--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৰাজ্যখনত জনসংখ্যা নিয়ন্ত্ৰণৰ সম্পৰ্কত এটা লক্ষ্যণীয় ভাষ্য প্ৰদান কৰিছে। তেওঁ কৈছে যে মহিলাসকল 'অশিক্ষিত' আৰু পুৰুষসকল 'উদাসীন', সেইকাৰণে ৰাজ্যখনৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাই। তাৰপাছতে সৃষ্টি হৈছে বিতৰ্কৰ।

'সমাধান যাত্ৰা' নামৰ এটা কাৰ্যসূচীৰ সময়ত শনিবাৰে বিহাৰৰ বৈশালী অঞ্চলত এখন ৰাজহুৱা সভাত ভাষণ দি জেডি(ইউ)ৰ মুৰব্বীয়ে এই মন্তব্য কৰে। নীতিশে কয়- "যদি মহিলাসকল শিক্ষিত হ'লহেঁতেন, জন্মৰ হাৰ হ্ৰাস পালেহেঁতেন। এয়াই বাস্তৱ। আজিকালি মহিলাসকল শিক্ষিত নহয়।’’

তাতেই শেষ নহয়। নীতিশে এইদৰেও কৈছে- "যদি মহিলাসকল শিক্ষিত হ'লহেঁতেন, তেওঁলোকে জানিব পাৰিলেহেঁতেন যে তেওঁলোক গৰ্ভাৱস্থা প্ৰতিহত কৰিবলৈ কি কৰিব লাগে। তেওঁলোকে এই বিষয়ে অৱগত হোৱা হ’লে! মানুহবোৰ উদাসীন।’’

বিহাৰৰ মুখ্যমন্ত্ৰীৰ এই মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছে। বিৰোধী বিজেপিয়ে নীতিশৰ মন্তব্যক সমালোচনা কৰিছে। বিহাৰৰ বিৰোধী দলপতি সম্ৰাট চৌধুৰীয়ে টুইট কৰি কয়, "মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ব্যৱহাৰ কৰা শব্দবোৰ অসংবেদনশীল। এনে শব্দ ব্যৱহাৰ কৰি তেওঁ মুখ্যমন্ত্ৰীৰ পদক কলংকিত কৰিছে। ''

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
বৰপেটাৰোডত অবৈধ ৬ টকীয়া লটাৰী টিকট বিক্ৰেতাক আটক
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন