--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰিটিছৰ দিনৰে পৰাই দেশত চলি অহা দেশদ্ৰোহিতা আইনৰ কিছু নিয়ম  সলনি কৰিব বিচাৰিছে কেন্দ্ৰৰ মোদী চৰকাৰে৷  ব্ৰিটিছ যুগৰ ৰাজদ্ৰোহ আইনৰ সলনি ঘটাবলৈ উচ্চতম ন্যায়ালয়ে দিয়া  নিৰ্দেশৰ পিছতে কেন্দ্ৰই তেনে সিদ্ধান্ত লৈছে৷   কেন্দ্ৰই শেহতীয়াকৈ  উচ্চতম ন্যায়ালয়ক জনাইছে  যে তেওঁলোকে ঔপনিৱেশিক যুগৰ দেশদ্ৰোহ আইনৰ ব্যৱস্থা আৰু শাস্তিৰ ব্যৱস্থাসমূহ পৰ্যালোচনা কৰি আছে।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ জে পি পাৰ্ডিৱালাৰ বিচাৰপীঠে বিষয়টো সন্দৰ্ভত  শুনানি স্থগিত ৰাখিছে। ইয়াৰ পূৰ্বে  গোচৰটোত কেন্দ্ৰৰ হৈ হাজিৰ হোৱা এটৰ্নি জেনেৰেল আৰ ভেংকটৰমণীয়ে শীৰ্ষ আদালতখনক কৈছিল যে কেন্দ্ৰই দেশদ্ৰোহ আইনৰ বিভিন্ন বিধি পৰীক্ষা কৰা আৰম্ভ কৰিছে,  প্ৰক্ৰিয়াটো এতিয়া অন্তিম পৰ্যায়ত আছে। ''

ঔপনিৱেশিক যুগৰ ব্যৱস্থাসমূহত প্ৰয়োজনীয় পৰিৱৰ্তন কৰা হ'ব পাৰে বুলিও তেওঁ কৈছিল। ১৮৭০ চনতে ব্ৰিটিছ শাসনকালত দেশদ্ৰোহিতা আইন  কাৰ্যকৰী হৈছিল। সেই সময়ত ইয়াক ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে মাত মতাসকলৰ বিৰুদ্ধে  ব্যৱহাৰ কৰা হৈছিল৷ যিসকলে ব্ৰিটিছ  চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল তেওঁলোকৰ বিৰুদ্ধে এই আইনৰ অধীনত মোকৰ্দমা তৰা হৈছিল। যদি এজন ব্যক্তিৰ বিৰুদ্ধে ৰাজদ্ৰোহৰ গোচৰ ৰুজু কৰা হয়, তেন্তে তেওঁ চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিব নোৱাৰে। ৰাজদ্ৰোহ হৈছে এক জামিন অযোগ্য অপৰাধ। অপৰাধটোৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি তিনি বছৰৰ পৰা আজীৱন কাৰাদণ্ডৰ ব্যৱস্থা আছে। 

২০১৫ আৰু ২০২০ চনৰ ভিতৰত দেশদ্ৰোহৰ ধাৰাৰ অধীনত ৩৫৬  টা গোচৰ পঞ্জীয়ন কৰা হৈছিল আৰু  ৫৪৮ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ তেওঁলোক মাজৰে  মাত্ৰ ১২ জনকহে দোষী সাব্যস্ত কৰা হৈছিল। শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক আইনখন পুনৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছিল আৰু যেতিয়ালৈকে  আইনখন পুনৰীক্ষণ সম্পূৰ্ণ নহয় তেতিয়ালৈকে দেশদ্ৰোহ ধাৰাৰ অধীনত কোনো গোচৰ ৰুজু কৰিব নালাগে বুলিও কৈছিল৷ 







FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে