--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ক্ৰিকেট মানেই ৰোমাঞ্চকৰ খেল, তাতে যদি ভাৰত- পাকিস্তানৰ খেল হয় তেতিয়াটো কথাই নাই। ক্ৰিকেট ভাল নোপাৱা লোকেও সেইদিনা টিভিৰ সন্মুখত বহি লয় কাৰণ দুই চিৰবৈৰী দেশৰ মাজত হোৱা এয়া কেৱল ক্ৰিকেট নহয়..এয়া সন্মানৰ যুঁজ।বৰ্তমান চলি আছে টি-২০ বিশ্বকাপ।‌‌ ২৪ অক্টোবৰত ভাৰত-পাকিস্তানৰ মাজত হোৱা খেলত পাকিস্তানৰ হাতত পৰাজয় হৈছিল ভাৰতীয় ক্ৰিকেট দল। এইখিনিতে এটা বাতৰি শেহতীয়াকৈ পোহৰলৈ আহিছে। বাতৰি অনুসৰি পাকিস্তানৰ বিজয়ত আনন্দ কৰা বাবে পত্নীসহ শহুৰৰ পৰিয়ালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে এজন লোকে। এই ঘটনা উত্তৰ প্ৰদেশৰ ৰামপুৰৰ।

ঈশান মিঞা নামৰ লোকজনে অভিযোগ কৰা অনুসৰি তেওঁ দিল্লীৰ এটা কাৰখানাত বন্ধুবৰ্গৰ সৈতে ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা ক্ৰিকেট খেল চাই আছিল। ভাৰতে মেচখন হৰাৰ পাছত তেওঁৰ পত্নী ৰাবিয়াই 'পাকিস্তান জিন্দাবাদ' লিখা ষ্টেটাছ লগোৱাৰ লগতে ভাৰতীয় ক্ৰিকেটাৰসকলৰ বিষয়ে এটা অৱমাননামূলক পোষ্ট দিছিল। লগতে মোৰ পত্নীৰ পৰিয়ালে পাকিস্তান বিজয়ী হোৱাত ফটকা ফুটাই আনন্দও কৰিছিল। মোৰ পত্নীয়ে পাকিস্তানৰ বিজয় উদযাপন কৰিছিল আৰু ভাৰতক অপমান কৰিছিল। ইয়াৰ বাবে কাৰখানাৰ মানুহে মোৰ ফালে সন্দেহজনকভাবে চাবলৈ আৰম্ভ কৰিছিল আৰু ভাবিছিল যে ময়ো পত্নীৰ দৰে একে অনুভৱ কৰিছোঁ।

মই বৰ অপমানিত অনুভৱ কৰিছিলোঁ আৰু বিষয়টো আৰক্ষীক জনাইছিলোঁ। মই মোৰ পত্নী আৰু শহুৰৰ পৰিয়ালৰ বিৰুদ্ধে ৰামপুৰ জিলাৰ গঞ্জ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা কৰিছো। যিখন দেশৰ হাৱা-পানী খাই আছে সেইখন দেশৰ লগত শত্ৰুতা কৰিলে কেনেকৈ হ'ব, সেয়েহে মই আৰক্ষীৰ কাষ চপাটো উচিত বুলি ভাবিলো। উল্লেখ্য যে ঈশান মিঞাৰ এজাহাৰৰ ভিত্তিত পত্নী আৰু পত্নীৰ পৰিয়ালৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৫৩-এ ধাৰা আৰু তথ্য প্ৰযুক্তি (সংশোধনী) আইন, ২০০৮ৰ ধাৰা ৬৭ ৰ অধীনত এক গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ