--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বৰ্তমান সময় হৈছে প্ৰতিযোগিতাৰ। এই প্ৰতিযোগিতাৰ বাবে এতিয়া পুৰুষ-মহিলা উভয়ে দৌৰিছে সফলতাৰ পাছত। বিশেষকৈ মহিলাসকলে ঘৰৰ কামৰ সমানে সমানে চম্ভালিবলগীয়া হৈছে নিজৰ কেৰিয়াৰো। এনে পৰিস্থিতিত কৰ্মৰত মহিলাসকলে নিজৰ যত্ন কমকৈ লোৱা দেখা যায়, যাৰ ফলত তেওঁ বহুতো স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।

 দৰাচলতে মহিলাসকলে হাড়ৰ স্বাস্থ্যৰ যতন লোৱাটো অতিশয় জৰুৰী হৈ পৰে। বিশেষকৈ স্তনপান কৰোৱা মহিলাসকলৰ ক্ষেত্ৰত ই বেছিকৈ প্ৰযোজ্য। তেওঁলোকে দৈনিক ব্যায়ামৰ লগতে আহাৰৰ পৰিৱৰ্তনৰ ওপৰতো বহু কথা নিৰ্ভৰ কৰে। ইয়াৰ উপৰি সময়ৰ অভাৱৰ বাবেই হওক বা অন্য কাৰণতে হওক এটা ডাঙৰ সমস্যা হ’ল ৰ’দ নোলাৱা। ইয়াৰ ফলত ভিটামিন-ডি অভাৱ হোৱা দেখিবলৈ পোৱা যায়। ইয়াৰ সমান্তৰালকৈ বহু মহিলা অষ্টিঅ’পৰোছিছৰ দৰে হাড়ৰ সমস্যাতো ভোগা দেখা যায়।

 উল্লেখ্য যে হাড়ৰ স্বাস্থ্যৰ বাবে কেলছিয়াম আৰু ভিটামিন-ডিসমৃদ্ধ খাদ্যৰ বিষয়ে সজাগ হ’ব লাগিব। কেলছিয়ামসমৃদ্ধ খাদ্য যেনে-গাখীৰ, দৈ, পালেং শাক, কাঠবাদাম আদি। আনহাতে ভিটামিন-ডিযুক্ত খাদ্য যেনে-চাৰ্ডিন, ছালমন, আদি তালিকাত অন্তৰ্ভুক্ত কৰা উচিত। কেলচিয়াম খনিজকৰণ আৰু হাড়ৰ খনিজকৰণৰ বাবে ব্যায়ামৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ইয়াৰ লগতে ভিটামিন-ডি আৰু ভিটামিন-কেয়ে হাড় শক্তিশালী কৰাত সহায় কৰে।

চিকিৎসকে কি কয়?
বৃদ্ধসকলৰ শৰীৰত অষ্টিঅ’পোৰোচিছৰ দৰে সমস্যা দেখা যাব পাৰে। ইয়াক সম্পূৰ্ণৰূপে প্ৰতিৰোধ কৰা সম্ভৱ নহয়, কিন্তু ইয়াৰ প্ৰভাৱ কিছু পৰিমাণে হ্ৰাস কৰিব পাৰি। অষ্টিঅ’পোৰোচিছ হৈছে এনে এক সমস্যা যি মহিলাৰ অত্যধিক হাড় ক্ষতি হয় আৰু এইটো মুখ্যতঃ ৰজোনিবৃত্তিৰ সময়ত হৰম’নৰ ভাৰসাম্যহীনতাৰ বাবে হয়। ৬০ বছৰৰ অধিক বয়সৰ পুৰুষৰ ক্ষেত্ৰত হাড়ৰ দ্ৰুত খনিজকৰণ প্ৰক্ৰিয়াৰ ফলত অষ্টিঅ’পোৰোচিছ হয়। মহিলাৰ ৰজোনিবৃত্তিৰ সময়ত হৰ্মোনেল থেৰাপীৰ জৰিয়তে ইয়াক প্ৰতিৰোধ কৰিব পাৰি। ইয়াৰ বাবে এজন বিশেষজ্ঞৰ সহায় লোৱা উচিত। ইয়াৰ ফলত ডিইএক্সএ স্কেন আৰু কেইটামান তেজ পৰীক্ষাৰ জৰিয়তে ৰোগটো নিৰ্ণয় কৰা সম্ভৱ।






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু