--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এইখনৰ জৰিয়তেই কথক নৃত্যাংগনা তথা অভিনেত্ৰী পাল্কীয়ে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছে। নাটখনৰ কাহিনী আৰু স্ক্ৰীপ্ট পাল্কীৰ ।

ডিজিটেল ডেস্কঃ পাইলট হিচাপে কেৰিয়াৰৰ শিখৰত অৱস্থান কৰা পৰিণীতাক স্বামীয়ে মুক্ত বিহংগৰ দৰে উৰি ফুৰাটো পচন্দ নকৰে ৷ সেয়ে কিংবদন্তী দেৱীৰূপা অন্নপূৰ্ণাৰূপে প্ৰশংসাৰে উপচাই তাইৰ মনস্তত্ত্ব গঢ় দিবলৈ চেষ্টা কৰে।


পৰিণীতাৰ স্বামীয়ে তেতিয়াও এজন দক্ষ পাইলট হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সংগ্ৰাম কৰি আছিল। দেৱী অন্নপূৰ্ণাৰ কাহিনীৰ মাজেৰে তাইক তেওঁ পুৰুষতান্ত্ৰিক প্ৰতিবন্ধকতাৰে বান্ধি ৰাখিবলৈ বিচাৰে। পুৰুষতন্ত্ৰৰ অদৃশ্য শিকলিবোৰে ৰঙা কাপোৰ এখনৰ ৰূপ লৈ তাইৰ প্ৰতিটো ইতিবাচক গতিবিধিক বাধা দিয়ে।


বিমান একাডেমীৰ বন্ধু মেইটিংগুৱে চিনাকি কৰাই দিয়া পেনা নামৰ মণিপুৰী লোকবাদ্যৰ কৰুণ সুৰবোৰ যেন আজি তাইৰ অদৃষ্টৰেই প্ৰতিফলন। আইনাৰ ভিতৰত নিজৰ প্ৰতিচ্ছবি দেখি অৱচেতনভাৱেই তাই সেয়াই তাইৰ জীৱন যেন অনুভৱ কৰে ৷ এতিয়া পৰিণীতাই সিদ্ধান্ত ল’ব লাগিব, পুৰুষতন্ত্ৰই তাইৰ ওপৰত জাপি দিয়া 'অন্নপূৰ্ণা দেৱী'ৰ বিশেষণটোৰ ওচৰত তাই আত্মসমৰ্পণ কৰিব নে পুনৰ স্বাধীন উন্মুক্ত আকাশলৈ ঢাপলি মেলিব।


এয়াই বি পাল্কীৰ 'পকৱান' নাটকখনৰ কাহিনী। এইখনৰ জৰিয়তেই কথক নৃত্যাংগনা তথা অভিনেত্ৰী পাল্কীয়ে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছে। নাটখনৰ কাহিনী আৰু স্ক্ৰীপ্ট পাল্কীৰ । আৰ্য্যা প্ৰডাকচনৰ বেনাৰত প্ৰযোজিত অভিষেক নাটক 'পকৱান'ৰ একমাত্ৰ চৰিত্ৰটোত পাল্কীয়ে নিজে অভিনয়ো কৰিছে।


যোৱা ১৭ আগষ্টৰ সন্ধিয়া আক্ষৰিক অৰ্থত হাউছফুল ছিগাল থিয়েটাৰত এঘণ্টীয়া নাটখনৰ সফল মঞ্চায়ন হয়। নাটখনৰ সংলাপ ইংৰাজী আৰু হিন্দীত লিখা হৈছে। বৰগীত, বাউল সংগীত আৰু মণিপুৰী লোকবাদ্য পেনাৰ সংগীতৰ সমাহাৰে নাটখনক এক অনন্য সৌন্দৰ্য্য প্ৰদান কৰিছে। নাটখনৰ বাবে মঞ্চসজ্জা কৰিছে আকাশ শইকীয়াই। সংগীত ব্যৱস্থাপনা ত্ৰিৱেণী মহন্তৰ। আলোকসজ্জা প্ৰণৱ নিবিড়ৰ। 'পকৱান'এ দৰ্শকৰ মৰম আৰু সমাদৰ বুটলিবলৈ সক্ষম হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু