ডিজিটেল ডেস্ক : আপোনাৰ সকলোৰে
ঘৰত প্ৰায়ে ৰহৰ দালি ব্যৱহাৰ কৰা হয়। এই দাইল অতি সোৱাদযুক্ত হোৱাৰ লগতে বহু উপকাৰো
পোৱা যায়। ইয়াত প্ৰটিনৰ পৰিমাণ অতি বেছি, যাৰ বাবে শৰীৰে শক্তি লাভ কৰে। কিন্তু এনে
লোকে ভুলতো এই দালি খাব নালাগে। এনে কৰিলে তেওঁলোকৰ শৰীৰে লাভতকৈ অধিক ক্ষতি বহন কৰিবলগীয়া
হয়।
* যিসকল লোকৰ প্ৰায়ে গেছ-এচিডিটিৰ সমস্যা থাকে, তেওঁলোকে ৰহৰ দাইল খাব নালাগে। এই দালি হজম হ’বলৈ বহু সময় লাগে, যাৰ বাবে পেটৰ বিষ আৰু বহু সময়ত বুকুত গেছ ওপৰলৈ উঠি যায়, যাৰ বাবে বুকুত জ্বলা-পোৰা আৰু বমিৰ অনুভৱ হ’ব পাৰে। সেয়েহে এনে লোকে এই ৰহৰ দালি খাব নালাগে।
* আনহাতে যিসকল লোক বৃক্কৰ ৰোগত আক্ৰান্ত, তেওঁলোকেও ৰহৰ দাইল খোৱাৰ পৰা বিৰত থাকিব লাগে। এই দালিত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে, যাৰ বাবে বৃক্কৰ ৰোগ আগৰ তুলনাত অধিক বৃদ্ধি হ’ব পাৰে। এনে লোকে খালে পেটত পাথৰ হোৱাৰ দৰে ৰোগ হ’ব পাৰে, য’ত প্ৰচণ্ড বিষ হ’ব পাৰে।
* উচ্চ ইউৰিক এচিড ৰোগত আক্ৰান্ত লোকেও ৰহৰ দাইল খাব নালাগে। এই দাইলত প্ৰ’টিনৰ পৰিমাণ বেছি হোৱাৰ বাবে শৰীৰত ইউৰিকৰ মাত্ৰা নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব পাৰে। এনে হ’লে হাত-ভৰিৰ তীব্ৰ বিষ আৰু গাঁঠিবোৰ ফুলাৰ সমস্যা হ’ব পাৰে।