--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰিটিছৰ দিনৰে পৰাই দেশত চলি অহা দেশদ্ৰোহিতা আইনৰ কিছু নিয়ম  সলনি কৰিব বিচাৰিছে কেন্দ্ৰৰ মোদী চৰকাৰে৷  ব্ৰিটিছ যুগৰ ৰাজদ্ৰোহ আইনৰ সলনি ঘটাবলৈ উচ্চতম ন্যায়ালয়ে দিয়া  নিৰ্দেশৰ পিছতে কেন্দ্ৰই তেনে সিদ্ধান্ত লৈছে৷   কেন্দ্ৰই শেহতীয়াকৈ  উচ্চতম ন্যায়ালয়ক জনাইছে  যে তেওঁলোকে ঔপনিৱেশিক যুগৰ দেশদ্ৰোহ আইনৰ ব্যৱস্থা আৰু শাস্তিৰ ব্যৱস্থাসমূহ পৰ্যালোচনা কৰি আছে।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ জে পি পাৰ্ডিৱালাৰ বিচাৰপীঠে বিষয়টো সন্দৰ্ভত  শুনানি স্থগিত ৰাখিছে। ইয়াৰ পূৰ্বে  গোচৰটোত কেন্দ্ৰৰ হৈ হাজিৰ হোৱা এটৰ্নি জেনেৰেল আৰ ভেংকটৰমণীয়ে শীৰ্ষ আদালতখনক কৈছিল যে কেন্দ্ৰই দেশদ্ৰোহ আইনৰ বিভিন্ন বিধি পৰীক্ষা কৰা আৰম্ভ কৰিছে,  প্ৰক্ৰিয়াটো এতিয়া অন্তিম পৰ্যায়ত আছে। ''

ঔপনিৱেশিক যুগৰ ব্যৱস্থাসমূহত প্ৰয়োজনীয় পৰিৱৰ্তন কৰা হ'ব পাৰে বুলিও তেওঁ কৈছিল। ১৮৭০ চনতে ব্ৰিটিছ শাসনকালত দেশদ্ৰোহিতা আইন  কাৰ্যকৰী হৈছিল। সেই সময়ত ইয়াক ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে মাত মতাসকলৰ বিৰুদ্ধে  ব্যৱহাৰ কৰা হৈছিল৷ যিসকলে ব্ৰিটিছ  চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল তেওঁলোকৰ বিৰুদ্ধে এই আইনৰ অধীনত মোকৰ্দমা তৰা হৈছিল। যদি এজন ব্যক্তিৰ বিৰুদ্ধে ৰাজদ্ৰোহৰ গোচৰ ৰুজু কৰা হয়, তেন্তে তেওঁ চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিব নোৱাৰে। ৰাজদ্ৰোহ হৈছে এক জামিন অযোগ্য অপৰাধ। অপৰাধটোৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি তিনি বছৰৰ পৰা আজীৱন কাৰাদণ্ডৰ ব্যৱস্থা আছে। 

২০১৫ আৰু ২০২০ চনৰ ভিতৰত দেশদ্ৰোহৰ ধাৰাৰ অধীনত ৩৫৬  টা গোচৰ পঞ্জীয়ন কৰা হৈছিল আৰু  ৫৪৮ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ তেওঁলোক মাজৰে  মাত্ৰ ১২ জনকহে দোষী সাব্যস্ত কৰা হৈছিল। শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক আইনখন পুনৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছিল আৰু যেতিয়ালৈকে  আইনখন পুনৰীক্ষণ সম্পূৰ্ণ নহয় তেতিয়ালৈকে দেশদ্ৰোহ ধাৰাৰ অধীনত কোনো গোচৰ ৰুজু কৰিব নালাগে বুলিও কৈছিল৷ 







FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল