অধ্যায়
অভাৱগ্ৰস্ত লোকসকলৰ সহায়ৰ উদ্দেশ্যে দৰঙত পোন প্ৰথমবাৰৰ বাবে মুকলি বস্ত্ৰ বেংক
ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে; ৪যাত্ৰীৰো কৰুণ মৃত্যু
বিশ্বৰ আটাইতকৈ দামী ঘৰ কোনটো? আম্বানীৰ এণ্টিলিয়া নে ব্ৰিটেইনৰ বাকিংহাম পেলেচ?
স্বাস্থ্য আৰু সুস্থ জীৱন
আজি গণেশ পূজা; কি কি ভুল কৰিব নালাগে জানি লওক
T20 বিশ্বকাপৰ ফাইনেলত ভাৰতৰ প্ৰৱেশ নিশ্চিত; মাইকেল ক্লাৰ্কে কৰিলে ভৱিষ্যদ্বাণী
গণৰাজ্য দিৱসৰ পেৰেডত বাজিব 'মায়াবিনী'
পিছ পৰি ৰ'ব চীন-আমেৰিকা,বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হ’ব ভাৰত, এক চাঞ্চল্যকৰ ভৱিষ্যদ্বাণী
কুম্ভ ৰাশিত ৰাহু-সূৰ্য্যৰ সংযোগঃ গ্ৰহণৰ প্ৰভাৱে ৩ ৰাশিৰ বৃদ্ধি কৰিব সমস্যা
‘বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছ’ৰ প্ৰথম যাত্ৰাতেই বুকিং হ’ল সম্পূৰ্ণ আসন; ২৪ ঘণ্টাতেই শেষ সকলো টিকট
মহাৰাষ্ট্ৰৰ পৌৰ নিগমত মিত্ৰতা ৰাজ থাকৰে-একনাথ সিন্দেৰ
বিহুৰ পূৰ্বে হ'ব অসমৰ নিৰ্বাচন!