--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য মহিলা ভোটাৰক টাৰ্গেট কৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছে৷ কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে বুধবাৰে পাঁচটা ‘মহিলা ন্যায়’ গেৰাণ্টি ঘোষণা কৰে, যাৰ ভিতৰত আছে দৰিদ্ৰ মহিলাসকলৰ বাবে বাৰ্ষিক ১ লাখ টকাৰ আৰ্থিক সাহায্য আৰু আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছ ক্ষমতালৈ আহিলে চৰকাৰী চাকৰিত ৫০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা৷

ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে প্ৰতিশ্ৰুতি দি কয় যে যদি কংগ্ৰেছ শাসনলৈ আহে, তেন্তে দলটোৱে সংৰক্ষণৰ ওপৰত থকা ৫০ শতাংশৰ সীমা দূৰ কৰিবলৈ এক সাংবিধানিক সংশোধনী আনিব।

মহাৰাষ্ট্ৰৰ ধুলে জিলাত ভাৰত জোদো ন্যায় যাত্ৰাৰ অংশ হিচাপে এক মহিলা সমদলক সম্বোধন কৰি ৰাহুল গান্ধীয়ে পাঁচটা মহিলা ন্যায় গেৰাণ্টি ঘোষণা কৰে।
তেওঁ কয় যে দৰিদ্ৰ মহিলাসকলৰ বেংক একাউণ্টত বছৰি ১ লাখ টকা জমা কৰা হ’ব আৰু তেওঁৰ দলে চৰকাৰী চাকৰিত মহিলাসকলক ৫০ শতাংশ সংৰক্ষণ প্ৰদান কৰিব।

গান্ধীয়ে লগতে প্ৰতিশ্ৰুতি দিয়ে যে আশাকৰ্মী আৰু অংগনৱাড়ী কৰ্মী আৰু মধ্যাহ্ন ভোজন আঁচনিত কাম কৰা মহিলাসকলৰ বাবে বাজেটত কেন্দ্ৰীয় চৰকাৰৰ অংশ দুগুণ কৰা হ’ব। মহিলাসকলক তেওঁলোকৰ অধিকাৰৰ বিষয়ে শিক্ষিত আৰু সজাগ কৰিবলৈ আৰু তেওঁলোকৰ গোচৰৰ যুঁজত সহায় কৰিবলৈ একোগৰাকীকৈ নোডেল বিষয়া নিয়োগ কৰা হ’ব৷ 

দেশৰ প্ৰতিখন জিলাতে মহিলাসকলৰ বাবে সাবিত্ৰীবাই ফুলে হোষ্টেল স্থাপন কৰা হ’ব বুলি গান্ধীয়ে তেওঁৰ পাঁচটা গেৰাণ্টিৰ বিষয়ে বৰ্ণনা কৰি কয়।

কৃষক, যুৱ আৰু মহিলাসকলে কোৱাৰ পাছত মণিপুৰৰ পৰা মুম্বাইলৈ দ্বিতীয় যাত্ৰাত ‘ন্যায়’ শব্দটো যোগ কৰা হৈছে বুলি উল্লেখ কৰি ৰাহুলে কয় যে হিংসা, ঘৃণা অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ মিছিল আগুৱাইছে৷ তেওঁ দাবী কৰে যে ১৬ লাখ কোটি টকা উদ্যোগপতিক ৰেহাই দিয়া হৈছে, কিন্তু কৃষক আৰু যুৱসকলৰ ঋণ ৰেহাই দিয়া হোৱা নাই বুলি তেওঁ কয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী