--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ লছ এঞ্জেলছত এক দুৰ্ঘটনাৰ সন্মুখীন হৈছে বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান। তেওঁ ছবিখনৰ চেটত এটা দৃশ্য কৰি আছিল, সেই সময়তে ঘটনাটো সংঘটিত হৈছিল। এই দুৰ্ঘটনাত শ্বাহৰুখ খানে নাকত আঘাত পাইছিল। খৰখেদাকৈ অভিনেতাগৰাকীক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত তেওঁৰ সামান্য অস্ত্ৰোপচাৰ কৰা হয়। এতিয়া শ্বাহৰুখৰ স্বাস্থ্য ভাল বুলি কোৱা হৈছে আৰু তেওঁ পুনৰ মুম্বাইলৈ উভতি আহিছে।

শ্বুটিঙৰ সময়ত শ্বাহৰুখ খানে নাকত আঘাত পোৱাৰ ফলত তেজ ওলাবলৈ আৰম্ভ কৰে। চিকিৎসকে অস্ত্ৰোপচাৰ কৰি ৰক্তক্ষৰণ বন্ধ কৰিব লগা হৈছিল। ‘টাইমছ অৱ ইণ্ডিয়া’ত প্ৰকাশিত এক বাতৰি অনুসৰি শ্বাহৰুখ এটা প্ৰজেক্টৰ শ্বুটিংৰ বাবে লছ এঞ্জেলছত আছিল, তাতে এই ঘটনা সংঘটিত হয়। অভিনেতাজনৰ অস্ত্ৰোপচাৰ কৰা হৈছিল আৰু এতিয়া তেওঁৰ নাকত বেণ্ডেজ লগোৱা হৈছে। চিকিৎসকসকলে তেওঁৰ দলটোক কয় যে চিন্তাৰ কোনো কাৰণ নাই আৰু সেয়া সামান্য আঘাত।

শ্বাহৰুখ এতিয়া ভাৰতলৈ ঘূৰি আহিছে আৰু নিজৰ ঘৰ মন্নতত জিৰণি লৈছে। বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানে একেলগে কেইবাখনো ছবিৰ কাম কৰি আছে, আৰু অভিনেতাগৰাকীয়ে কামৰ বাবে বহু ঠাইলৈ যাবলৈ আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক