--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বৰ্তমান সময় হৈছে প্ৰতিযোগিতাৰ। এই প্ৰতিযোগিতাৰ বাবে এতিয়া পুৰুষ-মহিলা উভয়ে দৌৰিছে সফলতাৰ পাছত। বিশেষকৈ মহিলাসকলে ঘৰৰ কামৰ সমানে সমানে চম্ভালিবলগীয়া হৈছে নিজৰ কেৰিয়াৰো। এনে পৰিস্থিতিত কৰ্মৰত মহিলাসকলে নিজৰ যত্ন কমকৈ লোৱা দেখা যায়, যাৰ ফলত তেওঁ বহুতো স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।

 দৰাচলতে মহিলাসকলে হাড়ৰ স্বাস্থ্যৰ যতন লোৱাটো অতিশয় জৰুৰী হৈ পৰে। বিশেষকৈ স্তনপান কৰোৱা মহিলাসকলৰ ক্ষেত্ৰত ই বেছিকৈ প্ৰযোজ্য। তেওঁলোকে দৈনিক ব্যায়ামৰ লগতে আহাৰৰ পৰিৱৰ্তনৰ ওপৰতো বহু কথা নিৰ্ভৰ কৰে। ইয়াৰ উপৰি সময়ৰ অভাৱৰ বাবেই হওক বা অন্য কাৰণতে হওক এটা ডাঙৰ সমস্যা হ’ল ৰ’দ নোলাৱা। ইয়াৰ ফলত ভিটামিন-ডি অভাৱ হোৱা দেখিবলৈ পোৱা যায়। ইয়াৰ সমান্তৰালকৈ বহু মহিলা অষ্টিঅ’পৰোছিছৰ দৰে হাড়ৰ সমস্যাতো ভোগা দেখা যায়।

 উল্লেখ্য যে হাড়ৰ স্বাস্থ্যৰ বাবে কেলছিয়াম আৰু ভিটামিন-ডিসমৃদ্ধ খাদ্যৰ বিষয়ে সজাগ হ’ব লাগিব। কেলছিয়ামসমৃদ্ধ খাদ্য যেনে-গাখীৰ, দৈ, পালেং শাক, কাঠবাদাম আদি। আনহাতে ভিটামিন-ডিযুক্ত খাদ্য যেনে-চাৰ্ডিন, ছালমন, আদি তালিকাত অন্তৰ্ভুক্ত কৰা উচিত। কেলচিয়াম খনিজকৰণ আৰু হাড়ৰ খনিজকৰণৰ বাবে ব্যায়ামৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ইয়াৰ লগতে ভিটামিন-ডি আৰু ভিটামিন-কেয়ে হাড় শক্তিশালী কৰাত সহায় কৰে।

চিকিৎসকে কি কয়?
বৃদ্ধসকলৰ শৰীৰত অষ্টিঅ’পোৰোচিছৰ দৰে সমস্যা দেখা যাব পাৰে। ইয়াক সম্পূৰ্ণৰূপে প্ৰতিৰোধ কৰা সম্ভৱ নহয়, কিন্তু ইয়াৰ প্ৰভাৱ কিছু পৰিমাণে হ্ৰাস কৰিব পাৰি। অষ্টিঅ’পোৰোচিছ হৈছে এনে এক সমস্যা যি মহিলাৰ অত্যধিক হাড় ক্ষতি হয় আৰু এইটো মুখ্যতঃ ৰজোনিবৃত্তিৰ সময়ত হৰম’নৰ ভাৰসাম্যহীনতাৰ বাবে হয়। ৬০ বছৰৰ অধিক বয়সৰ পুৰুষৰ ক্ষেত্ৰত হাড়ৰ দ্ৰুত খনিজকৰণ প্ৰক্ৰিয়াৰ ফলত অষ্টিঅ’পোৰোচিছ হয়। মহিলাৰ ৰজোনিবৃত্তিৰ সময়ত হৰ্মোনেল থেৰাপীৰ জৰিয়তে ইয়াক প্ৰতিৰোধ কৰিব পাৰি। ইয়াৰ বাবে এজন বিশেষজ্ঞৰ সহায় লোৱা উচিত। ইয়াৰ ফলত ডিইএক্সএ স্কেন আৰু কেইটামান তেজ পৰীক্ষাৰ জৰিয়তে ৰোগটো নিৰ্ণয় কৰা সম্ভৱ।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement