--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এই পৃথিৱীত কেতিয়াবা এনে কিছুমান অবিশ্বাস্য ঘটনা সংঘটিত হয় যি ঘটনাই সকলোকে হতবাক কৰি তুলে। এইবাৰ এগৰাকী ৭০ বছৰীয়া বৃদ্ধাই বিশ্ববাসীক খুৱালে চমক। গুজৰাট কচ্চৰ জিবুনবেন ৰাবাৰী নামৰ ৭০ বছৰীয়া মহিলাগৰাকীয়ে এটি সুস্থ সবল জন্ম দি সকলোকে আচৰিত কৰি তুলিছে। স্বামীৰ নাম মালধাৰী। মালধাৰীৰ বয়স ৭৫। জিবুনবেন আৰু মালধাৰীয়ে ৪৫ বছৰ ধৰি সংসাৰ কৰি আছে।তেওঁলোকৰ কোনো সন্তান নাছিল। এটি সন্তানৰ পিতৃ-মাতৃ হোৱাৰ দুয়ো দেখিছিল ৰঙীন সপোন।

কোলাত সন্তান লৈ সুখৰ হাঁহি জিবুনবেন ৰাবাৰীৰ

কিন্তু এবছৰ, দুবছৰকৈ ৪৫ বছৰ বাগৰিল কিন্তু বহু চেষ্টাৰ মূৰতো এটি সন্তানৰ মুখ নেদেখিলে এইহাল পতি-পত্নীয়ে। কিন্তু আশা এৰা নাছিল মালধাৰী-জিবুনবেনে। এই বৃদ্ধ দম্পতীয়ে অৱশেষত আই ভি এফ (IVF) অথবা টেষ্ট টিউব পদ্ধতিৰে এটি সম্পূৰ্ণ সুস্থ সন্তান লাভ কৰিবলৈ সক্ষম হয়। যি একেবাৰে অসম্ভৱৰ লেখীয়া আছিল। চিকিৎসকে বাৰে বাৰে কৈছিল যে এয়া অসম্ভৱ। এই বয়সত সন্তান জন্ম দিয়াৰ কথা ভবাটো অলীক কল্পনাৰ বাদে একো নহয়। আই ভি এফ (IVF) পদ্ধতি ৪৫ বছৰীয়া মহিলাৰ বাবেই বহু কঠিন হৈ উঠে তেনেস্থলত ৭০ বছৰত এই কথা ভবাটোৱেই ভুল।

বহু ধৈৰ্য আৰু কষ্টৰ ফচল অৱশেষত পালে মালধাৰী-জিবুনবেনে

চিকিৎসকে বাৰে বাৰে বুজোৱাৰ পিছতো পিছে নাচোৰবান্দা মালধাৰী আৰু জিবুনবেন। তেওঁলোকে সন্তান জন্ম দিবই দিব। বয়স বহু হলেও ভগৱান আৰু চিকিৎসকৰ ওপৰত সম্পূৰ্ণ বিশ্বাস থকা বুলি কৈ চিকিৎসা আৰম্ভ কৰিবলৈ কয় এই পতি-পত্নী হালে।

আৰু পঢ়কঃ ‘তোমাৰ অবিহনে জীয়াই থকাটো অসম্ভৱ!’পত্নীৰ মৃত্যু শোকত চাৰি সন্তানৰ সৈতে স্বামীৰ আত্মহত্যা

চিকিৎসা বিজ্ঞানকো চমক খুৱালে জিবুনবেন ৰাবাৰীয়ে

অৱশেষত চিকিৎসা বিজ্ঞানকো আচৰিত কৰি তুলি এক সুস্থ-সবল পুত্ৰ সন্তান জন্ম দিয়ে জিবুনবেনে। বৰ্তমান মাতৃ আৰু সন্তান দুয়োৰে স্বাস্থ্য সম্পূৰ্ণ সুস্থ। মালধাৰী আৰু জিবুনবেনৰ দীৰ্ঘদিনীয়া সপোন অৱশেষত পূৰণ হ'ল। দুয়োৰে মুখত জিলিকি উঠেছে প্ৰাপ্তিৰ হাঁহি। সকলোৱে এই দম্পতীক শুভকামনাৰে উপচাই পেলাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক