--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বয়সৰ লগে লগে শৰীৰত বহু ৰোগে প্ৰভাৱ পেলায়। ইয়াৰ ভিতৰত অন্যতম হৈছে থাইৰয়ড। সমগ্ৰ বিশ্বতে কমেও ১২ শতাংশ লোক থাইৰয়ডজনিত সমস্যাত ভুগি আছে। পুৰুষ আৰু মহিলা নিৰ্বিশেষে থাইৰয়ড আক্ৰান্ত ৰোগীৰ সংখ্যা কম নহয়। এই ধৰণৰ দীৰ্ঘদিনীয়া সমস্যা সাধাৰণতে বয়সৰ লগে লগে বাঢ়ি যায়।

 থাইৰয়ড গ্ৰন্থিৰ দ্বাৰা উৎপন্ন হোৱা থাইৰ’ক্সিন হৰম’নৰ মাত্ৰা অতি বেছি বা অতি কম হ’লে এই সমস্যাৰ সৃষ্টি হয়। এই হৰম’ন মূলতঃ বিপাকীয় ক্ৰিয়াত আৰু শৰীৰৰ বিভিন্ন অংশ গঠনৰ বাবে গুৰুত্বপূৰ্ণ। শৰীৰত যেতিয়া এই হৰম’নৰ মাত্ৰা অতি বেছি বা অতি কম হয় তেতিয়া ই শাৰীৰিক সমস্যাৰ সৃষ্টি কৰে। থাইৰয়ড নিয়ন্ত্ৰণত ৰখাটো গুৰুত্বপূৰ্ণ। থাইৰয়ড নিয়ন্ত্ৰণত ৰাখিবলৈ নিয়মিতভাৱে ঔষধ সেৱন কৰাৰ লগতে থাইৰয়ড নিয়ন্ত্ৰণত ৰাখিবলৈ কিছুমান ঘৰুৱা উপায় আছে। প্ৰতি নিশা শোৱাৰ আগতে যদি এইসমূহ নিয়ম পালন কৰে, তেন্তে থাইৰয়ড নিয়ন্ত্ৰণত ৰখাটো সহজ হৈ পৰে।

 ১. তিয়াই থোৱা কাজুঃ-কাজুৱে কেৱল ৰন্ধা-বঢ়াত সোৱাদ কৰাই নহয়, থাইৰয়ডৰ সৈতেও মোকাবিলা কৰিব পাৰে। কাজুত চেলেনিয়াম নামৰ খনিজ পদাৰ্থ থাকে, যিয়ে থাইৰয়ডৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে। কাজুয়ে ষ্ট্ৰেছ হৰম’ন নামেৰে জনাজাত অক্সিডেটিভ হৰম’নৰ নিঃসৰণো নিয়ন্ত্ৰণ কৰে।

২. নাৰিকলঃ-নাৰিকলত অধিক পৰিমাণৰ ফেটি এচিড থাকে। যিটো হজম শক্তি উন্নত কৰাৰ লগতে শৰীৰক সবল কৰি ৰখাৰ বাবে অতি উপযোগী। এই এচিডে থাইৰয়ডৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। ফলত দীৰ্ঘদিন ধৰি থাইৰয়ডৰ সমস্যাত ভুগি থকাসকলে প্ৰতি নিশা শোৱা আগতে নাৰিকল খাব পাৰে।

৩. চিয়া গুটিঃ-থাইৰয়ডৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ আপুনি ওমেগা-৩ ফেটি এচিডযুক্ত চিয়া বীজ ব্যৱহাৰ কৰিব পাৰে। এই বীজৰ পৰা আমি স্বাস্থ্যজনিত  বহুতো উপকাৰ পাওঁ ওজন হ্ৰাসৰ পৰা ডায়েবেটিছ নিয়ন্ত্ৰণলৈকে—চিয়া বীজ অবিশ্বাস্যভাৱে উপকাৰী। থাইৰয়ড ৰোগত দীৰ্ঘদিন ধৰি হৈ থাকিলে চিয়া বীজ ব্যৱহাৰ কৰি সুস্থ হৈ থাকিব পাৰে।

৪. ৰঙালাও গুটিঃ-জিংকসমৃদ্ধ ৰঙালাও গুটি থাইৰয়ডৰ অন্যতম ঔষধ। এই বীজবোৰে থাইৰক্সিন হৰম’নৰ নিঃসৰণত সহায় কৰে। ইয়াৰ উপৰি এই বীজত ট্ৰিপট’ফেন নামৰ এমিনো এচিড থাকে, যিটো থাইৰয়ডৰ বিৰুদ্ধে যুঁজ দিয়াৰ অন্যতম আহিলা হ’ব পাৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক