--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশজুৰি সঘনাই সলনি হৈছে বতৰ৷ আহিছে ইটোৰ পাছত সিটো পশ্চিমীয়া ধুমুহাৰ সতৰ্কবাণী। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আগজাননী অনুসৰি অহা তিনিদিনত মেঘালয়, নগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বৃষ্টিপাতৰ সম্ভাৱনা আছে। আগন্তুক ৩দিনত অসমতো প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা আছে।

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে মঙলবাৰে আগজাননীযোগে প্ৰকাশ কৰিছে যে পশ্চিমীয়া ধুমুহাই উত্তৰ-পশ্চিম ভাৰতৰ বতৰত প্ৰভাৱ পেলাব।

১৩ আৰু ১৪ মাৰ্চত জন্মু-কাশ্মীৰ লাডাখ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ডত বজ্ৰপাতৰ আশংকা কৰা হৈছে৷ ভাৰতৰ উত্তৰ-পশ্চিম প্ৰান্তৰ পশ্চিম ঘূৰ্ণীবতাহৰ প্ৰভাৱৰ বাবে আজি পঞ্জাব, হাৰিয়ানা, চণ্ডীগড়, উত্তৰ প্ৰদেশ আৰু ৰাজস্থানৰ কিছু অংশত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷

আনহাতে, ১৪ মাৰ্চলৈকে পশ্চিম বংগ আৰু ছিকিমত পাতলীয়া বৰষুণৰ আগজাননী প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে। 

বতৰ বিজ্ঞান বিভাগে ১৪ মাৰ্চৰ পৰা ১৭ মাৰ্চলৈ ওড়িশাত পাতলীয়া বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে৷ একেদৰে, ১৬ আৰু ১৭ মাৰ্চত ঝাৰখণ্ড, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ অঞ্চলবিশেষতো পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু