--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ''মই জয়ললিতাৰ জীয়ৰী''। এই এশাৰী বাক্যৰে তামিলনাডুৰ ৰাজনৈতিক মহলত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে এগৰাকী মহিলাই। এটা কথা সকলোৰে জ্ঞাত যে জয়াললিতা আছিল অবিবাহিতা। তেনেস্থলত কেনেদৰে এগৰাকী মহিলাই নিজকে জয়াললিতাৰ কন্যা বুলি দাবী কৰিব পাৰে তাকে লৈ তামিলনাডুত হৈছে ব্যাপক চৰ্চা। প্ৰেমা নামৰ মহিলাগৰাকীয়ে আনকি কৈছে যে তেওঁ যে জয়াললিতাৰ কন্যা সেয়া প্ৰমাণ কৰিবলৈ সকলোখিনি তথ্য তেওঁৰ হাতত মজুত আছে। প্ৰয়োজন হ'লে এই সকলোখিনি প্ৰমাণ পোহৰলৈ অনা হ'ব বুলিও জনায় প্ৰেমাই।

প্ৰেমাৰ প্ৰকৃত ঘৰ কৰ্ণাটকৰ মহীশূৰত কিন্তু তেওঁ ৩০ বছৰ ধৰি চেন্নাইৰ পল্লৱৰামত বাস কৰি আছে। প্ৰেমাই শনিবাৰে মেৰিনাৰ জয়াললিতাৰ সমাধিস্থলীত উপস্থিত হৈ জয়াললিতাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছতেই তেওঁ সাংবাদিকৰ সন্মুখত দাবী কৰে যে, তেওঁ প্ৰয়াত জয়াললিতাৰ নিজ কন্যা। তেওঁৰ জন্ম মহীশূৰত হৈছিল কিন্তু ৩০ বছৰ ধৰি তেওঁ চেন্নাইতে আছে। সময় আহিলে নিজকে জয়াললিতাৰ কন্যা বুলি প্ৰমাণো দিব বুলিও কয় প্ৰেমাই। জয়াললিতাই প্ৰেমাক 'বেবী' বুলি মাতিছিল বুলিও তেওঁ কয়।

জয়াললিতা এপ'ল' হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাত হাস্পতালৰ পিছফালৰ দুৱাৰেৰে প্ৰৱেশ কৰি জয়াললিতাক দেখা কৰি গৈছিল বুলিও তেওঁ দাবী কৰে। প্ৰেমাই লগতে কয় যে তেওঁক তুলি তালি ডাঙৰ দীঘল কৰা পিতৃ-মাতৃৰ মৃত্যু হৈছে। অহা ৪-৫ দিনৰ ভিতৰত তেওঁ শশীকলাক সাক্ষাৎ কৰিব বুলিও জনায়। শশীকলাক লগ কৰিবলৈ এপইণ্টমেণ্ট পোৱাৰ লগতে অতি সোনকালে তেওঁক লগ কৰা হ'ব বুলি জানিবলৈ দিয়ে প্ৰেমাই। মহিলাগৰাকীৰ কথা শুনি সাংবাদিকে প্ৰশ্ন কৰে যে তেওঁ ইমানদিনে কিয় নীৰৱে আছিল, এতিয়াহে কিয় সাৰ পালে? সেই প্ৰশ্নৰ উত্তৰ দি প্ৰেমাই কয় ইমান দিনে নীৰৱ হৈ থকাৰ কিছুমান কাৰণ আছে। নীৰৱ হৈ থাকি তেওঁ তীব্ৰ মানসিক অশান্তিত ভুগি আছে বুলিও কয়। আইনগতভাৱে জয়ললিতাৰ জীয়ৰী বুলি প্ৰমাণ কৰিবলৈ তেওঁ ইমানদিনে কষ্ট কৰি থকা বুলি সাংবাদিকক জনায় প্ৰেমাই। তামিলনাডুৰ প্ৰয়াত মুখ্যমন্ত্ৰী অবিবাহিতা জয়াললিতা আছিল তামিলনাডুবাসীৰ বাবে মৰমৰ 'আম্মা'। সকলোৱে জয়াললিতাক আম্মা বুলি সম্বোধন কৰিছিল। অবিবাহিতা জয়াললিতাৰ কন্যা বুলি দাবী কৰা প্ৰেমাৰ এই মন্তব্যই কঁপাইছে এতিয়া সমগ্ৰ তামিলনাডুক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক