--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ লছ এঞ্জেলছত এক দুৰ্ঘটনাৰ সন্মুখীন হৈছে বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান। তেওঁ ছবিখনৰ চেটত এটা দৃশ্য কৰি আছিল, সেই সময়তে ঘটনাটো সংঘটিত হৈছিল। এই দুৰ্ঘটনাত শ্বাহৰুখ খানে নাকত আঘাত পাইছিল। খৰখেদাকৈ অভিনেতাগৰাকীক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত তেওঁৰ সামান্য অস্ত্ৰোপচাৰ কৰা হয়। এতিয়া শ্বাহৰুখৰ স্বাস্থ্য ভাল বুলি কোৱা হৈছে আৰু তেওঁ পুনৰ মুম্বাইলৈ উভতি আহিছে।

শ্বুটিঙৰ সময়ত শ্বাহৰুখ খানে নাকত আঘাত পোৱাৰ ফলত তেজ ওলাবলৈ আৰম্ভ কৰে। চিকিৎসকে অস্ত্ৰোপচাৰ কৰি ৰক্তক্ষৰণ বন্ধ কৰিব লগা হৈছিল। ‘টাইমছ অৱ ইণ্ডিয়া’ত প্ৰকাশিত এক বাতৰি অনুসৰি শ্বাহৰুখ এটা প্ৰজেক্টৰ শ্বুটিংৰ বাবে লছ এঞ্জেলছত আছিল, তাতে এই ঘটনা সংঘটিত হয়। অভিনেতাজনৰ অস্ত্ৰোপচাৰ কৰা হৈছিল আৰু এতিয়া তেওঁৰ নাকত বেণ্ডেজ লগোৱা হৈছে। চিকিৎসকসকলে তেওঁৰ দলটোক কয় যে চিন্তাৰ কোনো কাৰণ নাই আৰু সেয়া সামান্য আঘাত।

শ্বাহৰুখ এতিয়া ভাৰতলৈ ঘূৰি আহিছে আৰু নিজৰ ঘৰ মন্নতত জিৰণি লৈছে। বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানে একেলগে কেইবাখনো ছবিৰ কাম কৰি আছে, আৰু অভিনেতাগৰাকীয়ে কামৰ বাবে বহু ঠাইলৈ যাবলৈ আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান