--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এগৰাকী মহিলা সাংবাদিকক এজন কেব চালকে চলালে নিৰ্যাতন। সাংবাদিকগৰাকীৰ লগতে তেওঁৰ বান্ধৱীকো নিৰ্যাতন চলালে চালকজনে। এই ঘটনা সংঘটিত হৈছে পশ্চিমবংগৰ কলকাতাৰ চল্টলেক অঞ্চলত। ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি, কেব চালকজনে সকলো যান-বাহনৰ নিয়ম ভংগ কৰি অতি তীব্ৰ গতিত গাড়ী চলাই গৈছিল। ইয়াৰ ফলত কথমপি দুৰ্ঘটনা হোৱাৰ পৰা ৰক্ষা পৰিছিল মহিলা সাংবাদিকগৰাকী। কাৰ্যালয়ৰ পৰা ঘৰলৈ আহি থকা সাংবাদিকগৰাকীয়ে তেওঁ নিজৰ স্কুটি ৰখাই চালকজনক এই সম্পৰ্কে সতৰ্ক কৰি দিছিল।

মহিলা সাংবাদিকগৰাকীৰ এই কথাত খৰ্গহস্ত হৈ পৰা কেব চালকজনে সাংবাদিকগৰাকীক নিৰ্যাতন চলায়। চালকজনে মহিলা সাংবাদিক গৰাকীক নিৰ্যাতন চলায়ে ক্ষান্ত নাথাকি তেওঁৰ লগত অহা বান্ধৱীজনীকো নিৰ্যাতন চলায়। এই ঘটনাৰ পাছতে মহিলা সাংবাদিকগৰাকীয়ে আৰক্ষী থানাত ঘটনা সংক্ৰান্তত এক অভিযোগ দাখিল কৰে। তেওঁৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে চালকজনক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।

সাংবাদিকগৰাকীয়ে বাহনখনৰ ফটো প্ৰদান কৰাৰ পিছত চালকজনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। চালকজনে পলাই যাবলৈ চেষ্টা কৰিছিল কিন্তু অতি ক্ষীপ্ৰতাৰে সাংবাদিকগৰাকীয়ে বাহনখনৰ ফটো তুলি ৰাখে, যাৰ ফলত আৰক্ষীয়ে অতি সহজে কেব চালকজনক জালত পেলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক