--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ গভীৰ সম্পৰ্ক ইতিমধ্যে বিভিন্ন অধ্যয়নত প্ৰমাণিত হৈছে। কিন্তু শেহতীয়াকৈ কৰা এক অধ্যয়নত প্ৰকাশ পাইছে যে পুৰুষতকৈ মহিলাৰ বিষণ্ণতাৰ প্ৰৱণতা অধিক। ব্যক্তিগত জীৱনৰ উত্থান-পতন, সম্পৰ্কৰ জটিলতা, ঘৰ আৰু কাৰ্যালয় দুয়োটা চম্ভালিলে শাৰীৰিকভাৱে ক্লান্তিৰ সৃষ্টি হয়। সেই ক্লান্তিয়ে কেতিয়াবা মনটোক অধিক হতাশালৈ লৈ যায়। কিন্তু মহিলাৰ হতাশাৰ কাৰণ কেৱল ব্যক্তিগত জীৱনৰ অস্থিৰতাই নহয়। স্বাস্থ্যজনিত কাৰণেও হতাশাত ভোগা দেখা যায়।

 মহিলাৰ হতাশাৰ কাৰণ কি?

১. ঋতুঃ-মহিলাসকলৰ নিৰ্দিষ্ট বয়সৰ পাছত ঋতুস্ৰাৱ নিজে নিজে বন্ধ হৈ পৰে। যাৰ বাবে ৰজোনিবৃত্তিৰ লগে লগে নাৰীৰ শৰীৰত নিঃসৰণ হোৱা ভাল হৰম’নৰ যোগান বন্ধ হৈ যায়। প্ৰায় ২০ শতাংশ মহিলা ৰজোনিবৃত্তিৰ পাছত হতাশাগ্ৰস্ততাত ভোগে। এই সময়ত শৰীৰত ইষ্ট্ৰজেনৰ মাত্ৰা অতি কম। ফিল-গুড হৰম’ন নামেৰে জনাজাত চেৰ’টনিনৰ নিঃসৰণো বন্ধ হৈ যায়। ফলত শাৰীৰিক ক্লান্তিৰ উপৰি তেওঁ মানসিকভাৱেও দুৰ্বল হৈ পৰে। এই সময়ত মনৰ যত্ন ল’বলৈ চিকিৎসকে হৰম’ন ৰিপ্লেচমেণ্ট থেৰাপীৰ পৰামৰ্শ দিয়ে। যিয়ে শৰীৰত ইষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰন হৰম’নৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰে।

 ২. শীতকালীন বিষণ্ণতাঃ-বহুতে শীতকালীন বিষণ্ণতাক ‘শীতকালীন ব্লুজ’ বুলি জানে। সমীক্ষা অনুসৰি এই শীতকালত প্ৰতি ১০০গৰাকী মহিলাৰ ভিতৰত ছয়গৰাকীয়ে গভীৰ হতাশাত ডুব যায়। আৰু পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত ঋতুস্ৰাৱৰ বিষণ্ণতা বেছি। এই সমস্যা মূলতঃ শীতকালত সূৰ্যৰ পোহৰৰ অভাৱৰ বাবেই দেখা দিয়ে। গতিকে মনোবিজ্ঞানীসকলে সূৰ্যৰ পোহৰত অধিক সংস্পৰ্শলৈ অহাৰ পৰামৰ্শ দিয়ে। ভিটামিন-ডি শৰীৰত প্ৰৱেশ কৰে। বিষণ্ণতা বহু পৰিমাণে দূৰ কৰে।

 ৩. পৰ্যাপ্ত টোপনিৰ অভাৱঃ-শেহতীয়া কিছু গৱেষণাৰ মতে বিশ্বৰ প্ৰায় ৪০ শতাংশ মহিলা অনিদ্ৰা ৰোগত আক্ৰান্ত হয়। কাৰ্যালয়, কৰ্মৰ চাপ, ঘৰুৱা দায়িত্ব চম্ভালি মহিলাসকলে নিজৰ যত্ন খুব কম লয়। শৰীৰক অৱহেলা কৰাৰ এটা ডাঙৰ উদাহৰণ হ’ল অপৰ্যাপ্ত টোপনি। অধ্যয়নত দেখা গৈছে যে বেছিভাগ প্ৰাপ্তবয়স্কৰ হতাশাৰ অন্যতম মূল কাৰণ টোপনিৰ অভাৱ। এজন প্ৰাপ্তবয়স্ক ব্যক্তিক গোটেই দিনটো ৭-৮ ঘণ্টা টোপনিৰ প্ৰয়োজন।

 ৪. দীৰ্ঘদিনীয়া শাৰীৰিক সমস্যাঃ-বহু মহিলাই বাতবিষ, কলেষ্টেৰল, ডায়েবেটিছ আদি সমস্যাত ভুগি থাকে। মানসিক ক্লান্তিও এই শাৰীৰিক সমস্যাৰ পৰাই জন্ম হয়। খাদ্যই মনটোক সুস্থ কৰি ৰখাত সহায় কৰে। কিন্তু যেতিয়া এই ৰোগে ঠাই লয় তেতিয়া বহুতো প্ৰিয় বস্তু খোৱা বন্ধ হৈ যায়। ফলত মনৰ ওপৰতো প্ৰভাৱ পেলাই খিংখিঙীয়া স্বভাৱৰ হৈ পৰে। সেইবাবেই ডায়েবেটিছ বা কলেষ্টেৰলৰ মাত্ৰা সদায় নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
পুৱা খালী ভৰিৰে ঘাঁহত খোজ কাঢ়িলে আপুনি পাব শাৰীৰিক আৰু মানসিক লাভালাভ
অনলাইন লটাৰীৰ প্ৰলোভন! দেৰগাঁৱৰ এগৰাকী সচেতন ব্যক্তিৰ সজাগতাত ফাদিল প্ৰৱঞ্চনাৰ জাল
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২