--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এগৰাকী মহিলা সাংবাদিকক এজন কেব চালকে চলালে নিৰ্যাতন। সাংবাদিকগৰাকীৰ লগতে তেওঁৰ বান্ধৱীকো নিৰ্যাতন চলালে চালকজনে। এই ঘটনা সংঘটিত হৈছে পশ্চিমবংগৰ কলকাতাৰ চল্টলেক অঞ্চলত। ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি, কেব চালকজনে সকলো যান-বাহনৰ নিয়ম ভংগ কৰি অতি তীব্ৰ গতিত গাড়ী চলাই গৈছিল। ইয়াৰ ফলত কথমপি দুৰ্ঘটনা হোৱাৰ পৰা ৰক্ষা পৰিছিল মহিলা সাংবাদিকগৰাকী। কাৰ্যালয়ৰ পৰা ঘৰলৈ আহি থকা সাংবাদিকগৰাকীয়ে তেওঁ নিজৰ স্কুটি ৰখাই চালকজনক এই সম্পৰ্কে সতৰ্ক কৰি দিছিল।

মহিলা সাংবাদিকগৰাকীৰ এই কথাত খৰ্গহস্ত হৈ পৰা কেব চালকজনে সাংবাদিকগৰাকীক নিৰ্যাতন চলায়। চালকজনে মহিলা সাংবাদিক গৰাকীক নিৰ্যাতন চলায়ে ক্ষান্ত নাথাকি তেওঁৰ লগত অহা বান্ধৱীজনীকো নিৰ্যাতন চলায়। এই ঘটনাৰ পাছতে মহিলা সাংবাদিকগৰাকীয়ে আৰক্ষী থানাত ঘটনা সংক্ৰান্তত এক অভিযোগ দাখিল কৰে। তেওঁৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে চালকজনক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।

সাংবাদিকগৰাকীয়ে বাহনখনৰ ফটো প্ৰদান কৰাৰ পিছত চালকজনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। চালকজনে পলাই যাবলৈ চেষ্টা কৰিছিল কিন্তু অতি ক্ষীপ্ৰতাৰে সাংবাদিকগৰাকীয়ে বাহনখনৰ ফটো তুলি ৰাখে, যাৰ ফলত আৰক্ষীয়ে অতি সহজে কেব চালকজনক জালত পেলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামপুৰত ১৬টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ আটক সৰবৰাহকাৰী ইছাফিল হক
উপ-ৰাষ্ট্ৰপতি পদৰ দৌৰত কুটিলতা, জগদীপ ধনখড়ৰ পাছত কোন হ’ব উপ-ৰাষ্ট্ৰপতি
নেদেখা নদীৰ সিপাৰৰ শেৱালিৰ সুৱাস বিচাৰি গুচি যোৱা এবছৰ হ'ল ৰমেন বৰুৱাৰ!, অপেক্ষা...পুনৰ উভতি অহাৰ
নতুন মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰৰ শপতগ্ৰহণ
যকৃতৰ সমস্যাত ভূগিছে নেকি?
উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ পদত্যাগ
জয়ৰ সুযোগ থকা সত্ত্বেও পৰাস্ত ভাৰত
'বগা-ক'লা' বৈষম্যৰ বিৰুদ্ধে মাত মতা প্রাক্তন মিছ পুডুচেৰীৰ আত্মহত্যা
১৬০০ কোটি টকাৰ বাম্পাৰ পেকেজ! মাৰ্ক জুকাৰবাৰ্গে কাক দিলে ইমান টকা দৰমহা…
কাৰাগাৰত মৌলবাদৰ প্ৰসাৰক লৈ উদ্বিগ্ন কেন্দ্ৰ ; নিয়ন্ত্ৰণৰ বাবে ৰাজ্যসমূহলৈ পত্ৰ
ভাৰতবাসীৰ বাবে নীৰৱ ঘাতক হৈ পৰিছে নিমখ
মণিপুৰত আৰক্ষী বৃহৎ তালাচীত ৮৬টা অস্ত্র, ৯৭৪টা গ্ৰেনেড-গোলা উদ্ধাৰ
পিতৃ-মাতৃ হ’ল সিদ্ধাৰ্থ-কিয়াৰা, অনুৰাগীৰ মাজত আনন্দৰ লহৰ
ডিমা হাছাওত প্ৰচণ্ড ভূমিস্খলনত দুই জন লোকৰ মৃত্যু