--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০০০ চনত ‘কাহো না প্যাৰ হায়’ ছবিৰ জৰিয়তে ডাঙৰ পৰ্দাত অভিষেক। প্ৰথমখন ছবিয়েই ছুপাৰহিট। দ্বিতীয়খন ছবিও ব্লকবাষ্টাৰ। তেওঁ হৈছে আমিশা পেটেল। হৃতিক ৰোশনৰ বিপৰীতে ‘কহো না প্যাৰ হে’য়ে আমিশাক আকাশলংঘী সফলতা প্ৰদান কৰিছিল।

ইয়াৰ পিছত আমিষাই ‘বদ্ৰী’ নামৰ এখন নামনি ছবিত অভিনয় কৰিছিল। বক্স অফিচতো সফলতা লাভ কৰিছিল। ধাৰাবাহিক সফলতা লাভ কৰাৰ বাবে আমিশাই উদ্যোগটোত স্থান লাভ কৰাত কোনো সমস্যা নাছিল। অমিষাৰ তৃতীয়খন ছবি ‘গদৰ এক প্ৰেম কথা’ই প্ৰথম দুখন ছবিৰ সফলতাক অতিক্ৰম কৰিছিল৷

হিন্দী চিনেমাত ধুমকেতুৰ দৰে আবিৰ্ভাৱ হৈছিল আমিষা। কিন্তু অভিনেত্ৰীগৰাকীৰ যিমান দ্ৰুতগতিত সফলতা আহিল, বিফলতাও সিমান সোনকালে আহিল। ‘আপ মুঝে আচ্ছে লগানে লাগে’, ‘ক্ৰান্তি’, ‘কয়া এই প্যাৰ হায়’, ‘য়ে হায় জলৱা’, ‘পাৰৱানা’ ইত্যাদিকে ধৰি আমিছাৰ কেইবাখনো চিনেমা ফ্লপ হয়৷

সেই সময়তে পৰিচালক বিক্ৰম ভটৰ সৈতে আমিষাৰ প্ৰেমৰ সম্পৰ্কে বহু চৰ্চাৰ সৃষ্টি কৰিছিল। যদিও আমিষাই নিজেই একো স্বীকাৰ কৰা নাছিল। শুনা যায় যে ‘আপ মুঝে আচ্ছে লগানে লগা’ ছবিত অভিনয়ৰ বাবেই বিক্ৰমক আমিষাই লগ পাইছিল। লাহে লাহে ইয়াৰ পৰা প্ৰেম। অৱশ্যে পিছত আমিষাই বিক্ৰমক ধন চুৰি কৰাৰ অভিযোগ উত্থাপন কৰে। এই সকলোবোৰ কথাকে লৈ যথেষ্ট বিভ্ৰান্তিৰ সৃষ্টি হৈচিল৷ পাঁচ বছৰৰ ভিতৰতে দুয়োৰে সম্পৰ্ক ভাঙি গ’ল।

সেই ঘটনাৰ ইমান বছৰৰ পাছত এইবাৰ অভিনেত্ৰীগৰাকীয়ে নিজৰ প্ৰেম জীৱনৰ বিষয়ে মুকলিকৈ ক’লে। তেওঁৰ ছবি ‘গদৰ’ৰ দ্বিতীয় খণ্ড অতি সোনকালে মুক্তি পাব। সেই বিষয়ে আশাবাদী অভিনেত্ৰীগৰাকী। কেৰিয়াৰৰ এটা দীঘলীয়া পৰ্যায়ত তেওঁ সফলতা দেখা নাপালে। তাৰ বাবে তেওঁ পোনপটীয়াকৈ বিক্ৰমৰ সৈতে তেওঁৰ সম্পৰ্কৰ খণ্ডটোক দোষাৰোপ কৰিছিল।

আমিষাই কয়- ‘‘মোৰ জীৱনত দুটা সম্পৰ্ক আছিল। দুয়োটাই মোৰ কেৰিয়াৰৰ ক্ষতি কৰিছে। মোৰ জীৱনটো ১২-১৩ বছৰ ধৰি পুৰুষ বিবৰ্জিত হৈ আহিছে। মই শান্তি বিচাৰো৷ মই ইয়াতকৈ বেছি একো নিবিচাৰো।''

ইয়াৰ উপৰিও আমিষাই কয়- ‘‘কোনো ছুপাৰষ্টাৰ বা ইণ্ডাষ্ট্ৰীৰ কোনো ডাঙৰ তাৰকাৰ সৈতে সম্পৰ্ক থাকিলেহে সুবিধা পোৱা যায়। অন্যথা গ্ৰহণযোগ্যতাৰ প্ৰশ্ন উত্থাপন হয়।’’

১১ আগষ্টত মুক্তি পাব গাদাৰ ২। এতিয়া অভিনেত্ৰীগৰাকীয়ে এই ছবিখনৰ মুক্তিৰ বাবে অপেক্ষা কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক