--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ক্ৰিকেট মানেই ৰোমাঞ্চকৰ খেল, তাতে যদি ভাৰত- পাকিস্তানৰ খেল হয় তেতিয়াটো কথাই নাই। ক্ৰিকেট ভাল নোপাৱা লোকেও সেইদিনা টিভিৰ সন্মুখত বহি লয় কাৰণ দুই চিৰবৈৰী দেশৰ মাজত হোৱা এয়া কেৱল ক্ৰিকেট নহয়..এয়া সন্মানৰ যুঁজ।বৰ্তমান চলি আছে টি-২০ বিশ্বকাপ।‌‌ ২৪ অক্টোবৰত ভাৰত-পাকিস্তানৰ মাজত হোৱা খেলত পাকিস্তানৰ হাতত পৰাজয় হৈছিল ভাৰতীয় ক্ৰিকেট দল। এইখিনিতে এটা বাতৰি শেহতীয়াকৈ পোহৰলৈ আহিছে। বাতৰি অনুসৰি পাকিস্তানৰ বিজয়ত আনন্দ কৰা বাবে পত্নীসহ শহুৰৰ পৰিয়ালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে এজন লোকে। এই ঘটনা উত্তৰ প্ৰদেশৰ ৰামপুৰৰ।

ঈশান মিঞা নামৰ লোকজনে অভিযোগ কৰা অনুসৰি তেওঁ দিল্লীৰ এটা কাৰখানাত বন্ধুবৰ্গৰ সৈতে ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা ক্ৰিকেট খেল চাই আছিল। ভাৰতে মেচখন হৰাৰ পাছত তেওঁৰ পত্নী ৰাবিয়াই 'পাকিস্তান জিন্দাবাদ' লিখা ষ্টেটাছ লগোৱাৰ লগতে ভাৰতীয় ক্ৰিকেটাৰসকলৰ বিষয়ে এটা অৱমাননামূলক পোষ্ট দিছিল। লগতে মোৰ পত্নীৰ পৰিয়ালে পাকিস্তান বিজয়ী হোৱাত ফটকা ফুটাই আনন্দও কৰিছিল। মোৰ পত্নীয়ে পাকিস্তানৰ বিজয় উদযাপন কৰিছিল আৰু ভাৰতক অপমান কৰিছিল। ইয়াৰ বাবে কাৰখানাৰ মানুহে মোৰ ফালে সন্দেহজনকভাবে চাবলৈ আৰম্ভ কৰিছিল আৰু ভাবিছিল যে ময়ো পত্নীৰ দৰে একে অনুভৱ কৰিছোঁ।

মই বৰ অপমানিত অনুভৱ কৰিছিলোঁ আৰু বিষয়টো আৰক্ষীক জনাইছিলোঁ। মই মোৰ পত্নী আৰু শহুৰৰ পৰিয়ালৰ বিৰুদ্ধে ৰামপুৰ জিলাৰ গঞ্জ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা কৰিছো। যিখন দেশৰ হাৱা-পানী খাই আছে সেইখন দেশৰ লগত শত্ৰুতা কৰিলে কেনেকৈ হ'ব, সেয়েহে মই আৰক্ষীৰ কাষ চপাটো উচিত বুলি ভাবিলো। উল্লেখ্য যে ঈশান মিঞাৰ এজাহাৰৰ ভিত্তিত পত্নী আৰু পত্নীৰ পৰিয়ালৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৫৩-এ ধাৰা আৰু তথ্য প্ৰযুক্তি (সংশোধনী) আইন, ২০০৮ৰ ধাৰা ৬৭ ৰ অধীনত এক গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক