--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মাতৃ মানেই সন্তানৰ বাবে মমতা। সন্তানৰ প্ৰতি সম্পূৰ্ণ সমৰ্পণ। আৰু ইয়াৰ সৈতে যেতিয়া কৰ্তব্য নিষ্ঠাৰ অপূৰ্ব প্ৰদৰ্শণ সংযুক্ত হয়, সেয়া হয় পৰে অসাধাৰণ। এনে অসাধাৰণ ঘটনাই ঘটিল মধ্যপ্ৰদেশৰ আলিৰাজপুৰত। আলিৰাজপুৰত কোলাত শিশু সন্তানক লৈ কৰ্তব্য পালন কৰিলে আৰক্ষী অধীক্ষক মণিকা সিঙে। এনে ভূমিকাৰ বাবে মণিকা এতিয়া চৰ্চিত আৰু প্ৰশংসিত হৈ পৰিছে সমগ্ৰ দেশত।


দৰাচলতে সমগ্ৰ ঘটনাক্ৰম এনেধৰণৰ। ২০ অক্টোবৰত আলিৰাজপুৰলৈ গৈছিল মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান। জ’বাট বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ বাবে আছিল চৌহানৰ আলিৰাজপুৰ যাত্ৰা। যেতিয়াই চৌহানে হেলিকপ্টাৰেৰে আলিৰাজপুৰ হেলিপেডত নামিছিল, তেতিয়াই তেওঁ দেখিছিল এটা বিশেষ দৃশ্য। দৃশ্যটো হৈছে ডিএছপি মণিকা সিঙে বেবী কেৰিয়াৰ বেগত কন্যা সন্তানক লৈ হেলিপেডত প্ৰচণ্ড ৰ’দ আৰু ধূলিময় পৰিৱেশত পালন কৰিছে কৰ্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে মণিকাৰ কৰ্তব্যনিষ্ঠাত অভিভূত হ’ল আৰু ওচৰলৈ আহি শলাগ ল’লে আৰক্ষী বিষয়াগৰাকীক। মৰমতে মনিকাৰ ডেৰ বছৰীয়া সন্তানৰ মূৰত হাত ফুৰায়ো দিলে। মুখ্যমন্ত্ৰীগৰাকীয়ে টুইট কৰিও মণিকা সিঙৰ নিষ্ঠা আৰু সমৰ্পণৰ শলাগ ল’লে । ক’লে আপোনাক লৈ গৰ্ব কৰে মধ্য প্ৰদেশে। মুখ্যমন্ত্ৰীগৰাকীয়ে সন্তানৰ সৈতে মণিকাৰ ফটোও আপলোড কৰিলে নিজৰ টুইটাৰ একাউণ্টত।


মুখ্যমন্ত্ৰী চৌহানে মণিকাৰ নিষ্ঠাক লৈ টুইট কৰাৰ পাছতেই আৰক্ষী বিষয়াগৰাকীক শলাগ লৈছে ভাৰতৰ সকলোৰে বাবে আদৰ্শ হ’ব লাগে বুলি সামাজিক মাধ্যমত মন্তব্য কৰিছে বহু নেটিজেনে। কিন্তু প্ৰশ্নও উত্থাপন কৰিছে একাংশ লোকে। তেনে নাগৰিকৰ মন্তব্য—মনিকাৰ কৰ্তব্যনিষ্ঠা প্ৰশংসনীও যদিও শিশু সন্তানটিৰ সুৰক্ষাৰ কথা চিন্তা কৰা হ’লনে? হঠাতে গুৰুতৰ আইন শৃংখলাৰ পৰিস্থিতি সৃষ্টি হ’লে শিশুটি বিপদৰ সন্মুখীন নহ’বনে? নে তাৎক্ষণিক জনপ্ৰিয়তা লভিবৰ বাবেই প্ৰচাৰ চলোৱা হ’ল অতি পৰিকল্পিতভাৱে মহিলা আৰক্ষীগৰাকীৰ পৃষ্ঠপোষকতাত?
আনহাতে, এগৰাকী কেঁচুৱাৰ মাতৃক এইদৰে এটা উষ্ম পৰিৱেশত পৰিস্থিতিত কৰ্তব্য পালন কৰিবলৈ দিয়াৰ ওপৰতো উত্থাপন হৈছে প্ৰশ্ন। প্ৰশ্ন উত্থাপন কৰিছে মধ্যপ্ৰদেশৰ কংগ্ৰেছৰ মুখপাত্ৰ নৰেন্দ্ৰ ছালুজাইও। ডেৰ বছৰীয়া সন্তানটিক লৈ মণিকা সিঙক হেলিপেডত তীব্ৰ ৰ’দত কৰ্তব্য পালন কৰিবলৈ দিয়াতো উচিত হোৱা নাই বুলি কয় কংগ্ৰেছ নেতাজনে। ইয়াক চৰকাৰৰ ভুল সিদ্ধান্তৰ নিদৰ্শন বুলি তেওঁ আখ্যা দিয়ে। মণিকা সিঙক কাৰ্যালয়ত কৰ্তব্য পালন কৰিবলৈ দিয়াতো উচিত আছিল বুলি কয় নেতাজনে। আনহাতে মণিকা সিঙে কয় যে মঙলবাৰে কৰ্তব্যলৈ আহোঁতে তেওঁৰ কন্যা সন্তানটিয়ে লগত আহিবলৈ জেদ ধৰিছিল। অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে কয়— “মই মাতৃৰ দায়িত্বৰ লগতে আৰক্ষী বিষয়াৰ কৰ্তব্যও পালন কৰিব লাগিব ।”


FOLLOW US F
POPULAR
FEATURE
TRENDY
ব্ৰাহ্ম’ছ মিছাইলেৰে ভাৰতৰ টাৰ্গেটত সমগ্ৰ পাকিস্তান ; পাকিস্তানক হুংকাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ কঠোৰ পদক্ষেপ ; আগন্তুক ত্ৰিদেশীয় টি-২০ শৃংখলা বাতিল
গৰৈমাৰীত কলেজীয়া ছাত্ৰী হত্যাকাৰীৰ ফাঁচিৰ দাবীত পুৰুষ মহিলাৰ উত্তাল প্ৰতিবাদ
কাতি বিহুৰ দিনাই ৰঙাপৰাত গো মাংস উদ্ধাৰ ; দহজনীয়া দলৰ পলায়ন
'আপুনি এইটো কাম কৰা উচিত নহয় ...ইমানখিনি টকা আপোনালৈ যথেষ্ঠ নহয় নে ?' ধ্ৰুৱ ৰাথীৰ টাৰ্গেটত এইবাৰ শ্বাহৰূখ খান
ধনতেৰাছত কিয় কিনিব লাগে ধনীয়া বীজ আৰু নিমখ?
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে