--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বয়সৰ লগে লগে শৰীৰত বহু ৰোগে প্ৰভাৱ পেলায়। ইয়াৰ ভিতৰত অন্যতম হৈছে থাইৰয়ড। সমগ্ৰ বিশ্বতে কমেও ১২ শতাংশ লোক থাইৰয়ডজনিত সমস্যাত ভুগি আছে। পুৰুষ আৰু মহিলা নিৰ্বিশেষে থাইৰয়ড আক্ৰান্ত ৰোগীৰ সংখ্যা কম নহয়। এই ধৰণৰ দীৰ্ঘদিনীয়া সমস্যা সাধাৰণতে বয়সৰ লগে লগে বাঢ়ি যায়।

 থাইৰয়ড গ্ৰন্থিৰ দ্বাৰা উৎপন্ন হোৱা থাইৰ’ক্সিন হৰম’নৰ মাত্ৰা অতি বেছি বা অতি কম হ’লে এই সমস্যাৰ সৃষ্টি হয়। এই হৰম’ন মূলতঃ বিপাকীয় ক্ৰিয়াত আৰু শৰীৰৰ বিভিন্ন অংশ গঠনৰ বাবে গুৰুত্বপূৰ্ণ। শৰীৰত যেতিয়া এই হৰম’নৰ মাত্ৰা অতি বেছি বা অতি কম হয় তেতিয়া ই শাৰীৰিক সমস্যাৰ সৃষ্টি কৰে। থাইৰয়ড নিয়ন্ত্ৰণত ৰখাটো গুৰুত্বপূৰ্ণ। থাইৰয়ড নিয়ন্ত্ৰণত ৰাখিবলৈ নিয়মিতভাৱে ঔষধ সেৱন কৰাৰ লগতে থাইৰয়ড নিয়ন্ত্ৰণত ৰাখিবলৈ কিছুমান ঘৰুৱা উপায় আছে। প্ৰতি নিশা শোৱাৰ আগতে যদি এইসমূহ নিয়ম পালন কৰে, তেন্তে থাইৰয়ড নিয়ন্ত্ৰণত ৰখাটো সহজ হৈ পৰে।

 ১. তিয়াই থোৱা কাজুঃ-কাজুৱে কেৱল ৰন্ধা-বঢ়াত সোৱাদ কৰাই নহয়, থাইৰয়ডৰ সৈতেও মোকাবিলা কৰিব পাৰে। কাজুত চেলেনিয়াম নামৰ খনিজ পদাৰ্থ থাকে, যিয়ে থাইৰয়ডৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে। কাজুয়ে ষ্ট্ৰেছ হৰম’ন নামেৰে জনাজাত অক্সিডেটিভ হৰম’নৰ নিঃসৰণো নিয়ন্ত্ৰণ কৰে।

২. নাৰিকলঃ-নাৰিকলত অধিক পৰিমাণৰ ফেটি এচিড থাকে। যিটো হজম শক্তি উন্নত কৰাৰ লগতে শৰীৰক সবল কৰি ৰখাৰ বাবে অতি উপযোগী। এই এচিডে থাইৰয়ডৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। ফলত দীৰ্ঘদিন ধৰি থাইৰয়ডৰ সমস্যাত ভুগি থকাসকলে প্ৰতি নিশা শোৱা আগতে নাৰিকল খাব পাৰে।

৩. চিয়া গুটিঃ-থাইৰয়ডৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ আপুনি ওমেগা-৩ ফেটি এচিডযুক্ত চিয়া বীজ ব্যৱহাৰ কৰিব পাৰে। এই বীজৰ পৰা আমি স্বাস্থ্যজনিত  বহুতো উপকাৰ পাওঁ ওজন হ্ৰাসৰ পৰা ডায়েবেটিছ নিয়ন্ত্ৰণলৈকে—চিয়া বীজ অবিশ্বাস্যভাৱে উপকাৰী। থাইৰয়ড ৰোগত দীৰ্ঘদিন ধৰি হৈ থাকিলে চিয়া বীজ ব্যৱহাৰ কৰি সুস্থ হৈ থাকিব পাৰে।

৪. ৰঙালাও গুটিঃ-জিংকসমৃদ্ধ ৰঙালাও গুটি থাইৰয়ডৰ অন্যতম ঔষধ। এই বীজবোৰে থাইৰক্সিন হৰম’নৰ নিঃসৰণত সহায় কৰে। ইয়াৰ উপৰি এই বীজত ট্ৰিপট’ফেন নামৰ এমিনো এচিড থাকে, যিটো থাইৰয়ডৰ বিৰুদ্ধে যুঁজ দিয়াৰ অন্যতম আহিলা হ’ব পাৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু