--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ ক্ৰিকেটাৰ মহম্মদ ছামিৰ বিচ্ছিন্ন পত্নীয়ে উচ্চতম ন্যায়ালয়ত বিশেষ আবেদন দাখিল কৰি অভিযোগ কৰিছে যে বেগী বলাৰগৰাকীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ যোৱা ৪ বছৰ ধৰি ভুলকৈ স্থগিত ৰখা হৈছে৷ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে জ্যেষ্ঠ ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ সৈতে ভ্ৰমণৰ সময়তো গণিকাৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্ক অব্যাহত ৰাখিছে।

হাছিন জাহানে প্ৰথমে ২০১৮ চনত যাদৱপুৰত আৰক্ষীৰ অভিযোগত মহম্মদ ছামিৰ বিৰুদ্ধে ঘৰুৱা নিৰ্যাতন আৰু অবিশ্বাসৰ দাবী উত্থাপন কৰিছিল।ক্ৰিকেটাৰগৰাকীৰ বিচ্ছিন্ন পত্নীয়ে ছামিৰ বিৰুদ্ধে গোচৰটো ঠেলি দিছিল যদিও ফাষ্ট বলাৰগৰাকীয়ে সকলো অভিযোগ দৃঢ়তাৰে অস্বীকাৰ কৰিছিল।

২০১৮ চনত কলকাতা আৰক্ষীৰ মহিলা অভিযোগ কোষে ছামি আৰু তেওঁৰ জ্যেষ্ঠ ভাতৃ হাছিব আহমেদক জেৰা কৰিছিল, আৰু আলিপুৰ আদালতে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছিল। কিন্তু পিছত গ্ৰেপ্তাৰৰ পৰোৱানা স্থগিত ৰখা হয়। হাছিন জাহানে ছামিক মেচ ফিক্সিঙৰ সৈতে জড়িত বুলি দাবী কৰাৰ পিছতে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ দুৰ্নীতি নিবাৰক ইউনিটে নিৰ্দোষী ঘোষণা কৰে।


সৰ্বোচ্চ ন্যায়ালয়ত প্ৰদান কৰা আবেদনখনত কোৱা হৈছে যে ছামিয়ে বৰ্তমানেও গণিকাৰ সৈতে যৌন কাৰ্যকলাপ অব্যাহত ৰাখিছে।মহম্মদ ছামীয়ে সংবাদ মাধ্যমক জনাইছে যে যদি হাছিন জাহানৰ অভিযোগ আদালতত সত্য বুলি প্ৰমাণিত হয় তেন্তে তেওঁ ক্ষমা খুজিবলৈ সাজুু৷

ইয়াৰ পূৰ্বে ২০২৩ চনৰ জানুৱাৰী মাহত কলকাতাৰ আদালতে ছামিক তেওঁৰ বিচ্ছিন্ন পত্নী হাছিন জাহানক মাহিলী ৫০ হাজাৰ টকা জীৱিকাৰ ধন দিবলৈ নিৰ্দেশ দিছিল৷ছামিক যি জীৱিকাৰ ধন দিবলৈ নিৰ্দেশ দিয়া হৈছিল তাত জাহানে অসন্তুষ্ট হৈছিল, আৰু ভাৰতীয় পেচাৰজনৰ পৰা মাহে ১০ লাখ টকা বিচাৰিছিল। ২০১৮ চনত জাহানে মাহেকীয়া জীৱিকাৰ ১০ লাখ টকা বিচাৰি আইনী আবেদন দাখিল কৰিছিল, য’ত ব্যক্তিগত খৰচৰ বাবে ৭ লাখ টকা আৰু তেওঁলোকৰ কন্যাৰ ৰক্ষণাবেক্ষণৰ বাবে ৩ লাখ টকা আছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে