--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰিয়জনৰ মৃত্যু সদায়ে অসহনীয়। এই অসহনীয় বেদনা সহিব নোৱাৰি এটি পৰিয়ালে যি পদক্ষেপ ল'লে সেয়া শুনি সকলোৰে চকু সেমেকি উঠিছে। ব্লেক ফাংগাছত আক্ৰান্ত হৈ পত্নীৰ মৃত্যু হয় আৰু এই বেদনা সহিব নোৱাৰি অৱসৰপ্ৰাপ্ত এগৰাকী সৈনিক আৰু তেওঁলোকৰ চাৰিটাকৈ সন্তানে আত্মহত্যাৰ দৰে চৰম পথ বাচি লয়। এই অত্যন্ত মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে কৰ্ণাটক ৱেলগাবী জিলাৰ হুক্কেৰীত। গোপাল হদিমানী নামৰ অৱসৰপ্ৰাপ্ত সৈনিকজনৰ পত্নী জয়াই চলিত বৰ্ষৰ ৬ জুলাইত কোভিডত আক্ৰান্ত হোৱাৰ পিছত ব্লেক ফাংগাছতো আক্ৰান্ত হোৱাৰ পিছত মৃত্যুক সাৱটি লয়। মৰমী পত্নীৰ মৃত্যুৰ পিছতেই মানসিকভাবে ভাগি পৰিছিল গোপাল।

তেওঁলোকৰ আছিল ৪টিকৈ সন্তান। সন্তানকেইটিয়েও মাতৃক হেৰুৱাই দিনে-ৰাতিয়ে কান্দিছিল। মাহ-দিন বাগৰিছিল যদিও জয়াৰ স্বামী আৰু সন্তানে কোনোপধ্যেই সহজ হ'ব পৰা নাছিল। পৰা নাছিল নিয়তিৰ নিষ্ঠুৰ বিধানক মানি লৈ স্বাভাৱিক জীৱন কটাবলৈ। অৱশেষত তেওঁলোকে জয়াৰ কাষলৈ একেবাৰে গুচি যোৱাৰ সিদ্ধান্ত লয়।

আৰু পঢ়কঃ এসময়ত ফুটপাথতে খাইছিল, শুইছিল… এতিয়া সমগ্ৰ বিশ্বই তেওঁক দিছে ঘৰ

গোপাল হদিমানী(৪৬) আৰু তেওঁৰ চাৰিটা সন্তান ক্ৰমে সৌম্যা (১৯),শ্বেতা(১৬),সাক্ষী(১১)আৰু সৃজন হদিমানী(৮)এ শুকুৰবাৰে নিশা বিষপান কৰি আত্মহত্যা কৰে। পুৱা পৰিয়ালটোৰ কোনো সদস্যকে নেদেখি ওচৰৰ লোকে আৰক্ষীক খবৰ দিয়ে আৰু ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত আটাইকেইজনৰে মৃতদেহ উদ্ধাৰ কৰি আত্মীয়সকলক খবৰ দিয়ে। আত্মীয় তথা ওচৰ-চুবুৰীয়াই জনায় যে জয়াৰ মৃত্যুৰ পিছৰে পৰা তেওঁঁলোক একেবাৰে ভাগি গৈছিল। গোপালে পত্নী আৰু সন্তানকেইটিয়ে মাতৃৰ অবিহনে জীয়াই থকাটো সম্ভৱ নহয় বুলি প্ৰায়ে চিনাকি লোকসকলক কৈছিল। জয়াৰ কাষলৈ আমিও গুচি যাম বুলি কৈছিল তেওঁলোকে। ঘটনাটোৱে সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। আৰক্ষীয়ে শোকৱাহ ঘটনাটোৰ সন্দৰ্ভত তদন্ত আগবঢ়াই নিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
''ট্ৰিবিউট টু জুবিন গাৰ্গ: দ্য গ'ল্ডেন ভইচ''- প্ৰাণৰ শিল্পী জুবিন গাৰ্গক  TSeries-এ জনালে শ্ৰদ্ধাঞ্জলি
ব্ৰাহ্ম’ছ মিছাইলেৰে ভাৰতৰ টাৰ্গেটত সমগ্ৰ পাকিস্তান ; পাকিস্তানক হুংকাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ কঠোৰ পদক্ষেপ ; আগন্তুক ত্ৰিদেশীয় টি-২০ শৃংখলা বাতিল
গৰৈমাৰীত কলেজীয়া ছাত্ৰী হত্যাকাৰীৰ ফাঁচিৰ দাবীত পুৰুষ মহিলাৰ উত্তাল প্ৰতিবাদ
কাতি বিহুৰ দিনাই ৰঙাপৰাত গো মাংস উদ্ধাৰ ; দহজনীয়া দলৰ পলায়ন
'আপুনি এইটো কাম কৰা উচিত নহয় ...ইমানখিনি টকা আপোনালৈ যথেষ্ঠ নহয় নে ?' ধ্ৰুৱ ৰাথীৰ টাৰ্গেটত এইবাৰ শ্বাহৰূখ খান
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে