--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰিয়জনৰ মৃত্যু সদায়ে অসহনীয়। এই অসহনীয় বেদনা সহিব নোৱাৰি এটি পৰিয়ালে যি পদক্ষেপ ল'লে সেয়া শুনি সকলোৰে চকু সেমেকি উঠিছে। ব্লেক ফাংগাছত আক্ৰান্ত হৈ পত্নীৰ মৃত্যু হয় আৰু এই বেদনা সহিব নোৱাৰি অৱসৰপ্ৰাপ্ত এগৰাকী সৈনিক আৰু তেওঁলোকৰ চাৰিটাকৈ সন্তানে আত্মহত্যাৰ দৰে চৰম পথ বাচি লয়। এই অত্যন্ত মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে কৰ্ণাটক ৱেলগাবী জিলাৰ হুক্কেৰীত। গোপাল হদিমানী নামৰ অৱসৰপ্ৰাপ্ত সৈনিকজনৰ পত্নী জয়াই চলিত বৰ্ষৰ ৬ জুলাইত কোভিডত আক্ৰান্ত হোৱাৰ পিছত ব্লেক ফাংগাছতো আক্ৰান্ত হোৱাৰ পিছত মৃত্যুক সাৱটি লয়। মৰমী পত্নীৰ মৃত্যুৰ পিছতেই মানসিকভাবে ভাগি পৰিছিল গোপাল।

তেওঁলোকৰ আছিল ৪টিকৈ সন্তান। সন্তানকেইটিয়েও মাতৃক হেৰুৱাই দিনে-ৰাতিয়ে কান্দিছিল। মাহ-দিন বাগৰিছিল যদিও জয়াৰ স্বামী আৰু সন্তানে কোনোপধ্যেই সহজ হ'ব পৰা নাছিল। পৰা নাছিল নিয়তিৰ নিষ্ঠুৰ বিধানক মানি লৈ স্বাভাৱিক জীৱন কটাবলৈ। অৱশেষত তেওঁলোকে জয়াৰ কাষলৈ একেবাৰে গুচি যোৱাৰ সিদ্ধান্ত লয়।

আৰু পঢ়কঃ এসময়ত ফুটপাথতে খাইছিল, শুইছিল… এতিয়া সমগ্ৰ বিশ্বই তেওঁক দিছে ঘৰ

গোপাল হদিমানী(৪৬) আৰু তেওঁৰ চাৰিটা সন্তান ক্ৰমে সৌম্যা (১৯),শ্বেতা(১৬),সাক্ষী(১১)আৰু সৃজন হদিমানী(৮)এ শুকুৰবাৰে নিশা বিষপান কৰি আত্মহত্যা কৰে। পুৱা পৰিয়ালটোৰ কোনো সদস্যকে নেদেখি ওচৰৰ লোকে আৰক্ষীক খবৰ দিয়ে আৰু ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত আটাইকেইজনৰে মৃতদেহ উদ্ধাৰ কৰি আত্মীয়সকলক খবৰ দিয়ে। আত্মীয় তথা ওচৰ-চুবুৰীয়াই জনায় যে জয়াৰ মৃত্যুৰ পিছৰে পৰা তেওঁঁলোক একেবাৰে ভাগি গৈছিল। গোপালে পত্নী আৰু সন্তানকেইটিয়ে মাতৃৰ অবিহনে জীয়াই থকাটো সম্ভৱ নহয় বুলি প্ৰায়ে চিনাকি লোকসকলক কৈছিল। জয়াৰ কাষলৈ আমিও গুচি যাম বুলি কৈছিল তেওঁলোকে। ঘটনাটোৱে সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। আৰক্ষীয়ে শোকৱাহ ঘটনাটোৰ সন্দৰ্ভত তদন্ত আগবঢ়াই নিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক