--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই বৃহৎ পৰিমাণৰ ধন বেংক, বীমা, শ্বেয়াৰ বজাৰ আৰু পেঞ্চনৰ দৰে আঁচনিত বিনিয়োগ কৰা হ'ব।

ডিজিটেল ডেস্কঃ ভাৰতীয় অর্থনীতিলৈ অহা দহ বছৰত বৃহৎ পৰিৱৰ্তন আহিব। এখন গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় প্ৰতিবেদনত এই কথা উল্লেখ কৰা হৈছে। বৃহৎ পৰিমাণৰ ধন ওলাই পোনে পোনে বজাৰ পাবগৈ আৰু ই ভাৰতীয় অর্থনীতিক নতুন ৰূপ দিব। বিশ্বৰ প্ৰখ্যাত বিত্তীয় প্রতিষ্ঠান গ'ল্ডমেন চছে প্রকাশ কৰা প্রতিবেদনখনত উল্লেখ কৰা অনুসৰি অহা দহ বছৰত ভাৰতীয় পৰিয়ালসমূহে সঞ্চয় কৰি ৰখা প্রায় ৮৩০ লাখ কোটি টকা বজাৰলৈ ওলাই যাব।


এই বৃহৎ পৰিমাণৰ ধন বেংক, বীমা, শ্বেয়াৰ বজাৰ আৰু পেঞ্চনৰ দৰে আঁচনিত বিনিয়োগ কৰা হ'ব। আন কথাত ভাৰতীয় জনসাধাৰণে এতিয়া কেৱল মাটি-বাৰী আৰু সোণতেই নহয়, বৰং এনেকুৱা ব'ণ্ডত ধন বিনিয়োগ কৰিব, য'ৰ পৰা অধিক লাভ অৰ্জন কৰিব পাৰে আৰু দেশৰ অৰ্থনীতিও সচ্ছল হৈ পৰে। প্রতিবেদনখনে কৰা এই দাবী সত্যত পৰিণত হ'লে অচিৰেই ভাৰতীয় অর্থনৈতিক উন্নয়নৰ গতি ইমানেই দ্রুত হৈ পৰিব যে সমগ্র বিশ্বক আশ্চর্যান্বিত কৰিব। গ'ল্ডমেন চছৰ মতে, ভাৰতীয় লোকসকলে এতিয়া আগতকৈ অধিক সঞ্চয় কৰিবলৈ লৈছে। আগতে ভাৰতীয় পৰিয়ালসমূহে কৰা সঞ্চয় মুঠ ঘৰুৱা উৎপাদনৰ ১১% আছিল। এতিয়া এই হাৰ ১৩%লৈ বৃদ্ধি পাইছে।


ইয়াৰ অৰ্থ হ'ল ভাৰতীয় লোকসকলে নিজৰ সঞ্চিত ধন ঘৰ-বাৰী আৰু সোণ ক্ৰয় কৰি আবদ্ধ কৰি ৰখাৰ পৰিৱৰ্তে এনেকুৱা খণ্ডত বিনিয়োগ কৰিব, য'ৰ পৰা তেওঁলোকৰ আয় তথা লাভ অধিক বৃদ্ধি পায়। ভাৰতীয় জনসাধাৰণৰ মনোভাব তথা চিন্তাধাৰাৰ এই পৰিৱৰ্তন দেশৰ অৰ্থনীতিৰ বাবে অতি উত্তমৰূপে পৰিগণিত হ'ব। প্রতিবেদনখনত উল্লেখ কৰা মতে, ভাৰতীয় লোকসকলে সর্বাধিক ধন বিনিয়োগ কৰিব বীমা, পেঞ্চন তথা অৱসৰৰ সৈতে জড়িত পুঁজিত। এই আঁচনিসমূহ দীর্ঘদিন চলিব আৰু বৃদ্ধ কালত ডাঙৰ সকাহ লাভ কৰিব পাৰিব।


দাবী কৰা মতে এনে খণ্ডত প্রায় ৪ লাখ কোটি ডলাৰ অৰ্থাৎ ৩৫০ লাখ কোটি টকা বিনিয়োগ কৰা হ'ব। বেংকত প্রায় ৩০০ লাখ কোটি টকা বিনিয়োগ কৰা হ'ব। ইয়াৰ ফলত দেশৰ বেংকিং খণ্ড অধিক শক্তিশালী হৈ পৰিব। আনহাতে, শ্বেয়াৰ বজাৰ আৰু মিউচুৱেল ফাণ্ডৰ দৰে খণ্ডত প্রায় ৭০ লাখ কোটি টকা বিনিয়োগ কৰা হ'ব। ভাৰতীয় লোকসকলে বজাৰত ইমান বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰাৰ ফলত ভাৰতীয় কোম্পানীবোৰে বিদেশৰ পৰা ঋণ লোৱাটোও বন্ধ হৈ পৰিব। ইয়াৰ লগে লগে চৰকাৰৰ ঘৰুৱা বিনিয়োগকাৰীৰ ধনেৰে পথ, দলং, চিকিৎসালয় আদি নিৰ্মাণ কৰাৰ বাবে ধনৰ অভাৱ নহ'ব।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ