--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য মহিলা ভোটাৰক টাৰ্গেট কৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছে৷ কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে বুধবাৰে পাঁচটা ‘মহিলা ন্যায়’ গেৰাণ্টি ঘোষণা কৰে, যাৰ ভিতৰত আছে দৰিদ্ৰ মহিলাসকলৰ বাবে বাৰ্ষিক ১ লাখ টকাৰ আৰ্থিক সাহায্য আৰু আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছ ক্ষমতালৈ আহিলে চৰকাৰী চাকৰিত ৫০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা৷

ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে প্ৰতিশ্ৰুতি দি কয় যে যদি কংগ্ৰেছ শাসনলৈ আহে, তেন্তে দলটোৱে সংৰক্ষণৰ ওপৰত থকা ৫০ শতাংশৰ সীমা দূৰ কৰিবলৈ এক সাংবিধানিক সংশোধনী আনিব।

মহাৰাষ্ট্ৰৰ ধুলে জিলাত ভাৰত জোদো ন্যায় যাত্ৰাৰ অংশ হিচাপে এক মহিলা সমদলক সম্বোধন কৰি ৰাহুল গান্ধীয়ে পাঁচটা মহিলা ন্যায় গেৰাণ্টি ঘোষণা কৰে।
তেওঁ কয় যে দৰিদ্ৰ মহিলাসকলৰ বেংক একাউণ্টত বছৰি ১ লাখ টকা জমা কৰা হ’ব আৰু তেওঁৰ দলে চৰকাৰী চাকৰিত মহিলাসকলক ৫০ শতাংশ সংৰক্ষণ প্ৰদান কৰিব।

গান্ধীয়ে লগতে প্ৰতিশ্ৰুতি দিয়ে যে আশাকৰ্মী আৰু অংগনৱাড়ী কৰ্মী আৰু মধ্যাহ্ন ভোজন আঁচনিত কাম কৰা মহিলাসকলৰ বাবে বাজেটত কেন্দ্ৰীয় চৰকাৰৰ অংশ দুগুণ কৰা হ’ব। মহিলাসকলক তেওঁলোকৰ অধিকাৰৰ বিষয়ে শিক্ষিত আৰু সজাগ কৰিবলৈ আৰু তেওঁলোকৰ গোচৰৰ যুঁজত সহায় কৰিবলৈ একোগৰাকীকৈ নোডেল বিষয়া নিয়োগ কৰা হ’ব৷ 

দেশৰ প্ৰতিখন জিলাতে মহিলাসকলৰ বাবে সাবিত্ৰীবাই ফুলে হোষ্টেল স্থাপন কৰা হ’ব বুলি গান্ধীয়ে তেওঁৰ পাঁচটা গেৰাণ্টিৰ বিষয়ে বৰ্ণনা কৰি কয়।

কৃষক, যুৱ আৰু মহিলাসকলে কোৱাৰ পাছত মণিপুৰৰ পৰা মুম্বাইলৈ দ্বিতীয় যাত্ৰাত ‘ন্যায়’ শব্দটো যোগ কৰা হৈছে বুলি উল্লেখ কৰি ৰাহুলে কয় যে হিংসা, ঘৃণা অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ মিছিল আগুৱাইছে৷ তেওঁ দাবী কৰে যে ১৬ লাখ কোটি টকা উদ্যোগপতিক ৰেহাই দিয়া হৈছে, কিন্তু কৃষক আৰু যুৱসকলৰ ঋণ ৰেহাই দিয়া হোৱা নাই বুলি তেওঁ কয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে