--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ ক্ৰিকেটাৰ মহম্মদ ছামিৰ বিচ্ছিন্ন পত্নীয়ে উচ্চতম ন্যায়ালয়ত বিশেষ আবেদন দাখিল কৰি অভিযোগ কৰিছে যে বেগী বলাৰগৰাকীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ যোৱা ৪ বছৰ ধৰি ভুলকৈ স্থগিত ৰখা হৈছে৷ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে জ্যেষ্ঠ ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ সৈতে ভ্ৰমণৰ সময়তো গণিকাৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্ক অব্যাহত ৰাখিছে।

হাছিন জাহানে প্ৰথমে ২০১৮ চনত যাদৱপুৰত আৰক্ষীৰ অভিযোগত মহম্মদ ছামিৰ বিৰুদ্ধে ঘৰুৱা নিৰ্যাতন আৰু অবিশ্বাসৰ দাবী উত্থাপন কৰিছিল।ক্ৰিকেটাৰগৰাকীৰ বিচ্ছিন্ন পত্নীয়ে ছামিৰ বিৰুদ্ধে গোচৰটো ঠেলি দিছিল যদিও ফাষ্ট বলাৰগৰাকীয়ে সকলো অভিযোগ দৃঢ়তাৰে অস্বীকাৰ কৰিছিল।

২০১৮ চনত কলকাতা আৰক্ষীৰ মহিলা অভিযোগ কোষে ছামি আৰু তেওঁৰ জ্যেষ্ঠ ভাতৃ হাছিব আহমেদক জেৰা কৰিছিল, আৰু আলিপুৰ আদালতে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছিল। কিন্তু পিছত গ্ৰেপ্তাৰৰ পৰোৱানা স্থগিত ৰখা হয়। হাছিন জাহানে ছামিক মেচ ফিক্সিঙৰ সৈতে জড়িত বুলি দাবী কৰাৰ পিছতে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ দুৰ্নীতি নিবাৰক ইউনিটে নিৰ্দোষী ঘোষণা কৰে।


সৰ্বোচ্চ ন্যায়ালয়ত প্ৰদান কৰা আবেদনখনত কোৱা হৈছে যে ছামিয়ে বৰ্তমানেও গণিকাৰ সৈতে যৌন কাৰ্যকলাপ অব্যাহত ৰাখিছে।মহম্মদ ছামীয়ে সংবাদ মাধ্যমক জনাইছে যে যদি হাছিন জাহানৰ অভিযোগ আদালতত সত্য বুলি প্ৰমাণিত হয় তেন্তে তেওঁ ক্ষমা খুজিবলৈ সাজুু৷

ইয়াৰ পূৰ্বে ২০২৩ চনৰ জানুৱাৰী মাহত কলকাতাৰ আদালতে ছামিক তেওঁৰ বিচ্ছিন্ন পত্নী হাছিন জাহানক মাহিলী ৫০ হাজাৰ টকা জীৱিকাৰ ধন দিবলৈ নিৰ্দেশ দিছিল৷ছামিক যি জীৱিকাৰ ধন দিবলৈ নিৰ্দেশ দিয়া হৈছিল তাত জাহানে অসন্তুষ্ট হৈছিল, আৰু ভাৰতীয় পেচাৰজনৰ পৰা মাহে ১০ লাখ টকা বিচাৰিছিল। ২০১৮ চনত জাহানে মাহেকীয়া জীৱিকাৰ ১০ লাখ টকা বিচাৰি আইনী আবেদন দাখিল কৰিছিল, য’ত ব্যক্তিগত খৰচৰ বাবে ৭ লাখ টকা আৰু তেওঁলোকৰ কন্যাৰ ৰক্ষণাবেক্ষণৰ বাবে ৩ লাখ টকা আছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
NCERT-ৰ কিতাপত অপাৰেচন সিন্দুৰৰ বিশেষ পাঠ!
এতিয়াৰ পৰা UPI এপৰ জৰিয়তে চাব নোৱাৰিব একাউণ্টৰ জমা ধন
দিলীপ শইকীয়াসহ দেশৰ ১৭ বিশিষ্ট সাংসদক 'সংসদ ৰত্ন' বঁটা
বিশ্বৰ জনপ্ৰিয় গণতান্ত্রিক নেতাৰ শীৰ্ষ স্থানত নৰেন্দ্ৰ মোদী
চেণ্টকমৰ মুৰব্বীক সৰ্বোচ্চ ৰাজ্যিক সন্মান প্ৰদান পাকিস্তানৰ
১৪ ছেপ্টেম্বৰত ভাৰত-পাকিস্তানৰ মেচ
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্রাসবাদীক মুকলি সমর্থন পাকিস্তানৰ
২০ বছৰে ক’মাত থকাৰ পাছত অৱশেষত মৃত্যুক সাবটিলে 'স্লিপিং প্ৰিন্স' নামেৰে জনাজাত যুৱকজনে
আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ; মহা মৃত্যুঞ্জয় মন্দিৰত পুৱাৰে পৰা অগণন ভক্তৰ ভিৰ
মায়াৰ চৰ শাইলধাৰাত ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড খহনীয়া! নিদ্ৰাৰত অৱস্থাত জনপ্রতিনিধি
ভিটামিন Aৰ অভাৱত শৰীৰৰ হয় নানা সমস্যা! আপুনি জানেনে সতৰ্কবাণীসমূহ
ভাৰতীয় দলত অন্তৰ্ভুক্ত পেচাৰ অনছুল
পাকিস্তানে পুনৰ নিৰ্মাণ কৰিছে সন্ত্রাসবাদীৰ ঘাটি
লং জাম্প, ৭.৭৫ মিটাৰ জঁপিয়াই শ্ৰেষ্ঠ ভাৰতৰ মুৰলী শ্ৰীশংকৰ