--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এই পৃথিৱীত কেতিয়াবা এনে কিছুমান অবিশ্বাস্য ঘটনা সংঘটিত হয় যি ঘটনাই সকলোকে হতবাক কৰি তুলে। এইবাৰ এগৰাকী ৭০ বছৰীয়া বৃদ্ধাই বিশ্ববাসীক খুৱালে চমক। গুজৰাট কচ্চৰ জিবুনবেন ৰাবাৰী নামৰ ৭০ বছৰীয়া মহিলাগৰাকীয়ে এটি সুস্থ সবল জন্ম দি সকলোকে আচৰিত কৰি তুলিছে। স্বামীৰ নাম মালধাৰী। মালধাৰীৰ বয়স ৭৫। জিবুনবেন আৰু মালধাৰীয়ে ৪৫ বছৰ ধৰি সংসাৰ কৰি আছে।তেওঁলোকৰ কোনো সন্তান নাছিল। এটি সন্তানৰ পিতৃ-মাতৃ হোৱাৰ দুয়ো দেখিছিল ৰঙীন সপোন।

কোলাত সন্তান লৈ সুখৰ হাঁহি জিবুনবেন ৰাবাৰীৰ

কিন্তু এবছৰ, দুবছৰকৈ ৪৫ বছৰ বাগৰিল কিন্তু বহু চেষ্টাৰ মূৰতো এটি সন্তানৰ মুখ নেদেখিলে এইহাল পতি-পত্নীয়ে। কিন্তু আশা এৰা নাছিল মালধাৰী-জিবুনবেনে। এই বৃদ্ধ দম্পতীয়ে অৱশেষত আই ভি এফ (IVF) অথবা টেষ্ট টিউব পদ্ধতিৰে এটি সম্পূৰ্ণ সুস্থ সন্তান লাভ কৰিবলৈ সক্ষম হয়। যি একেবাৰে অসম্ভৱৰ লেখীয়া আছিল। চিকিৎসকে বাৰে বাৰে কৈছিল যে এয়া অসম্ভৱ। এই বয়সত সন্তান জন্ম দিয়াৰ কথা ভবাটো অলীক কল্পনাৰ বাদে একো নহয়। আই ভি এফ (IVF) পদ্ধতি ৪৫ বছৰীয়া মহিলাৰ বাবেই বহু কঠিন হৈ উঠে তেনেস্থলত ৭০ বছৰত এই কথা ভবাটোৱেই ভুল।

বহু ধৈৰ্য আৰু কষ্টৰ ফচল অৱশেষত পালে মালধাৰী-জিবুনবেনে

চিকিৎসকে বাৰে বাৰে বুজোৱাৰ পিছতো পিছে নাচোৰবান্দা মালধাৰী আৰু জিবুনবেন। তেওঁলোকে সন্তান জন্ম দিবই দিব। বয়স বহু হলেও ভগৱান আৰু চিকিৎসকৰ ওপৰত সম্পূৰ্ণ বিশ্বাস থকা বুলি কৈ চিকিৎসা আৰম্ভ কৰিবলৈ কয় এই পতি-পত্নী হালে।

আৰু পঢ়কঃ ‘তোমাৰ অবিহনে জীয়াই থকাটো অসম্ভৱ!’পত্নীৰ মৃত্যু শোকত চাৰি সন্তানৰ সৈতে স্বামীৰ আত্মহত্যা

চিকিৎসা বিজ্ঞানকো চমক খুৱালে জিবুনবেন ৰাবাৰীয়ে

অৱশেষত চিকিৎসা বিজ্ঞানকো আচৰিত কৰি তুলি এক সুস্থ-সবল পুত্ৰ সন্তান জন্ম দিয়ে জিবুনবেনে। বৰ্তমান মাতৃ আৰু সন্তান দুয়োৰে স্বাস্থ্য সম্পূৰ্ণ সুস্থ। মালধাৰী আৰু জিবুনবেনৰ দীৰ্ঘদিনীয়া সপোন অৱশেষত পূৰণ হ'ল। দুয়োৰে মুখত জিলিকি উঠেছে প্ৰাপ্তিৰ হাঁহি। সকলোৱে এই দম্পতীক শুভকামনাৰে উপচাই পেলাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি অসমীয়াৰ হেঁপাহৰ কাতি বিহু; মংগল হওক সকলোৰে
আপুনি Meta ৰ Messenger app ব্যৱহাৰ কৰে নেকি? শীঘ্ৰেই বন্ধ হ'ব এই Messenger App
বায়ুমণ্ডলত অভাৱনীয় হাৰত বৃদ্ধি কাৰ্বন-ডাই-অক্সাইড, বায়ুমণ্ডল, মহাসাগৰ, স্থলভাগৰ জীৱকুলৰ ভাৰসাম্য নোহোৱা হৈছে
জুবিনৰ স্থায়ী সমাধিক্ষেত্র, ফাষ্টট্রেক আদালত, মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
বাৰিষাতে ৰাজ্যত হ্রাস চাহৰ উৎপাদন, চাহ ব'ৰ্ডৰ উদ্বেগজনক তথ্য
IRCTCৰ ৱেবছাইট আৰু এপ ডাউন, চিন্তিত হাজাৰ হাজাৰ যাত্ৰী
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে