--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এইখনৰ জৰিয়তেই কথক নৃত্যাংগনা তথা অভিনেত্ৰী পাল্কীয়ে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছে। নাটখনৰ কাহিনী আৰু স্ক্ৰীপ্ট পাল্কীৰ ।

ডিজিটেল ডেস্কঃ পাইলট হিচাপে কেৰিয়াৰৰ শিখৰত অৱস্থান কৰা পৰিণীতাক স্বামীয়ে মুক্ত বিহংগৰ দৰে উৰি ফুৰাটো পচন্দ নকৰে ৷ সেয়ে কিংবদন্তী দেৱীৰূপা অন্নপূৰ্ণাৰূপে প্ৰশংসাৰে উপচাই তাইৰ মনস্তত্ত্ব গঢ় দিবলৈ চেষ্টা কৰে।


পৰিণীতাৰ স্বামীয়ে তেতিয়াও এজন দক্ষ পাইলট হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সংগ্ৰাম কৰি আছিল। দেৱী অন্নপূৰ্ণাৰ কাহিনীৰ মাজেৰে তাইক তেওঁ পুৰুষতান্ত্ৰিক প্ৰতিবন্ধকতাৰে বান্ধি ৰাখিবলৈ বিচাৰে। পুৰুষতন্ত্ৰৰ অদৃশ্য শিকলিবোৰে ৰঙা কাপোৰ এখনৰ ৰূপ লৈ তাইৰ প্ৰতিটো ইতিবাচক গতিবিধিক বাধা দিয়ে।


বিমান একাডেমীৰ বন্ধু মেইটিংগুৱে চিনাকি কৰাই দিয়া পেনা নামৰ মণিপুৰী লোকবাদ্যৰ কৰুণ সুৰবোৰ যেন আজি তাইৰ অদৃষ্টৰেই প্ৰতিফলন। আইনাৰ ভিতৰত নিজৰ প্ৰতিচ্ছবি দেখি অৱচেতনভাৱেই তাই সেয়াই তাইৰ জীৱন যেন অনুভৱ কৰে ৷ এতিয়া পৰিণীতাই সিদ্ধান্ত ল’ব লাগিব, পুৰুষতন্ত্ৰই তাইৰ ওপৰত জাপি দিয়া 'অন্নপূৰ্ণা দেৱী'ৰ বিশেষণটোৰ ওচৰত তাই আত্মসমৰ্পণ কৰিব নে পুনৰ স্বাধীন উন্মুক্ত আকাশলৈ ঢাপলি মেলিব।


এয়াই বি পাল্কীৰ 'পকৱান' নাটকখনৰ কাহিনী। এইখনৰ জৰিয়তেই কথক নৃত্যাংগনা তথা অভিনেত্ৰী পাল্কীয়ে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছে। নাটখনৰ কাহিনী আৰু স্ক্ৰীপ্ট পাল্কীৰ । আৰ্য্যা প্ৰডাকচনৰ বেনাৰত প্ৰযোজিত অভিষেক নাটক 'পকৱান'ৰ একমাত্ৰ চৰিত্ৰটোত পাল্কীয়ে নিজে অভিনয়ো কৰিছে।


যোৱা ১৭ আগষ্টৰ সন্ধিয়া আক্ষৰিক অৰ্থত হাউছফুল ছিগাল থিয়েটাৰত এঘণ্টীয়া নাটখনৰ সফল মঞ্চায়ন হয়। নাটখনৰ সংলাপ ইংৰাজী আৰু হিন্দীত লিখা হৈছে। বৰগীত, বাউল সংগীত আৰু মণিপুৰী লোকবাদ্য পেনাৰ সংগীতৰ সমাহাৰে নাটখনক এক অনন্য সৌন্দৰ্য্য প্ৰদান কৰিছে। নাটখনৰ বাবে মঞ্চসজ্জা কৰিছে আকাশ শইকীয়াই। সংগীত ব্যৱস্থাপনা ত্ৰিৱেণী মহন্তৰ। আলোকসজ্জা প্ৰণৱ নিবিড়ৰ। 'পকৱান'এ দৰ্শকৰ মৰম আৰু সমাদৰ বুটলিবলৈ সক্ষম হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ