--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কল এবিধ পুষ্টিকৰ ফল।  কলত শৰীৰৰ বহুতো গুৰুত্বপূৰ্ণ পুষ্টি থাকে।  কলে আমাৰ ভোক নিবাৰণ কৰে। বহুতে কয় যে   পিচিঅ'এছ বা পলিচিষ্টিক অভাৰিয়ান চিণ্ড্ৰোম থকা মহিলাসকলে বেছি কল খাব নালাগে।পিচিঅ'এছ হৈছে এক ৰোগ, য'ত মহিলাৰ শৰীৰত হৰমনৰ তাৰতম্য ঘটে। 

 ফলস্বৰূপে, মহিলাৰ  ডিম্বাশয় ডাঙৰ হৈ পৰিব পাৰে। কিছু ক্ষেত্ৰত  সৰু চিষ্টো সৃষ্টি হ’ব পাৰে।  এই ৰোগৰ এটা অন্যতম কাৰণ হৈছে মেদবহুলতা বা ওজন বৃদ্ধি, অনিয়মীয়া খাদ্যাভ্যাস, ব্যায়াম বা শাৰীৰিক শ্ৰমৰ অভাৱ ইত্যাদি। এইবোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ এটা উপায় হৈছে  দৈনন্দিন খাদ্যাভ্যাস  সঠিক কৰি তোলা। যিসকলৰ পিচিঅ'এছ আছে, তেওঁলোকে কল কমাই খোৱাই ভাল বুলি বহুতেই  কয়। বহুতৰ মতে কলে ওজন বৃদ্ধি কৰে বাবেই পিচিঅ'এছ থকাসকলে কল খাব নালাগে। কিন্তু সেয়া সঁচা নহয়। 

ক’লে ওজন হ্ৰাস কৰাতহে সহায় কৰে।  কিন্তু বিশেষজ্ঞসকলৰ মতে   পিচিঅ'এছ থকাসকলে কল খালে দেহত ইনচুলিন প্ৰতিৰোধৰ মাত্ৰা বেছি হ’ব পাৰে। কাৰণ কলে ইনচুলিন প্ৰতিৰোধত সহায় কৰে।  ইনচুলিন প্ৰতিৰোধ হৈছে শৰীৰত ইনচুলিন উৎপাদন হয়, কিন্তু শৰীৰে ইয়াক ব্যৱহাৰ কৰিব নোৱাৰে। ওজন বেছি বা মেদবহুলতা থকা লোকৰ ক্ষেত্ৰত ইনচুলিন প্ৰতিৰোধৰ ঘটনা বেছিকৈ হয়। গতিকে  পিচিঅ'এছ থকাসকলে প্ৰতিদিনে কল খালে  ইনচুলিন প্ৰতিৰোধৰ প্ৰৱণতা বৃদ্ধি পাব পাৰে। 

 বিশেষজ্ঞসকলৰ মতে পিচিঅ'এছ  থকাসকলে সেয়ে কমাই কল খোৱা ভাল। কলত প্ৰচুৰ  পটাছিয়াম, মেগনেছিয়াম আদি থাকে। ইয়াৰ উপৰি আঁহৰ এটা উৎস হৈছে কল। কলত  দ্ৰৱণীয় আৰু অদ্ৰৱণীয় আঁহ থাকে। এইবোৰে  ওজন বৃদ্ধি নকৰে, কিন্তু ওজন  হ্ৰাস কৰাতহে সহায় কৰে।কলত চেনী বা কাৰ্বোহাইড্ৰেট অধিক থাকে। কলত প্ৰকৃততে প্ৰাকৃতিক চেনী থাকে। এই প্ৰাকৃতিক চেনী সমৃদ্ধ কল  অধিক স্বাস্থ্যকৰ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু