--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ''মই জয়ললিতাৰ জীয়ৰী''। এই এশাৰী বাক্যৰে তামিলনাডুৰ ৰাজনৈতিক মহলত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে এগৰাকী মহিলাই। এটা কথা সকলোৰে জ্ঞাত যে জয়াললিতা আছিল অবিবাহিতা। তেনেস্থলত কেনেদৰে এগৰাকী মহিলাই নিজকে জয়াললিতাৰ কন্যা বুলি দাবী কৰিব পাৰে তাকে লৈ তামিলনাডুত হৈছে ব্যাপক চৰ্চা। প্ৰেমা নামৰ মহিলাগৰাকীয়ে আনকি কৈছে যে তেওঁ যে জয়াললিতাৰ কন্যা সেয়া প্ৰমাণ কৰিবলৈ সকলোখিনি তথ্য তেওঁৰ হাতত মজুত আছে। প্ৰয়োজন হ'লে এই সকলোখিনি প্ৰমাণ পোহৰলৈ অনা হ'ব বুলিও জনায় প্ৰেমাই।

প্ৰেমাৰ প্ৰকৃত ঘৰ কৰ্ণাটকৰ মহীশূৰত কিন্তু তেওঁ ৩০ বছৰ ধৰি চেন্নাইৰ পল্লৱৰামত বাস কৰি আছে। প্ৰেমাই শনিবাৰে মেৰিনাৰ জয়াললিতাৰ সমাধিস্থলীত উপস্থিত হৈ জয়াললিতাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছতেই তেওঁ সাংবাদিকৰ সন্মুখত দাবী কৰে যে, তেওঁ প্ৰয়াত জয়াললিতাৰ নিজ কন্যা। তেওঁৰ জন্ম মহীশূৰত হৈছিল কিন্তু ৩০ বছৰ ধৰি তেওঁ চেন্নাইতে আছে। সময় আহিলে নিজকে জয়াললিতাৰ কন্যা বুলি প্ৰমাণো দিব বুলিও কয় প্ৰেমাই। জয়াললিতাই প্ৰেমাক 'বেবী' বুলি মাতিছিল বুলিও তেওঁ কয়।

জয়াললিতা এপ'ল' হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাত হাস্পতালৰ পিছফালৰ দুৱাৰেৰে প্ৰৱেশ কৰি জয়াললিতাক দেখা কৰি গৈছিল বুলিও তেওঁ দাবী কৰে। প্ৰেমাই লগতে কয় যে তেওঁক তুলি তালি ডাঙৰ দীঘল কৰা পিতৃ-মাতৃৰ মৃত্যু হৈছে। অহা ৪-৫ দিনৰ ভিতৰত তেওঁ শশীকলাক সাক্ষাৎ কৰিব বুলিও জনায়। শশীকলাক লগ কৰিবলৈ এপইণ্টমেণ্ট পোৱাৰ লগতে অতি সোনকালে তেওঁক লগ কৰা হ'ব বুলি জানিবলৈ দিয়ে প্ৰেমাই। মহিলাগৰাকীৰ কথা শুনি সাংবাদিকে প্ৰশ্ন কৰে যে তেওঁ ইমানদিনে কিয় নীৰৱে আছিল, এতিয়াহে কিয় সাৰ পালে? সেই প্ৰশ্নৰ উত্তৰ দি প্ৰেমাই কয় ইমান দিনে নীৰৱ হৈ থকাৰ কিছুমান কাৰণ আছে। নীৰৱ হৈ থাকি তেওঁ তীব্ৰ মানসিক অশান্তিত ভুগি আছে বুলিও কয়। আইনগতভাৱে জয়ললিতাৰ জীয়ৰী বুলি প্ৰমাণ কৰিবলৈ তেওঁ ইমানদিনে কষ্ট কৰি থকা বুলি সাংবাদিকক জনায় প্ৰেমাই। তামিলনাডুৰ প্ৰয়াত মুখ্যমন্ত্ৰী অবিবাহিতা জয়াললিতা আছিল তামিলনাডুবাসীৰ বাবে মৰমৰ 'আম্মা'। সকলোৱে জয়াললিতাক আম্মা বুলি সম্বোধন কৰিছিল। অবিবাহিতা জয়াললিতাৰ কন্যা বুলি দাবী কৰা প্ৰেমাৰ এই মন্তব্যই কঁপাইছে এতিয়া সমগ্ৰ তামিলনাডুক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক