--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মাতৃ মানেই সন্তানৰ বাবে মমতা। সন্তানৰ প্ৰতি সম্পূৰ্ণ সমৰ্পণ। আৰু ইয়াৰ সৈতে যেতিয়া কৰ্তব্য নিষ্ঠাৰ অপূৰ্ব প্ৰদৰ্শণ সংযুক্ত হয়, সেয়া হয় পৰে অসাধাৰণ। এনে অসাধাৰণ ঘটনাই ঘটিল মধ্যপ্ৰদেশৰ আলিৰাজপুৰত। আলিৰাজপুৰত কোলাত শিশু সন্তানক লৈ কৰ্তব্য পালন কৰিলে আৰক্ষী অধীক্ষক মণিকা সিঙে। এনে ভূমিকাৰ বাবে মণিকা এতিয়া চৰ্চিত আৰু প্ৰশংসিত হৈ পৰিছে সমগ্ৰ দেশত।


দৰাচলতে সমগ্ৰ ঘটনাক্ৰম এনেধৰণৰ। ২০ অক্টোবৰত আলিৰাজপুৰলৈ গৈছিল মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান। জ’বাট বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ বাবে আছিল চৌহানৰ আলিৰাজপুৰ যাত্ৰা। যেতিয়াই চৌহানে হেলিকপ্টাৰেৰে আলিৰাজপুৰ হেলিপেডত নামিছিল, তেতিয়াই তেওঁ দেখিছিল এটা বিশেষ দৃশ্য। দৃশ্যটো হৈছে ডিএছপি মণিকা সিঙে বেবী কেৰিয়াৰ বেগত কন্যা সন্তানক লৈ হেলিপেডত প্ৰচণ্ড ৰ’দ আৰু ধূলিময় পৰিৱেশত পালন কৰিছে কৰ্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে মণিকাৰ কৰ্তব্যনিষ্ঠাত অভিভূত হ’ল আৰু ওচৰলৈ আহি শলাগ ল’লে আৰক্ষী বিষয়াগৰাকীক। মৰমতে মনিকাৰ ডেৰ বছৰীয়া সন্তানৰ মূৰত হাত ফুৰায়ো দিলে। মুখ্যমন্ত্ৰীগৰাকীয়ে টুইট কৰিও মণিকা সিঙৰ নিষ্ঠা আৰু সমৰ্পণৰ শলাগ ল’লে । ক’লে আপোনাক লৈ গৰ্ব কৰে মধ্য প্ৰদেশে। মুখ্যমন্ত্ৰীগৰাকীয়ে সন্তানৰ সৈতে মণিকাৰ ফটোও আপলোড কৰিলে নিজৰ টুইটাৰ একাউণ্টত।


মুখ্যমন্ত্ৰী চৌহানে মণিকাৰ নিষ্ঠাক লৈ টুইট কৰাৰ পাছতেই আৰক্ষী বিষয়াগৰাকীক শলাগ লৈছে ভাৰতৰ সকলোৰে বাবে আদৰ্শ হ’ব লাগে বুলি সামাজিক মাধ্যমত মন্তব্য কৰিছে বহু নেটিজেনে। কিন্তু প্ৰশ্নও উত্থাপন কৰিছে একাংশ লোকে। তেনে নাগৰিকৰ মন্তব্য—মনিকাৰ কৰ্তব্যনিষ্ঠা প্ৰশংসনীও যদিও শিশু সন্তানটিৰ সুৰক্ষাৰ কথা চিন্তা কৰা হ’লনে? হঠাতে গুৰুতৰ আইন শৃংখলাৰ পৰিস্থিতি সৃষ্টি হ’লে শিশুটি বিপদৰ সন্মুখীন নহ’বনে? নে তাৎক্ষণিক জনপ্ৰিয়তা লভিবৰ বাবেই প্ৰচাৰ চলোৱা হ’ল অতি পৰিকল্পিতভাৱে মহিলা আৰক্ষীগৰাকীৰ পৃষ্ঠপোষকতাত?
আনহাতে, এগৰাকী কেঁচুৱাৰ মাতৃক এইদৰে এটা উষ্ম পৰিৱেশত পৰিস্থিতিত কৰ্তব্য পালন কৰিবলৈ দিয়াৰ ওপৰতো উত্থাপন হৈছে প্ৰশ্ন। প্ৰশ্ন উত্থাপন কৰিছে মধ্যপ্ৰদেশৰ কংগ্ৰেছৰ মুখপাত্ৰ নৰেন্দ্ৰ ছালুজাইও। ডেৰ বছৰীয়া সন্তানটিক লৈ মণিকা সিঙক হেলিপেডত তীব্ৰ ৰ’দত কৰ্তব্য পালন কৰিবলৈ দিয়াতো উচিত হোৱা নাই বুলি কয় কংগ্ৰেছ নেতাজনে। ইয়াক চৰকাৰৰ ভুল সিদ্ধান্তৰ নিদৰ্শন বুলি তেওঁ আখ্যা দিয়ে। মণিকা সিঙক কাৰ্যালয়ত কৰ্তব্য পালন কৰিবলৈ দিয়াতো উচিত আছিল বুলি কয় নেতাজনে। আনহাতে মণিকা সিঙে কয় যে মঙলবাৰে কৰ্তব্যলৈ আহোঁতে তেওঁৰ কন্যা সন্তানটিয়ে লগত আহিবলৈ জেদ ধৰিছিল। অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে কয়— “মই মাতৃৰ দায়িত্বৰ লগতে আৰক্ষী বিষয়াৰ কৰ্তব্যও পালন কৰিব লাগিব ।”


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক